ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমুহত শেহতীয়াকৈ সামাজিক গণমাধ্যমসমুহ এক শক্তিশালী মাধ্যমলৈ পৰিগণিত হৈছে৷  এই মাধ্যমসমুহৰ জৰিয়তে নাৰী,পুৰুষ উভয়ে বিভিন্ন ইছ্যুৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰে৷ শেহতীয়াকৈ ৰাজ্যত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা কৰি ফেচবুকৰ জৰিয়তে বহু লোকে মতামত প্ৰকাশ কৰিছিল, আৰু পৰৱৰ্তীকালত এই মতামতসমূহ ব্যাপক জনমত গঠন কৰাত সহায়ক হৈছিল৷ তদুপৰি ইয়াৰ বহু বছৰ পূৰ্বে ২০১০চনত আন্না হাজাৰেৰ দ্বাৰা পৰিচালিত দুৰ্নীতি ৰোধ আন্দোলন সমগ্ৰ দেশজুৰি বিয়পোৱাত ফেচবুকে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ ইমানবোৰৰ পিছতো এটা কথাই সদায় মনত খুন্দিয়াই থাকে, সামাজিক গণ মাধ্যমসমূহত কিমান দূৰলৈ সুৰক্ষিত নাৰী? শেহতীয়াকৈ পুলৱামা ঘটনাৰ পিছতে ৰাজ্যত অধ্যাপিকা এগৰাকীয়ে উক্ত ঘটনাক লৈ ফেচবুকত দিয়া ষ্টেটাছ ক ভিত্তি কৰি বহুজনে আগবঢ়োৱা প্ৰতিক্ৰিয়াসমুহে  ছ’চিয়েল মিডিয়াত যে পুনৰ নাৰী অসুৰক্ষিত সেই কথা উদঙাই দিলে৷ কেৱল কিছু লোকৰ মতৰ বিৰুদ্ধে ষ্টেটাচ দিয়াৰ বাবে মহিলাগৰাকীৰ বিৰুদ্ধেই দিয়া হ’ল কেতবোৰ অশ্ৰাৱ্য-অশালীন মন্তব্য৷ তেনে মন্তব্য কোনো সুস্থ চিন্তাধাৰী লোকে ভাবিব বা ক’ব নোৱাৰে৷

আনহাতে দুদিন পূৰ্বে ৰাজ্যৰ এজন আগশাৰীৰ নেতাৰ সৈতে এখন সাধৰণ ছবি ফেচবুকত আপলোড কৰিছিল এগৰাকী যুৱতীয়ে৷ কিন্তু এইবাৰো উক্ত নেতাগৰাকীৰ সৈতে যুৱতীগৰাকীক সাঙুৰি কেতবোৰ অশ্লীল মন্তব্য আগবঢ়ালে বহু লোকে৷  ইমানতেই ক্ষান্ত নাথাকি এচাম বিকৃত মানসিকতাৰ লোকে নিজৰ ৰাজনৈতিক উদ্দেশ্যৰ বাবে যুৱতীগৰাকীৰ বিকিনী পৰিহিত ফটো আপলোড কৰে৷ ক’বলৈ গ’লে সাগৰৰ পাৰলৈ গ’লে বিকিনি পিন্ধাটো তেনেই সাধাৰণ কথা৷ কিন্তু আমাৰ এচাম নীচ মানসিকতাৰ লোকে হয়তো সেইখিনিও নুবুজে৷

এই প্ৰসংগত শিৱসাগৰৰ সূবৰ্ণ শৰ্মাই মত প্ৰকাশ কৰি কয় যে – ‘এনে ঘটনাই আচলতে মন্তব্য দিওঁতা একোজন লোকৰ চিন্তাৰ দৈন্যকহে সূচায়। এনেকুৱা মন্তব্য কোনো সুশিক্ষিত লোকে কৰিব নোৱাৰে। নাৰী বুলিলেই পৰজীৱি ধৰণৰ যি মানসিকতা আমাৰ সমাজত বৰ্তমান, তেনে মানসিকতাৰে ফচল এনেকুৱা মন্তব্য। এগৰাকী নাৰীয়ে স্পষ্টভাৱে নিজৰ মতামত ৰাইজক জনাব, এই কথাটো হজম কৰিব পৰাৰ পৰিৱেশ এতিয়াও আমাৰ সমাজত গঢ় লৈ উঠা নাই। সেয়া লাগিলে উচ্চ শিক্ষিতই হওক বা অশিক্ষিতই হওক।’

নাৰীয়ে প্ৰশ্ন কৰিব পাৰে, সমানে কাম কৰিব পাৰে, নিজৰ বাবে নিজে উপাৰ্জন কৰিব পাৰে, নিজাকৈ সিদ্ধান্ত ল’ব পাৰে – এই কথাবোৰ মানি ল’ব পৰা হ’বলৈ আমাৰ এতিয়াও বহু যুগ।

এনে ঘটনা অহৰহ হৈ আছ৷ ফেচবুক,হোৱাটছএপৰ বিভিন্ন গোটত অহৰহ নাৰীৰ ওপৰত আক্ৰমণ চলে৷ এনে এচাম তথাকথিত আধুনিক লোকে একবিংশ শতিকাতো কাপোৰৰে নাৰীক জোখে৷ নাৰীক ছ’চিয়েল মিডিয়াত আক্ৰমণ কৰিবলৈ তেওঁলোকে ব্যৱহাৰ কৰে নাৰীৰ যৌনতা, কাৰণ তেওঁলোকৰ মগজুৱে নাৰীৰ যৌনতাতকৈ ওপৰত ঢুকি নাপায়৷ তেওঁলোকে সমজুৱাকৈ বিপক্ষৰ মাতৃক ধৰি অশ্লীল মন্তব্য আগবঢ়ায়৷ সমজুৱাকৈ নাৰীক ধৰ্ষণ কৰিম বুলি ক’ব পাৰে৷ আহ,এয়াই একবিংশ শতিকাৰ আধুনিক লোক! যিসকলে হাতত স্মাৰ্টফোন লৈ ছ’চিয়েল মিডিয়াত নাৰীৰ ব্যক্তিগত কথা, অংগ বা সম্পৰ্কলৈ মুখৰ খজুৱতি মাৰে আৰু নাৰীক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিব বিচাৰে৷  চেলিব্ৰেটি মহিলাই হওক বা সাধাৰণ,  সোঁতৰ বিপৰীতে গৈ মত প্ৰকাশ কৰিলেই তেওঁক লৈ মৰ্য্যদা হানিকৰ মন্তব্য কৰাটো একপ্ৰকাৰ নিয়মত পৰিণত হৈছে। অন্যহাতে, মহিলা বিষয়ক যিকোনো লেখাতেই এনেকুৱা ধৰণৰ ঘৃণা, বিদ্বেষমূলক মন্তব্য আজিৰ তাৰিখত অনলাইন জগতখনত ব্যাপক হৈ উঠিছে।

ছছিয়েল মিডিয়াৰ এই পৰিৱেশ সম্পৰ্কে মন্তব্য আগবঢ়াই শোণিতপুৰৰ বিনয় সোণাৰে কয় যে, ‘ঋষি যাজ্ঞবল্ক্যইও বিদূষী গাৰ্গীৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি, গাৰ্গীৰ মূৰ ছিঙি মাটিত পৰিব বুলি কৈছিল। বিদ্বৎ, সজ্জ্বন এজনৰেই এনে আচৰণে আমাৰ সমাজত নাৰীৰ প্ৰতি মনোবৃত্তিৰ প্ৰাচীন পটভূমি উদঙাই দিয়ে। নাৰীয়ে প্ৰশ্ন কৰিব পাৰে, সমানে কাম কৰিব পাৰে, নিজৰ বাবে নিজে উপাৰ্জন কৰিব পাৰে, নিজাকৈ সিদ্ধান্ত ল’ব পাৰে – এই কথাবোৰ মানি ল’ব পৰা হ’বলৈ আমাৰ এতিয়াও বহু যুগ। তাৰেই পৰিণতিত এনে আচৰণ।’

অনলাইন আৰু অফলাইন জগতত মানুহ একোজনৰ আচাৰ-আচৰণৰ প্ৰভেদৰ ব্যৱধানৰ বিষয়ত মনোবৈজ্ঞানিক আলোচনাৰ প্ৰয়োজন আছে।

এনে প্ৰেক্ষাপটত এনেকুৱা ঘটনাসমুহ এৰাই চলাৰ পৰিৱৰ্তে আগবঢ়াব লাগে সাহসী পদক্ষেপ ৷ এনে ঘটনাসমুহ ৰোধৰ বাবে সহায় ল’ব লাগে আইনৰ, তেতিয়াহে প্ৰকৃত অৰ্থত নাৰী সবলীকৰণৰ যুদ্ধখন সম্পূৰ্ণ হ’ব বুলি এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিজৰ অভিমত আগবঢ়াইছে  কোকৰাঝাৰৰ সন্দীপা পালে। এই প্ৰসংগত বিবিচিত প্ৰকাশিত এক আলোচনাৰ প্ৰসংগৰে   তেওঁ কয় যে – ‘বিশ্বৰ সৰ্বত্ৰে এনে অনলাইন নিৰ্য্যাতন তথা বিদ্বেষ ক্ৰমে বাঢ়িছে। বিশেষকৈ মহিলা, বিভিন্ন জনগোষ্ঠী  আদি এনে ঘৃণামূলক মন্তব্যৰ চিকাৰ হৈছে। অনলাইন আৰু অফলাইন জগতত মানুহ একোজনৰ আচাৰ-আচৰণৰ প্ৰভেদৰ ব্যৱধান চকুত পৰা বুলি গৱেষণাই কৈছে। এনে বিষয়ত মনোবৈজ্ঞানিক আলোচনাৰ প্ৰয়োজন আছে।’ 

ৰ শ্মি ৰে খা দা স

সুলেখক, সাংবাদিক তথা 'বিৰিয়া'ৰ নিয়মীয়া বিশ্লেষক।

Previous নি স ৰ্গ প্ৰা ণ!    
Next অসমীয়াৰ কফিন কোনে সাজিছে?