বিশ্ব স্বাস্থ্য সংস্থাৰ এক সমীক্ষাত ভয়ানক তথ্য পোহৰলৈ আহিছে। সেয়া হ’ল পৃথিৱীৰ ভিতৰতে ভাৰতত সৰ্বাধিক লোক ষ্ট্ৰেছ বা অৱসাদগ্ৰস্ততাত ভোগে। অৱসাদগ্ৰস্ততাই মানুহৰ দেহ-মনত বহুল ক্ৰিয়া কৰে। সাধাৰণতে আমি ষ্ট্ৰেছ বা অৱসাদগ্ৰস্ততাক একধৰণৰ নাকৰাত্মক দৃষ্টিভংগিৰে চাওঁ। এইটোও মিছা নহয় যে, ই একপ্ৰকাৰ মানসিক বেমাৰ। আৰু বেমাৰ মানেইটো বেয়া, ক্ষতিকাৰক, পীড়াদায়ক। কিন্তু সকলো বস্তুৰে বিপৰীত এক ক্ৰিয়াও আছে। যাক আমি ব্যৱহাৰ কৰিব জানিব পাৰিব লাগিব, আৰু যদি ব্যৱহাৰ কৰিব জানে আৰু তাৰ লগত সম্বন্ধ স্থাপন কৰিব পাৰে তেন্তে ষ্ট্ৰেছৰ দৰে মানসিক অৱস্থায়ো আমাক জীৱনৰ পথত আৰু অধিক কৃতকাৰ্য্যতাৰে আগবঢ়াই নিবলৈ সক্ষম হ’ব।

ষ্ট্ৰেছ সদায় বেয়া নহয়, ইয়াক যদি ভাল দিশেৰে আগবঢ়াই নিব পাৰো ইয়ো সুন্দৰ হৈ উঠিব পাৰে। কিন্তু, তাতে ডাঙৰ ‘কিন্তু’ এটা আছে। আমি ষ্ট্ৰেছক নাকাৰত্মক নহয়, সাকাৰত্মক দৃষ্টিৰে চাব শিকিব পাৰিব লাগিব।


ষ্ট্ৰেছ সদায় বেয়া নহয়, ইয়াক যদি ভাল দিশেৰে আগবঢ়াই নিব পাৰো ইয়ো সুন্দৰ হৈ উঠিব পাৰে। কিন্তু, তাতে ডাঙৰ ‘কিন্তু’ এটা আছে। আমি ষ্ট্ৰেছক নাকাৰত্মক নহয়, সাকাৰত্মক দৃষ্টিৰে চাব শিকিব পাৰিব লাগিব। যেতিয়া মানুহ এজন ষ্ট্ৰেছত ভোগে তেতিয়া সাধাৰণতে কি হয়? তেওঁ জীৱনৰ কিবা বিষয়ক লৈ অৱসাদত ভোগে। ধৰা হ’ল তেওঁ কৰ্মক্ষেত্ৰত সফল হ;ব পৰা নাই, পাৰিবাৰিক সমস্যা সমাধান কৰিব পৰা নাই, পৰীক্ষাত ভাল ফলাফল কৰিব পৰা নাই, প্ৰেমত ব্যৰ্থতা, বৈবাহিক জীৱনত খেলি-মেলি বা ব্যস্ততাৰ বাবে সময় দিব পৰা নাই ইত্যাদি হেজাৰটা বিষয়ক লৈ মানুহ ষ্ট্ৰেছত ভূগিব পাৰে। এয়া কোনো ডাঙৰ কথা নহয়। জীৱনত সকলো ব্যক্তিৰে এনে এটা পৰিস্থিতি হ’ব পাৰে আৰু হয়ো। আচল সমস্যাটো ষ্ট্ৰেছত নহয়, আচল সমস্যাটো আমাৰ জ্ঞানত। আমি শিকো বা মানো যে, ষ্ট্ৰেছ মানেই বেয়া, ই আমাক মানসিকভাৱে উদাসীন, খঙাল আৰু শক্তিহীন কৰি তোলে আৰু আমাৰ সুখ-আনন্দ সকলোবোৰ কাঢ়ি লয়। ফলত কি হয়? যেতিয়া আমি কিবা বিষয়ক লৈ ষ্ট্ৰেছত ভোগো আমি ভয় খাও আৰু এই ভয়টোৱে ইয়াক অধিক ভয়াৱহ কৰি তোলে।

সকলোৰে মুখত ভালকৈ পঢ়, ভাল ৰিজাল্ট কৰিব লাগিব ধৰণৰ কথা শুনি শুনি ছাত্ৰ-ছাত্ৰীসকল একধৰণৰ ভয় আৰু আতংকৰ মাজত সোমাই পৰে। পৰীক্ষাৰ চিন্তাই দুশ্চিন্তাৰ ৰূপ লোৱাত এক ধৰণৰ ষ্ট্ৰেছৰ বলি হয়।

যাৰফলত আমাৰ মানসিক অৱসাদ বা ষ্ট্ৰেছ বাঢ়ি যায়। কিন্তু এই ষ্ট্ৰেছক যদি আমি সঠিকভাৱে ব্যৱহাৰ কৰো, ইয়ে আমাৰ সফলতাৰ মূল কাৰক হৈ পৰিব পাৰে। এটা সৰু উদাহৰণ দিও, এতিয়া পৰীক্ষাৰ সময়। কেইদিনমান পিছৰ পৰা বোৰ্ডৰ পৰীক্ষাবোৰ আৰম্ভ হ’ব। এনেকুৱা এটা সময় আমিও পাৰ কৰি আহিছো। স্কুল-ঘৰ সকলোতে এক যুদ্ধংদেহি প্ৰস্তুতি। সকলোৰে মুখত ভালকৈ পঢ়, ভাল ৰিজাল্ট কৰিব লাগিব ধৰণৰ কথা শুনি শুনি ছাত্ৰ-ছাত্ৰীসকল একধৰণৰ ভয় আৰু আতংকৰ মাজত সোমাই পৰে। পৰীক্ষাৰ চিন্তাই দুশ্চিন্তাৰ ৰূপ লোৱাত এক ধৰণৰ ষ্ট্ৰেছৰ বলি হয়। খোৱা-বোৱাত মন নবহা, নিদ্ৰাহীনতা, অনিশ্চয়তা, দুশ্চিন্তাই এই ষ্ট্ৰেছক ইন্ধন যোগায়। এতিয়া আহো ইয়াক সাকাৰত্মকভাৱে কেনেকৈ ল’ব পাৰি। প্ৰথম কথা হ’ল যে, মানি লওক; মানি লওক যে, পৰীক্ষা সন্মুখত আৰু আপুনি ভোগিছে ‘ষ্ট্ৰেছ’ত। এতিয়া কি কৰিব? ইয়াক নোহোৱা কৰিবলৈ চেষ্টা নকৰিব, কিয়নো এনে কৰাটো অনৰ্থক, বৰঞ্চ তাক কামত লগাওক। যিমান পাৰে ভালকৈ পঢ়ক। শুব পৰা নাই যদি সেই সময়খিনিও কামত লগাওক। কিবা ৰগৰ পঢ়ক, খোজ কাঢ়ক বা ভাল লগা কিতাপ পঢ়ক। মুঠতে ‘ভাল লগা’ কিবা কাম কৰি ব্যস্ত হৈ পৰক। ষ্ট্ৰেছক থাকিবলৈ দিয়ক, কোনো দৰকাৰ নাই তাৰ বাবে চিন্তা কৰিবলৈ। থাকক সি তাৰ ঠাইত। দেখিব ফলাফলো ভাল হ’ব আৰু এই ষ্ট্ৰেছ সময়ৰ লগে-লগে ক’ত হেৰাই গ’ল গমকেই নাপাব। এইটো মানি লওক যে ষ্ট্ৰেছ তেতিয়া আহে, যেতিয়া আপুনি জীৱনত কিবা এটা উপলব্ধি বা উপাৰ্জন কৰিবলগীয়া আছে। ষ্ট্ৰেছ তেতিয়া হয়, যেতিয়া আপোনাৰ শৰীৰ আৰু আপোনাৰ মনটোৱে কিবা এটাৰ লগত যুদ্ধত অৱতীৰ্ণ হয়। ইয়াক চেলেঞ্জ বা প্ৰত্যাহ্বান হিচাপে লওক, ৰোগ হিচাপে নহয়।

এইটো মানি লওক যে ষ্ট্ৰেছ তেতিয়া আহে, যেতিয়া আপুনি জীৱনত কিবা এটা উপলব্ধি বা উপাৰ্জন কৰিবলগীয়া আছে। ষ্ট্ৰেছ তেতিয়া হয়, যেতিয়া আপোনাৰ শৰীৰ আৰু আপোনাৰ মনটোৱে কিবা এটাৰ লগত যুদ্ধত অৱতীৰ্ণ হয়। ইয়াক চেলেঞ্জ বা প্ৰত্যাহ্বান হিচাপে লওক, ৰোগ হিচাপে নহয়।

যদি দৌৰিব নোৱাৰে তেন্তে লক্ষ্যস্থান কেনেকৈ পাব। গতিকে দৌৰক। মনত ৰাখিব মানুহৰ মানসিক শক্তিৰ আগত কোনো শক্তিৰে জয় হ’ব নোৱাৰে। সেয়ে যেতিয়া কিবা এটা ষ্ট্ৰেছভৰা পৰিস্থিতি হয় ভয় নাখাব, চেলেঞ্জ হিচাপে মুখামুখি হওক। ষ্ট্ৰেছ বেয়া শক্তি নহয়, বৰঞ্চ ই আপোনাক অধিক শক্তিশালীহে কৰি তুলিব। ইয়াক গ্ৰহণ কৰক, দেখিব আপুনি জয়ী হ’বই। নিজৰ সামৰ্থ্যক গ্ৰহণ কৰক, বুজক যে আপুনি এজন যোদ্ধা। ভয় খোৱাৰ কোনো দৰকাৰ নাই। ভয়ে মানুহক শক্তিহীন কৰি তোলে। পৰিস্থিতিক ভয় কৰি মুখামুখি নোহোৱাকৈ নাথাকিব। ষ্ট্ৰেছ গ্ৰহণ কৰক, ইয়াক নিজৰ শক্তি কৰিবলৈ চেষ্টা কৰক; দেখিব ই আপোনাৰ কষ্ট নহয়, বৰঞ্চ সফলতা আৰু আনন্দৰ কাৰণহে হৈ পৰিছে।  

চ ন্দ না দা স

মনস্তত্ব আৰু বিবিধ বিষয় সংক্ৰান্তত চিত্তাকৰ্ষক লেখাৰে পৰিচিত তথা বিৰিয়াৰ সাঁউৰি বিশ্লেষক।

Previous সো ণা লী ডে ও 
Next দা পো ণ ত আ পো ন! 

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে