যুদ্ধ


ৱশেষত ৰাইজে আশা কৰা ধৰণে ভাৰতে উত্তৰ দিলে। বায়ুসেনাৰ আক্ৰমণত পাক অধিকৃত কাশ্মীৰত তিনিশৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে। ইয়াকে কয় – যেনে কুকুৰ, তেনে টাঙোন। ভাৰতৰ এই উত্তৰ ৰাইজে ভাল পাইছে।
সেইবোৰ আছিল সীমাৰ বাহিৰৰ শত্ৰু। কিন্তু দেশখনৰ ভিতৰতো কিছুমান শত্ৰু আছে। চোৰাং কাৰবাৰী, ভেজালকাৰী, লুণ্ঠনকাৰী, বিভেদকামী আদি বিভিন্ন ৰূপত তেওঁলোকে দেশৰ ক্ষতি কৰি আছে। এইবোৰ সৰু কথা নহয়। ইয়াৰ সংখ্যা যিমানেই কম হ’ব, সিমানেই মংগল। আমিতো আশা কৰোঁ যে এইবোৰ শক্তি একেবাৰে ধ্বংস হওক । তেতিয়াহে আমি এখন সুন্দৰ ভাৰত গঢ়িব পাৰিম। এইখন যুদ্ধ ডাঙৰ হওক, দীঘলীয়া হওক , কোনো কথা নাই। কিন্তু যুদ্ধখন চলি থাকিব লাগে। 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous ভালপোৱাৰ দিকচৌ বাট!       
Next ৰাজীৱ বাগ্গা-ইকবালৰ সঁচা কাহিনী