বলয়ৰ প্ৰলয়!


কাৰ্টুন উৎস : ৰিয়মবক্স ষ্টুডিঅ'
জি সূৰ্য্যগ্ৰহণ। ‘বলয়গ্ৰাস’ হিচাপে বৈজ্ঞানিকভাৱে পৰিচিত এই গ্ৰহণ বছৰটোৰে নহয়, দশকটোৰে বিৰল পৰিঘটনাসমূহৰ অন্যতম। এনে এক মহাজাগতিক ঘটনাৰ সাক্ষী হৈ ৰোৱাটো বিজ্ঞানানুৰাগীসকলৰ বাবে অতীৱ আনন্দদায়ক হিচাপে পৰিগণিত হৈ আহিছে।
পিছে একবিংশ শতিকাৰ দ্বিতীয় দশকত থিয় হৈ আজিও এচামৰ মনত গ্ৰহণক লৈ চলি থকা অন্ধবিশ্বাস-কুসংস্কাৰ আদিয়ে আমাৰ সন্মুখত অন্য এখন ছবি দাঙি ধৰে।
যি বিজ্ঞান-প্ৰযুক্তিবিদ্যাক ব্যৱহাৰ কৰি আমি তথ্য আহৰণ কৰিছো, গণমাধ্যম চলাইছো, দৈনন্দিন জীৱন সুচল কৰিছো, সেই বিজ্ঞান-প্ৰযুক্তিকে প্ৰয়োগ কৰি অপবিজ্ঞানৰো প্ৰচাৰ চলাইছো ইলেকট্ৰনিক বা ছপা মাধ্যমেৰে- ইয়াতকৈ ডাঙৰ আইৰণি  হয়তো নাই!
শিক্ষাৰ অসম্পূৰ্ণতা, বিজ্ঞান মনস্কতাৰ অভাৱৰ এই ‘পূৰ্ণগ্ৰাসী’ ছবিখন নিতান্তই সুখকৰ নহয়। এফালেদি দূৰবীক্ষণকে ধৰি নানা অত্যাধুনিক বৈজ্ঞানিক সঁজুলিৰে গ্ৰহণৰ প্ৰতিটো মুহূৰ্ত চাব পৰা হোৱাৰ বিপৰীতে, আজিৰ তাৰিখতো জ্যোতিষ চৰ্চা নামৰ অপজ্ঞানৰ দ্বাৰা এচামে ৰাইজক গ্ৰহণৰ সময়ত খাদ্য নোখোৱা, গৰ্ভৱতী মহিলা বাহিৰলৈ নোলোৱা আদি বিভ্ৰান্তিকৰ বাৰ্তা প্ৰেৰণ কৰি আছে, যিবোৰ সামাজিক মাধ্যম তথা ইলেকট্ৰনিক মাধ্যমৰ সুবাদত ব্যাপকৰূপত ৰাইজৰ হাতে হাতে। বেলি উঠা আৰু ডুব যোৱাৰ দৰেই গ্ৰহণো এক অত্যন্ত প্ৰাকৃতিক পৰিঘটনা। পূৰ্বতে মানুহৰ প্ৰকৃতি সম্পৰ্কীয় জ্ঞান তেনেই চালুকীয়া অৱস্থাত আছিল বাবেই, বেলিটো আকস্মিকভাৱে নোহোৱা হৈ যোৱাটোৱে মানুহক ভীতিগ্ৰস্ত কৰিছিল। কিয়নো মানুহে অভিজ্ঞতাৰে বুজিছিল যে বেলিৰ উদয় আৰু অস্তৰ সতে এই জীৱন আৰু জগতৰ চালিকা শক্তি জড়িত। কিন্তু আজি মানুহে বৈজ্ঞানিক অধ্যয়নৰ বলত বেলি-জোনকে ধৰি মহাকাশৰ ভিন্ন ৰহস্যক আৱিষ্কাৰ কৰিছে। গতিকে গ্ৰহণৰ নামত আজিও এনেকুৱা ভিত্তিহীন কথা কিছুমানক বিশ্বাস কৰি চলাটো নিসন্দেহে পৰিতাপৰ কথা। কিন্তু তাতকৈও পৰিতাপৰ কথা উচ্চ আৰু আধুনিক শিক্ষাৰে শিক্ষিত এচামেও এইজাতীয় কথাবোৰ বিশ্বাস আৰু প্ৰসাৰ কৰি থকাটোহে। যি বিজ্ঞান-প্ৰযুক্তিবিদ্যাক ব্যৱহাৰ কৰি আমি তথ্য আহৰণ কৰিছো, গণমাধ্যম চলাইছো, দৈনন্দিন জীৱন সুচল কৰিছো, সেই বিজ্ঞান-প্ৰযুক্তিকে প্ৰয়োগ কৰি অপবিজ্ঞানৰো প্ৰচাৰ চলাইছো ইলেকট্ৰনিক বা ছপা মাধ্যমেৰে- ইয়াতকৈ ডাঙৰ আইৰণি  হয়তো নাই!
মুঠ কথা হ’ল শিক্ষাৰ সাৰ্থকতা, বিজ্ঞান মনস্কতা আৰু যুক্তিসংগত মানসিকতা। বলয়গ্ৰাস গ্ৰহণত প্ৰলয় বিচাৰি এনেবোৰ বিষয়ক ধ্বংসৰ মুখলৈ নিয়াতকৈ সকলোৱে বৈজ্ঞানিক পদ্ধতিৰে এনে পৰিদৃশ্যক উপভোগ কৰাৰ পৰিৱেশ এটা অচিৰেই সৃষ্টি কৰিব নোৱাৰিলে মানৱ সভ্যতাৰ বিকাশৰ প্ৰতিয়েই এই প্ৰশ্নচিহ্নৰ উদ্ভৱ হয়, যিটোতকৈ ‘প্ৰলয়ংকৰী’ একো নাই।■
Previous আমি কেতিয়া সজাগ হ'ম ?
Next অসমীয়া সমাজ জীৱন বিধ্বস্ত কৰিবলৈ পুনৰ জাপি দিয়া হ’ব নেকি ৰাষ্ট্ৰসন্ত্ৰাস?