ছাৰ্জিকেল ষ্ট্ৰাইক ২ : কূটনৈতিক পৰিপক্কতা বনাম কৃতিত্ব আৰু ভোটৰ ৰাজনীতি


প্ৰায় অৰ্ধশতিকাৰ পাছত ভাৰত-পাকিস্তানৰ সীমা লাইন-অৱ-কন্ট্ৰোল লংঘন ভাৰতীয় সামৰিক বাহিনীৰ।

পাকিস্তানৰ সীমাৰ ভিতৰত ঘাটি স্থাপন কৰি সন্ত্ৰাসবাদী কাৰ্য্যসূচীত লিপ্ত জইছ-ই-মহম্মদে পুনৰায় ভাৰতভূমিত কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰাৰ পৰিকল্পনা কৰি থকা বুলি চোৰাংচোৱা বাহিনীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত, নিজৰ নিৰাপত্তা নিশ্চিত কৰাৰ স্বাৰ্থত এই প্ৰতিৰোধমূলক আক্ৰমণ চলোৱা হৈছে।  ৰাষ্ট্ৰসংঘৰ চনদত থকা অনুসৰি যিকোনো দেশে নিজৰ নিৰাপত্তাৰ স্বাৰ্থত এনে কাৰ্য্যসূচী ল’ব পাৰে। ভাৰতৰ বৈদেশিক সচিৱৰ  বিবৃত্তিত প্ৰকাশ পোৱা কূটনৈতিক পৰিপক্কতা নিসন্দেহে প্ৰশংসনীয়।

১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ পাছৰে পৰা পাকিস্তানৰ ভূমিত সামৰিক অভিযানৰ পৰা বিৰত থকা ভাৰতীয় সামৰিক শক্তিয়ে আজি পুৱতি নিশা  লাইন অৱ কণ্ট্ৰোলৰ ভিতৰত প্ৰৱেশ কৰি, মুজ্জাফৰবাদৰ কাষৰীয়া তথা পাক অধিকৃত কাশ্মীৰৰ পৰা ৮০ কিলোমিটাৰ ভিতৰৰ বালাকোটত অৱস্থিত জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ সামৰিক প্ৰশিক্ষণ কেন্দ্ৰ এটাত আক্ৰমণ কৰে। উল্লেখ্য যে কাৰ্গিলত হোৱা ভাৰত-পাকিস্তান যুদ্ধৰ সময়তো তদানীন্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নিৰ্দেশক্ৰমে লাইন-অৱ-কণ্ট্ৰোল উলংঘা কৰা নাছিল ভাৰতীয় পক্ষই।

ভাৰতীয় বায়ু সেনাৰ যুদ্ধবিমানে চলোৱা এই আক্ৰমণত জইছ-ই-মহম্মদৰ প্ৰায় ৩০০ জন সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি ভাৰত চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে। এই সন্ত্ৰাসবাদীৰ ঘাটিটো সন্ত্ৰাসবাদী সংগঠনটোৰ আটাইতকৈ ডাঙৰ ঘাটি বুলি তথ্যত প্ৰকাশ। মন কৰিবলগীয়া যে,  আক্ৰমণৰ বিষয়ে কৰা চৰকাৰী ঘোষণাত ভাৰত চৰকাৰৰ বৈদেশিক সচিব বিজয় গোখলেই স্পষ্টভাৱে উল্লেখ কৰে যে – ভাৰতীয় বায়ু সেনাৰ দ্বাৰা সংঘটিত এই আক্ৰমণ পাকিস্তান চৰকাৰ বা পাকিস্তানৰ সাধাৰণ ৰাইজৰ বিপক্ষে কৰা আক্ৰমণ নহয়; বৰঞ্চ ই এক অসামৰিক, সন্ত্ৰাসবাদী শত্ৰুপক্ষক আক্ৰমণৰ পূৰ্বেই প্ৰতিহত কৰিবৰ বাবে কৰা এক আক্ৰমণহে। পাকিস্তানৰ সীমাৰ ভিতৰত ঘাটি স্থাপন কৰি সন্ত্ৰাসবাদী কাৰ্য্যসূচীত লিপ্ত জইছ-ই-মহম্মদে পুনৰায় ভাৰতভূমিত কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰাৰ পৰিকল্পনা কৰি থকা বুলি চোৰাংচোৱা বাহিনীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত, নিজৰ নিৰাপত্তা নিশ্চিত কৰাৰ স্বাৰ্থত এই প্ৰতিৰোধমূলক আক্ৰমণ চলোৱা হৈছে বুলি বিবৃতিটোত প্ৰকাশ। অন্যহাতে এই প্ৰসংগত কোনো সাধাৰণ ৰাইজ যাতে ঘটনাত আক্ৰান্ত নহয়, সেই কথালৈ লক্ষ্য ৰাখি ভাৰতীয় সামৰিক বাহিনীয়ে বেছ সাৱধানে আক্ৰমণস্থল নিৰ্ধাৰণ কৰাৰ লগতে পুৱতি নিশা আক্ৰমণ কৰাৰ সিদ্ধান্ত লয় বুলিও বৈদেশিক সচিবে বিবৃত্তিটোত স্পষ্টকৈ উল্লেখ কৰে। উল্লেখনীয় যে, ৰাষ্ট্ৰসংঘৰ চনদত থকা অনুসৰি যিকোনো দেশে নিজৰ নিৰাপত্তাৰ স্বাৰ্থত এনে কাৰ্য্যসূচী ল’ব পাৰে আৰু সেয়ে ভাৰতৰ এই স্পষ্ট মন্তব্যৰ জৰিয়তে ভাৰতে যে আন্তৰ্জাতিক নীতিকো উলংঘা কৰা নাই, সেয়া প্ৰকাশ পাইছে। বৈদেশিক সচিবৰ এই বিবৃত্তিত প্ৰকাশ পোৱা কূটনৈতিক পৰিপক্কতা নিসন্দেহে আজিৰ তাৰিখত এক প্ৰশংসনীয় দিশ।

ভাৰতীয় বায়ুসেনাৰ তথা ভাৰত চৰকাৰৰ দাবীৰ বিপৰীতে পাকিস্তান চৰকাৰৰ তৰফৰ পৰা এই ঘটনাত পাকিস্তানৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই বুলি ঘোষণা কৰাৰ লগতে ই ভাৰতৰ তৰফৰ পৰা আক্ৰমণাত্মক পদক্ষেপ বুলি অভিহিত কৰা হৈছে। অন্যহাতে, ঘটনাৰ পিছতে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে জৰুৰী বৈঠক আহ্বান কৰাৰ লগতে, আবেলিলৈ পাকিস্তানী সেনাই জন্মু-কাশ্মীৰত পুঞ্চ, ৰাজৌৰি আৰু জম্মু জিলাৰ প্ৰায় ৫৫টা অসামৰিক অঞ্চলত যুদ্ধবিৰতিৰ উলংঘাৰে প্ৰচণ্ডভাৱে গোলাবৰ্ষণ কৰিছে বুলি ভাৰতীয় সামৰিক বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে, বিগত বৰ্ষটোত পাকিস্তান সেনাই মুঠ ৩০০০বাৰ লাইন অৱ কণ্ট্ৰোলত যুদ্ধবিৰতি উলংঘা কৰিছিল, যিটো বিগত ১৫ বছৰৰ সৰ্বাধিক যুদ্ধবিৰতি উলংঘাৰ ঘটনা। পুলৱামাৰ সন্ত্ৰাসবাদী কূটাঘাতৰ পাছত ভাৰতৰ এই পদক্ষেপে নিসন্দেহে ভাৰতৰ পিনৰ পৰা সন্ত্ৰাসবাদৰ বিপক্ষে কঠোৰ স্থিতিক পুনৰায় প্ৰতিষ্ঠা কৰিছে। অন্যহাতে আজিৰ আক্ৰমণত ব্যৱহাৰ হোৱা মিৰেজ ২০০০ যুদ্ধ বিমান কেইখন পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ শক্তিসম্পন্ন আৰু ইয়াৰ জৰিয়তে পৰোক্ষভাৱে ভাৰতে পাকিস্তানলৈ সন্ত্ৰাসবাদী কাৰ্য্যসূচীক দমন কৰাৰ ব্যৱস্থা নল’লে হ’ব পৰা সম্ভাৱ্য বিপদৰ বাৰ্তাও প্ৰেৰণ কৰিছে বুলি ৰাজনৈতিক তথা সামৰিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

আবেলিলৈ পাকিস্তানী সেনাই জন্মু-কাশ্মীৰত পুঞ্চ, ৰাজৌৰি আৰু জম্মু জিলাৰ প্ৰায় ৫৫টা অসামৰিক অঞ্চলত যুদ্ধবিৰতিৰ উলংঘাৰে প্ৰচণ্ডভাৱে গোলাবৰ্ষণ কৰিছে বুলি ভাৰতীয় সামৰিক বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে বিগত বৰ্ষটোত পাকিস্তান সেনাই মুঠ ৩০০০ বাৰ লাইন অৱ কণ্ট্ৰোলত যুদ্ধবিৰতি উলংঘা কৰে। 

এইখিনিতে লক্ষ্যনীয় কথাটো হ’ল পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০জনতকৈও অধিক চিআৰপিএফৰ জোৱান ছহিদ হোৱাৰ পৰৱৰ্তী সময়ছোৱাত এই প্ৰসংগত ৰাজনীতি কৰা অনুচিত বুলি সৰ্বত্ৰে চৰ্চা হৈছিল। অন্যহাতে দেশৰ এই দুঃখজনক ঘটনাৰ সময়ত সকলো দল নিৰ্বিশেষে এক হৈ দেশৰ হকে থিয় দিয়া দেখা গ’ল। আজিও বায়ুসেনাৰ এই সফল অভিযানক দেশৰ ৰাজনৈতিক আদৰ্শ ভেদে সকলো লোকেই সমৰ্থন জনাই দেশৰ পক্ষে একতা প্ৰদৰ্শন কৰাটো শুভলক্ষণ। পিছে কথা হ’ল – পুলৱামাৰ পৰিপ্ৰেক্ষিতত ৰাজনীতি কৰা অনুচিত বুলি শাসকীয় পক্ষই আগবঢ়োৱা মতামতৰ পৰৱৰ্তী সময়ত এই ঘটনাক লৈয়েই শাসনাধিষ্ঠিত দলটোৱেই ৰাজনীতি কৰা কথাষাৰহে দূৰ্ভাগ্যজনক। পুলৱামাৰ ঘটনাৰ তিনিদিন নৌহওঁতেই দেশৰ প্ৰধান মন্ত্ৰীয়েই খোদ নিৰ্বাচনী অভিযানত নামি তাৰ প্ৰসংগ উত্থাপন কৰি নিজৰ দলক ভোট দিবলৈ আহ্বান জনায়। ঠিক একেদৰে, আজিও, দেশে লোৱা এক ডাঙৰ পদক্ষেপৰ পৰৱৰ্তী স্পৰ্শকাতৰ পৰিৱেশক আওকাণ কৰি দেশৰ প্ৰধান মন্ত্ৰীজনে এক নিৰ্বাচনী ৰেলীত ভাগ লোৱাই নহয়, সেই ৰেলীতে বালাকোট সম্পৰ্কে প্ৰথমটো ৰাজহুৱা মন্তব্য আগবঢ়াই কয় যে – দেশৰ দায়িত্ব এতিয়া সুৰক্ষিত হাতত। লগতে তেখেতে দেশৰ মাটিৰ সন্মান অটুট ৰাখিবলৈ বদ্ধপৰিকৰ বুলি চিৰাচৰিত আৱেগিক মন্তব্যও আগবঢ়ায়। অৰ্থাৎ পৰোক্ষভাৱে, এই মন্তব্যৰে দেশৰ সামৰিক বাহিনীৰ সমস্ত কষ্ট-আত্মত্যাগ-প্ৰত্যাহ্বান জড়িত হৈ থকা বিষয় এটাক আধাৰ কৰি ৰাইজৰ মাজত আৱেগ সঞ্চাৰ কৰি নিজক ভোট দিবলৈ অনুৰোধ কৰাৰ দৰে নিকৃষ্ট ৰাজনীতি এটা প্ৰধানমন্ত্ৰী জনে কৰিছে। দেশৰ নিৰাপত্তাক অথিৰ কৰা এনে অপশক্তিৰ বিৰুদ্ধে পদক্ষেপ আগবঢ়োৱাটো এজন প্ৰধান মন্ত্ৰী বা ৰাষ্ট্ৰপতিক সংবিধান তথা ৰাইজে অৰ্পণ কৰা এক দায়িত্ব আৰু তেনে দায়িত্ব পালনক ভোট বিচৰাৰ অচিলাৰে ব্যৱহাৰ কৰাটো লজ্জাজনক। আৰু এইখিনিতেই অটল বিহাৰী বাজপেয়ীৰ দৰে নেতা আৰু দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী জনৰ পাৰ্থক্য চকুত পৰে। ধনাত্মক ৰাজনীতিৰ প্ৰতিভু বাজপেয়ীয়ে কাৰগিলৰ বিজয়ৰ পাছত সেই সফলতাক নিজৰ নিৰ্বাচনী অভিযানত ইমান দৃষ্টিকটু ৰূপত ব্যৱহাৰ কৰা নাছিল আৰু সম্ভৱতঃ সেইবাবেই তাৰ পৰৱৰ্তী চৰকাৰখন তেওঁ ‘কোৱালিশ্যন’ কৰিহে গঠন কৰিবলগীয়া হৈছিল।

পুলৱামাৰ ঘটনাৰ এসপ্তাহ নৌহওঁতেই দেশৰ প্ৰধানমন্ত্ৰীজনায়েই খোদ নিৰ্বাচনী অভিযানত নামি তাৰ প্ৰসংগ উত্থাপন কৰি নিজৰ দলক ভোট দিবলৈ আহ্বান জনায়। ঠিক একেদৰে, আজিও, দেশে লোৱা এক ডাঙৰ পদক্ষেপৰ পৰৱৰ্তী স্পৰ্শকাতৰ পৰিৱেশক আওকাণ কৰি দেশৰ প্ৰধানমন্ত্ৰী জনে এক নিৰ্বাচনী ৰেলীত ভাগ লোৱাই নহয়, সেই ৰেলীতে বালাকোট সম্পৰ্কে প্ৰথমটো ৰাজহুৱা মন্তব্য আগবঢ়াই কয় যে – দেশৰ দায়িত্ব এতিয়া সুৰক্ষিত হাতত। লগতে তেখেতে দেশৰ মাটিৰ সন্মান অটুট ৰাখিবলৈ বদ্ধপৰিকৰ বুলি চিৰাচৰিত আৱেগিক মন্তব্যও আগবঢ়ায়।

এইখিনিতে আমি চিন্তা কৰিবলগীয়া কথাটো হ’ল – পুলৱামাৰ ঘটনাৰ পিছত মোডী নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰোঁতে ৰাজনীতি দেখা পোৱা ব্যক্তি তথা দলসমূহেই আজি কিন্তু বায়ুসেনাৰ আক্ৰমণৰ পাছত মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈছে আৰু পুনৰায় মোডী চৰকাৰকে শাসনত ঘূৰাই অনা উচিত বুলি কেম্পেইন আৰম্ভ কৰিছে। এই দুই পৰস্পৰ বিপৰীত স্থিতিৰ প্ৰেক্ষাপটত এটা কথা ওলাই পৰে যে, দেশৰ প্ৰধান মন্ত্ৰীক সমালোচনা কৰাটো ‘বেয়া ৰাজনীতি’; কিন্তু একে ঘটনাৰ আলমতে প্ৰধান মন্ত্ৰী বা তেওঁৰ দলৰ হৈ ভোট খোজাটো ৰাজনীতি নহয়! কিন্তু এই মোডীকেন্দ্ৰিক কেম্পেইনৰ জৰিয়তে সংশ্লিষ্ট পক্ষই ভাৰতীয় বায়ু সেনাৰ অপৰিসীম সাহস আৰু সফল ৰণকৌশলৰ লগতে পুলৱামাত প্ৰাণাহুতি দিয়া জোৱানসকলৰ ত্যাগক চৰম অপমান কৰিছে, সেই কথাও আমি বুজি উঠা দৰকাৰ। ভাৰতীয় সেনাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাত সম্পূৰ্ণ স্বাধীনতা দিব লাগে বুলি লোৱা সিদ্ধান্তটো সৰ্বদলীয় বৈঠকৰ পিছতহে বলবৎ কৰা হৈছিল। দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ এনে মুহুৰ্তত ৰাজনৈতিক মতবাদ তথা অৱস্থান নিৰপেক্ষে একমত হৈ থিয় দিয়াটো দেশৰ প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব। এনে কোনো সিদ্ধান্ত গ্ৰহণৰ কৃতিত্ব কোনো ব্যক্তিবিশেষ বা দলৰ নহয়; বৰঞ্চ এনে কাৰ্য্যসূচীক সফল ৰূপ দিয়া তথা নিজৰ প্ৰাণৰ মমতাক তুচ্ছ কৰি আগবঢ়া দেশৰ সামৰিক বাহিনীকহে আমি সম্পূৰ্ণ কৃতিত্ব দিয়া উচিত। সেয়েই এনে পৰিপ্ৰেক্ষিতত এজন ব্যক্তি বা দল একোটাক সমস্ত প্ৰশংসাৰে ওপচাই তেওঁৰ বা তেওঁলোকৰ জয় জয় কৰাতকৈ আমি দেশৰ সেনা বাহিনীৰ কাষত থিয় দি তেওঁলোকৰ মনোবল বৃদ্ধি কৰাটোহে প্ৰকৃত দেশপ্ৰেম। বায়ুসেনাৰ আজিৰ এই আক্ৰমণে দেশৰ নাগৰিকসকলক নিসন্দেহে উৎফুল্লিত কৰি তুলিছে। পিছে আনন্দ-উল্লাসৰ মাজতো আমি দেশৰ ভিতৰে-বাহিৰে থকা ৰাজনৈতিক অপশক্তিবোৰে যাতে দেশৰ প্ৰকৃত সুৰক্ষাকাৰীসকলৰ কৃতিত্বক কুক্ষিগত কৰি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব নোৱাৰে সেই কথালৈ মন দিয়া উচিত। সামাজিক মাধ্যমত তালফাল লগাই থাকিলেই দেশৰ অখণ্ডতা আৰু গৌৰৱ যে ৰক্ষা নহয়, সেই কথালৈকো আমি মন কৰা দৰকাৰ।

আনহাতে, আজিৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাকিস্তান চৰকাৰৰ তৰফৰ পৰা এক বিবৃতিযোগে এই কথাও কোৱা হৈছে, পাকিস্তানে সময় অনুসৰি নিজা পছন্দৰ স্থানত এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিব।  পাকিস্তানৰ সামৰিক বাহিনীৰ মিডিয়া বিভাগৰ সঞ্চালক প্ৰধানে উল্লেখ কৰা অনুসৰি  প্ৰধান মন্ত্ৰী ইমৰান খানে পাকিস্তানৰ ‘নেচনেল কমাণ্ড অথ’ৰিটী’ৰ জৰুৰী বৈঠক আহ্বান কৰিছে। এই প্ৰসংগত তেওঁ কয় যে, – ”নেচনেল কমাণ্ড অথ’ৰিটী’ৰ অৰ্থ কি সেয়া অনুধাৱন কৰক”। উল্লেখ্য যে, নেচনেল কমাণ্ড অথৰিটীয়ে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ কাৰ্য্যসূচীৰ সকলো দিশ চোৱাচিতা কৰে আৰু সেয়ে সঞ্চালক প্ৰধান মেজৰ জেনেৰল আছিফ গফুৰৰ এই মন্তব্যক পৰোক্ষভাৱে পাৰমাণৱিক আক্ৰমণৰ ইংগিত বা ভাবুকি বুলিও গণ্য কৰা হৈছে। গতিকে আজিৰ আক্ৰমণৰ পৰৱৰ্তী পৰ্য্যায়ত যে দেশৰ সীমামূৰীয়া অঞ্চলত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব সেয়া নিশ্চিত আৰু এই কথা দেশৰ সীমান্তৱৰ্তী ৰাইজৰ বাবে নিসন্দেহে উদ্বেগজনক হৈ পৰিছে। বিবিচিত প্ৰকাশিত এক বাতৰি অনুসৰি শ্ৰীনগৰকে ধৰি জম্মু-কাশ্মীৰৰ সাধাৰণ ৰাইজে পৰিস্থিতিয়ে এই যুদ্ধসদৃশ ৰূপ লোৱাত চিন্তা প্ৰকাশ কৰাৰ লগতে সম্ভাৱ্য যুদ্ধৰ বাবে খাদ্যসামগ্ৰী গোটোৱাকে ধৰি বিভিন্ন প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছে।  

বিৰিয়াৰ সাঁউৰি
Previous ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত পক্ষী গণনা
Next ছাৰ্জিকেল ষ্ট্রাইক- এটা সাময়িক ‘পেইন কিলাৰ’