সমাজ সেৱা


ৰ্ম সেৱা মানেই সমাজ সেৱা নহয়। ই সমাজ সেৱাৰ এটা অংশহে। সমাজ সেৱাৰ পৰিশৰ বহুত বিশাল। আপুনি যদি ধৰ্ম সেৱা কৰে, তেন্তে সেয়া কেৱল আপোনাৰ ধৰ্মৰ মানুহৰ মাজতে সীমিত হৈ থাকিব। কিন্তু সমাজ সেৱাত সকলো মানুহক সামৰি লোৱা হয়। এটা কথা লক্ষ্য কৰিছোঁ – অৱসৰৰ পিছত প্ৰায়বোৰ মানুহ ধৰ্ম সেৱাত ব্যস্ত হৈ পৰে। সেয়া তেওঁলোকৰ ব্যক্তিগত অধিকাৰ বুলি ধৰিলেও শিক্ষা আৰু বিজ্ঞানৰ পথাৰত কৰিবলৈ বহু কাম আছে। সজাগতাৰ বিভিন্ন কাৰ্যসূচী তেওঁলোকে ল’ব পাৰে। বিনামূলীয়া শিক্ষাৰ ব্যৱস্থাও কৰিব পাৰে। এনেবোৰ কামে তেওঁলোকৰ শৰীৰ সক্ৰিয় কৰি ৰখাৰ উপৰিও মানসিক শান্তি আৰু সামাজিক সন্মান দিব। সমাজখনো আগবাঢ়ি যোৱাত সহায় হয়। অৱশ্যে সকলোৰে আগ্ৰহ বা পৰিকল্পনা বেলেগ বেলেগ। মই কিন্তু এনেবোৰ কাৰ্যসূচীৰ পৰিকল্পনা হাতত ৰাখিছোঁ। 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous অসমীয়া আঞ্চলিকতাবাদৰ যৱনিকা!
Next বসন্তৰ আৰণ্যক