ৰ্তমান সময়ত প্ৰযুক্তিবিজ্ঞান আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য আহিলা হৈ পৰিছে৷ টিভি, মোবাইল, ইণ্টাৰনেট অবিহনে আমি বৰ্তমান যুগৰ লগত খোজ মিলাব নোৱাৰা হৈ পৰিছোঁ৷ এটা টিভি গোটেই চুবুৰীয়ে মিলি চোৱাৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে টিভি হোৱালৈ আমি অনুভৱ কৰিব পাৰিছোঁ যে প্ৰযুক্তি বৰ্তমান সময়ত কিমান সুলভ হৈ পৰিছে৷ ঠিক তেনেকৈ ভিডিও ক’লত কথা পতা, অনলাইনত টকা পইচাৰ লেন-দেন কৰা, অনলাইন ক্লাছ ইত্যাদি তাহানিৰ দিনত সপোন যেন লাগিলেও আজিকালি এইবোৰ প্ৰায় সহজলভ্য হৈ পৰিছে৷ সেয়েহে এই আধুনিক পৃথিৱীখনৰ লগত খোজ মিলাই চলিবলৈ কম বেছি পৰিমাণে হলেও আমি বৰ্তমানৰ প্ৰযুক্তিবোৰৰ কথা জনা দৰকাৰ৷ বৰ্তমান সময়ৰ কিছুমান জনপ্ৰিয় প্ৰযুক্তি হ’ল –

আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা এ.আই (Artificial Intelligence – AI):

আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তা হ’ল এনেকুৱা  এক প্ৰযুক্তি যাৰ সহায়ত মেচিন এটাই নিজেই চিন্তা কৰি কোনো এটা কাম সমাধা কৰিব পাৰে৷ এই  এ..আই (AI) বোৰ নিৰ্মাণ কৰোতে এনেকুৱা কিছুমান সমাধান পদ্ধতি বা কম্পিউটাৰৰ ভাষাত এল’গৰিথিম (algorithm) প্ৰস্তুত কৰা হয় যাৰ সহায়ত মেচিনটোৱে গম পাই যায় যে কেনেকুৱা পৰিস্থিতিত মেচিনটোৱে কেনেকুৱা আচৰণ কৰিব৷ কিন্তু সেই মেচিনটোক যদি এনেকুৱা এটা পৰিস্থিতি দিয়া হয় যিটো সেই এল’গৰিথিমৰ বাহিৰত তেতিয়াহলে মেচিনটোৱে সেই পৰিস্থিতিটো সমাধান কৰাত ব্যৰ্থ হ’ব৷

(আৰ্টিফিচিয়েল ইণ্টেলিজেন্স )

উদাহৰণস্বৰূপে আমি ব্যৱহাৰ কৰা মোবাইলটোত কিছুমান এ.আই থাকে যাক পাৰ্চনেল এচিষ্টেণ্ট (Personal Assistant) বুলি কোৱা হয়, যেনেকৈ গুগল এচিষ্টেণ্ট (Google Assistant), চিৰি (Apple’s Siri) ইত্যাদি৷ এই পাৰ্চনেল এচিষ্টেণ্টবোৰক যি সোধা যায় তাৰে উত্তৰ দিব পাৰে আৰু লগতে অন্যান্য কাম যেনে ডাটা অন কৰা, গান বজোৱা, এলাৰ্ম লগোৱা ইত্যাদি কাম কৰিব পাৰে৷ আমি কব পাৰো যে সেইবোৰ কাম কৰিবলৈহে এই এল’গৰিথিম তৈয়াৰ কৰা হৈছে৷ কিন্তু  যদি আমি সেই কামবোৰৰ বাহিৰে বেলেগ কাম এটা কৰিবলৈ নিৰ্দেশ দিওঁ তেন্তে কৰিব নোৱাৰিব৷ উদাহৰণস্বৰূপে গুগল এচিষ্টেণ্টত অসমীয়া ভাষাটো সন্নিবিষ্ট কৰা নাই, যদি আমি এচিষ্টেণ্টটোক অসমীয়া ভাষাত আদেশ দিওঁ তেন্তে এচিষ্টেণ্টটোৱে বুজি নাপাব৷ এ.আই বৰ্তমান সময়ত বহু কামত ব্যৱহাৰ হয় যেনেকৈ মোবাইল কীবোৰ্ডত আখৰ লিখি থাকিলে তাৰ পিছৰ সম্ভাব্য শব্দটো নিজে নিজে চাজেকচ’ন হিচাপে অহা, গেম খেলিলে প্ৰতিদ্বন্দ্বীটোৱে নিজে নিজে চলন দেখুওৱা, দবা খেলত বিপৰীত ৰঙৰ টুকুৰাবোৰ নিজে নিজে চলাচল হোৱা ইত্যাদি৷

মেচিন লাৰ্ণিং বা দিপ লাৰ্ণিং (Machine Learning – ML or Deep Learning):

মেচিন লাৰ্ণিং শব্দটোৰ পৰাই গম পোৱা যায় যে ইয়াত মেচিনটোৱে নিজে নিজক শিকোৱাৰ কথা কৈছে৷ যদি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এটাত থকা এল’গৰিথিমটোক মেচিনটোৱে নিজে সলাই লৈ নিজক আৰু উন্নত কৰিব পাৰে তাক মেচিন লাৰ্ণিং বা এম এল (ML) বোলা হয়৷

  (মেচিন লাৰ্ণিং)

মেচিন লাৰ্ণিং আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰে এটা শাখা৷ মেচিন লাৰ্ণিঙত সাধাৰণতে এখন ডাটাবেছ (database) বা সৰল ভাষাত তথ্যৰ এটা ভাণ্ডাৰ থাকে য’ত তথ্যবোৰ শৃংখলাবদ্ধভাৱে সঞ্চয় কৰা থাকে আৰু সেই ডাটাবোৰৰ ওপৰত ভিত্তি কৰিয়েই মেচিনটোৱে নিজকে প্ৰশিক্ষণ দিয়ে৷ ধৰা হ’ল মই মেচিনটোক ক’লো যে মোৰ জন্ম সৰভোগত হৈছিল তেতিয়া লগে লগে মেচিনটোৱে মোৰ জন্ম ক’ত হৈছিল সেই উত্তৰটো ডাটাবেছত সুমুৱাই থব আৰু পিছৰবাৰ মই যেতিয়া মেচিনটোক সুধিম যে মোৰ জন্ম ক’ত হৈছিল? মেচিনটোৱে সেই ডাটাবেছৰ তথ্যৰ আধাৰত কব পাৰিব যে মোৰ জন্ম সৰভোগত হৈছিল৷ এ আই (AI) এটা উন্নত কৰি তুলিবলৈ মেচিন লাৰ্ণিঙে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ বৰ্তমান সময়ত মেচিন লাৰ্ণিং ইমানেই দক্ষ হৈ উঠিছে যে আমাৰ কি পছন্দ কি অপছন্দ আমাতকৈ বেছি মেচিন লাৰ্ণিঙে জানে৷ আমি যদি অনলাইন শ্বপিং এপত কিবা এটা বস্তু বিচাৰি থাকোঁ, ধৰা হওক মই এটা ঘড়ী বিচাৰি আছোঁ৷ পিছত যেতিয়া মই ছচিয়েল মিডিয়া খুলিম তেতিয়া তাত বেলেগ বেলেগ দামৰ ঘড়ী দেখুৱাই থাকিব৷ এইটো কেৱল মেচিন লাৰ্ণিঙৰ বাবেই সম্ভৱ হৈছে৷ মেচিন লাৰ্ণিঙক প্ৰশিক্ষণৰ দৰকাৰ সেয়েহে কেতিয়াবা ফেচবুক খুলিলে আমাক কিছুমান প্ৰশ্ন সোধা দেখা পাওঁ, “এই মানুহজন তুমিয়েই নে, তুমি নিজকে টেগ কৰিব বিচৰা নেকি?’’ (Is this you? Do you want to tag yourself? ) আৰু এটা উদাহৰণ হৈছে গুগল ফটোছ (Google Photos), তাত পিপ’ল এণ্ড পেটচ (People and Pets) বুলি এলবাম মেচিন লাৰ্ণিঙৰ দ্বাৰা নিজে নিজে সৃষ্টি হয় য’ত প্ৰত্যেকজন মানুহৰ ফটো বেলেগ বেলেগকৈ সজাই থোৱা থাকে৷ কেতিয়াবা গুগল ফটোছ খুলিলে কিছুমান প্ৰশ্ন সোধে; যেনেকৈ দুখন ফটো দেখুৱাই এটা প্ৰশ্ন সোধে যে ফটো দুখনত থকা মানুহজন এজনেই নে বেলেগ বেলেগ? তেতিয়া আমি দিয়া উত্তৰৰ ওপৰত ভিত্তি কৰি গুগলে নিজৰ মেচিন লাৰ্ণিঙক প্ৰশিক্ষণ দিয়ে আৰু আগলৈ সেই তথ্যবোৰ ডাটাবেছত সঞ্চয় কৰি ৰাখে৷ মেচিন লাৰ্ণিঙৰ আন কিছুমান উদাহৰণ হ’ল – ফেচবুক নিউজ ফিড য’ত আমাৰ পছন্দৰ বা আমি লাইক বা কমেণ্ট কৰি থকা মানুহবোৰৰ বা পেজৰ পোষ্টবোৰহে বেছিকৈ দেখুৱায়, ইউটিউবত কোনো এটা ভিডিও চালে তাৰ পিছৰ ভিডিওবোৰো ঠিক তেনেকুৱা ধৰণৰ বা তেনেকুৱা জেনৰৰ (genere) হে ভিডিও চলি থাকে থাকে ইত্যাদি৷

কেতিয়াবা কিছু লোকে নিজকে বেংকৰ মানুহ বুলি পৰিচয় দি বেংকৰ কাৰ্ড নম্বৰ, অটিপি (OTP) ইত্যাদি ইত্যাদি জানিব বিচাৰে৷ এই প্ৰক্ৰিয়াটোকে ছচিয়েল ইঞ্জিনিয়াৰিং বোলা হয়৷

ইণ্টাৰনেট অব থিংচ বা আই.ও.টি (Internet of Things – IoT):

ইণ্টাৰনেট অব থিংচ হ’ল এনেকুৱা এটা প্ৰযুক্তি য’ত মেচিন বা সঁজুলিবোৰ এনেকুৱা এটা নেটৱৰ্কত সংযোগ হৈ থাকে যাৰ সহায়ত আমি প্ৰত্যক্ষভাবে সেই মেচিনটোৰ লগত ভাব বিনিময় নকৰাকৈ বা নুচুৱাকৈ আমি সেই মেচিনটোৰ দ্বাৰা কাম কৰিব পাৰো৷ সংজ্ঞাটো বুজাত অলপ অসুবিধা হব পাৰে সেয়েহে সৰল ভাষাত বুজাই দিয়াৰ চেষ্টা কৰিম৷

আমি মানুহক কোৱা শুনিছোঁ যে আজিকালি মোবাইলে সকলো কৰিব পাৰে৷ কিন্তু আমি যদি কওঁ যে মোবাইটোক ভাত ৰান্ধিবলৈ দিয়া? তেতিয়া বহুতে এইটো ধেমালি কৰিছে বুলি কব৷ কিন্তু নহয়, আই ও টি (IoT) এনেকুৱা এটা বস্তু যাৰ সহায়ত মোবাইলটোৰ দ্বাৰা ভাত ৰন্ধাটোও সম্ভৱ হ’ব পাৰে৷ হোম অট’মেচন (Home Automation)ৰ নাম নিশ্চয় শুনিছে চাগে৷ হোম অট’মেচনত ঘৰ এটাৰ লাইট,ফেন,দৰ্জা, খিৰিকী ইত্যাদি সকলো মোবাইল বা কম্পিউটাৰৰ সহায়তে নিয়ন্ত্ৰণ কৰিব বা অন অফ কৰিব পাৰি৷

(ইণ্টাৰনেট অফ থিংচ)

এইটো কেৱল সম্ভৱ হৈছে ইণ্টাৰনেট অব থিংচৰ বাবে৷ ইণ্টাৰনেট অব থিংচত মেচিনবোৰ এটা নেটৱৰ্কৰ লগত সংযোগ হৈ থাকে যাৰ সহায়ত আমি মোবাইল বা কম্পিউটাৰৰ সহায়ত সেই মেচিনবোৰ চলাব পাৰো৷ ইণ্টাৰনেট অব থিংছে আমাৰ মোবাইল বা কম্পিউটাৰটোৰে কৰিব পৰা কামৰ যিটো সীমা, সেই সীমা আৰু দূৰলৈ ঠেলি দিছে লগতে ই আমাৰ শাৰীৰিক কষ্ট বহুলাংশে কমাইছে আৰু বহু সময়ো ৰাহি কৰিছে৷ ঘৰৰ পৰা বাহিৰলৈ গলেও ঘৰত কি চলি আছে চি চি কেমেৰাৰ সহায়ত আমি মোবাইতে চাব পাৰো সেয়েহে আমাৰ সুৰক্ষাৰ ক্ষেত্ৰতো ইণ্টাৰনেট অব থিংছে গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে৷ ইণ্টাৰনেট অব থিংছৰ সহায়ত আজি অনলাইন অস্ত্ৰোপচাৰ পৰ্যন্ত সম্ভৱ হৈছে৷ ইয়াৰ উপৰিও এই প্ৰযুক্তি ব্যৱহাৰ কৰি মহিলা সুৰক্ষাৰ বাবেও বহু আহিলা নিৰ্মাণ হ’ব ধৰিছে৷ আই ও টি (IoT)ৰ আন কিছুমান উদাহৰণ হ’ল – দ্ৰোণ (drone), ব্লুটুথ মিউজিক চিষ্টেম আৰু হেডফোন, ফিটবেণ্ড আৰু স্মাৰ্ট ৱাটছ (smart watch) ইত্যাদি৷

ৰ’বটিক প্ৰচেছ অট’মেচন বা আৰ.পি.এ (Robotic Process Automation – RPA):

ৰ’বটিক প্ৰচেছ অট’মেচন হ’ল এনেকুৱা এটা প্ৰযুক্তি যাৰ সহায়ত কোনো এটা কাম মানুহৰ পৰিবৰ্তে ৰ’বট এটাৰ দ্বাৰা কোনোধৰণৰ ভুল নোহোৱাকৈ একেৰাহে কৰিব পৰা যায়৷ এই প্ৰক্ৰিয়াত ৰবটবোৰক এনেদৰে নিৰ্মাণ কৰা হয় যে সেই ৰ’বটটোৱে সেই কামটো কৰিব পাৰে আৰু অহৰহভাৱে কোনোধৰণৰ ত্ৰুটি নোহোৱাকৈ চলি থাকিবলৈ সেই ৰ’বটোত এটা এ আই (AI) প্ৰগ্ৰাম ইনষ্টল (install) কৰা হয়৷ আৰু সেই এ আই টোৰ নিৰ্দেশমৰ্মে ৰ’বটটোৱে কাম কৰি থাকে৷ ৰ’বটিক প্ৰচেছ অট’মেচন ডাঙৰ ডাঙৰ কোম্পানীবোৰত পেকেজিং কৰা, সামগ্ৰীত ৰং কৰা ইত্যাদি কামত ব্যৱহাৰ কৰা হয়৷

      (ৰ’বটিক প্ৰচেছ অট”মেচন)

ভাৰ্চুৱেল ৰিয়েলিটি বা ভি.আৰ (Virtual Reality – VR):

ভাৰ্চুৱেল ৰিয়েলিটি হ’ল এনেকুৱা এটা প্ৰযুক্তি যাৰ সহায়ত ভাৰ্চুৱেল বা কম্পিউটাৰৰ জগতখনক এখন সঁচা জগতৰ দৰে অনুভৱ কৰোৱা হয়৷ ভাৰ্চুৱেল ৰিয়েলিটিত কিছুমান আহিলা যেনেকৈ থ্ৰি.ডি(3D) চচমা নাইবা ভাৰ্চুৱেল বক্স (virtual box) ইত্যাদি ব্যৱহাৰ কৰি স্ক্ৰীনত এনেকুৱা কিছুমান ছবি দেখুৱা হয় যাৰ বাবে মানুহজনৰ এনেকুৱা অনুভৱ হয় যে নিজেই সেই ঠাইৰ মাজত আছে৷ এই প্ৰযুক্তিটো বিশেষকৈ ভিডিও গেম, চিনেমা, তাৰকাগৃহ (observatory) ইত্যাদিত ব্যৱহাৰ কৰা হয়৷

    (ভাৰ্চুৱেল ৰিয়েলিটি)

অগ’মেণ্টেড ৰিয়েলিটি বা এ.আৰ (Augumented reallity -A R)

অগমেণ্টেড ৰিয়েলিটি হ’ল এনেকুৱা এটা প্ৰযুক্তি যাৰ সহায়ত প্ৰকৃত জগতখনৰ লগত কিছুমান কম্পিউটাৰ নিৰ্মিত বস্তুৰ সংযোজন ঘটোৱা হয়৷ কিছুমান মোবাইল কেমেৰাত মানুহ এজনৰ দেহত কম্পিউটাৰ সৃষ্ট নাক কাণ টুপী ইত্যাদি দেখুৱাই ফটো উঠাব পাৰি৷ যিটো প্ৰযুক্তিৰ সহায়ত আমি সেই নাক কাণ ইত্যাদি মোবাইল কেমেৰাত দেখিবলৈ পালোঁ সেই প্ৰযুক্তিটোৱেই হ’ল অগ’মেণ্টেড ৰিয়েলিটি৷ অগ’মেণ্টেড ৰিয়েলিটিৰ আন কিছুমান উদাহৰণ হ’ল – টিকটক এপ ফিল্টাৰ, প’কিমন গো, ক্ৰিকেট খেলত এল.বি.ডব্লিউ দেখুৱা লাইনটো ইত্যাদি৷

   (অগ’মেণ্টেড ৰিয়েলিটি)

ক্ৰীপ্ট’কাৰেন্সি (Cryptocurrency):

ক্ৰীপ্টকাৰেন্সি হ’ল এটা ডিজিটেল মুদ্ৰাৰ লেন-দেনৰ এক মাধ্যম য’ত এজন মানুহৰ বা এটা একাউণ্টৰ পৰিবৰ্তে সেই মুদ্ৰাবোৰ সঞ্চয় হৈ থাকে আৰু ক্ৰীপ্টগ্ৰাফী (cryptography) ব্যৱহাৰ কৰি সেইবোৰ সুৰক্ষা দিয়া হয়৷ ক্ৰীপ্টগ্ৰাফী হ’ল গণিতৰ এনে এটা বিষয় যাৰ সহায়ত কোনো এটা বাৰ্তা বা তথ্য আন কিছুমান ৰূপলৈ পৰিৱৰ্তন কৰা হয়-যাক চিফাৰ (cipher) বুলি কোৱা হয়৷ এনেকুৱা কৰাৰ ফলত আচল তথ্যটো চিফাৰ আকাৰত গোপনে থাকে আৰু কোনো হেকাৰ (hacker) বা মাজৰ মানুহে সেই তথ্যটো চালেও একো বুজি নাপায়৷ ক্ৰীপ্টকাৰেন্সি আমি নজনাকৈয়ে বহু ক্ষেত্ৰত ব্যৱহাৰ কৰি আছোঁ যেনেকৈ আমি কিছুমান মোবাইল এপৰ দ্বাৰা ৰিচাৰ্জ কৰিলে কিছুমান মুদ্ৰা বা কইন ঘূৰাই পাওঁ কেছবেক (cashback) হিচাপে৷ কিছুমান এপত সেইবোৰ আমাৰ বেংক একাউণ্টত সোমায় কিন্তু কিছুমান এপত এই মুদ্ৰাবোৰ সেই এপটোতে থাকি যায় যিটো এটা সময়ৰ মূৰত বা এটা পৰ্যাপ্ত পৰিমাণৰ মুদ্ৰা জমা হলেহে ব্যৱহাৰ কৰিব পাৰি৷ এতিয়া কিছুমান প্ৰশ্ন উদয় নহয়নে যে আমি যে কেছবেক পালোঁ সেইটো সঁচাকৈ পালোঁনে? আমাৰ একাউণ্টত কিন্তু কিবা এটা সংখ্যাহে দেখুৱাই থাকিব৷ এইটোৱেই হ’ল এটা ক্ৰীপ্টকাৰেন্সিৰ উদাহৰণ য’ত সঁচাকৈ মুদ্ৰা আছেনে নাই নাজানো কিন্তু তাৰ যে এটা মূল্য আছে সেয়া আমি জানো৷ ক্ৰীপ্টকাৰেন্সিৰ অন্য এটা উদাহৰণ হৈছে বিটকইন (bitcoin)৷ বিটকইন ইণ্টাৰনেটৰ বজাৰত বহুতো ভাল বেয়া কাম কৰাৰ বাবে ব্যৱহাৰ হয়৷ বৰ্তমান মই এই লিখনিটো লিখি থকা সময়ত ১ বিটকইনৰ মূল্য হল ৮, ১১, ৪৯৭.৭০ টকা৷

  (ক্ৰীপ্টকাৰেন্সি )

চাইবাৰ চিকিউৰিটি (Cyber Security):

চাইবাৰ চিকিউৰিটি হ’ল ইণ্টাৰনেটৰ মাজেৰে হ’ব পৰা চুৰি নাইবা ক্ষয় ক্ষতিৰ পৰা তথ্যবোৰ সুৰক্ষিত কৰি ৰখাৰ এটা ব্যৱস্থা৷ বৰ্তমান সময়ত মানুহবোৰ অনলাইন ব্যৱস্থাৰ সতে জড়িত হৈ আহিছে৷ মানুহে টকা পইচাৰ লেনদেন, বস্তু কিনা বেচা ইত্যাদি সকলো ইণ্টাৰনেটৰ জৰিয়তে কৰিবলৈ ধৰিছে৷ সেয়েহে চাইবাৰ চিকিউৰিটি বৰ্তমান সময়ত খুবেই এক গুৰুত্বপূৰ্ণ বিষয়৷ ছফটৱেৰ কোম্পানীবোৰে নিজৰ চিষ্টেমটো হেকাৰ (hacker) বা এটেকাৰ (attacker) ইত্যাদিৰ পৰা সুৰক্ষা দিয়াৰ বাবে চিষ্টেম ইঞ্জিনীয়াৰ (System Engineer) আৰু ইথিকেল হেকাৰ (Ethical Hacker) বোৰক চাকৰি দিয়ে যাতে সিহঁতে সিহঁতৰ ছফটৱেৰৰ দুৰ্বলতাবোৰ (Vulnerabilities) ঠিক কৰিব পাৰে৷

(চাইবাৰ চিকিৰিউটি)

কেইটামান হেকিং পদ্ধতি যাৰ সহায়ত হেকাৰবোৰে সাধাৰণতে হেক (hack) কৰে –

১) ফিচিং (phishing): এই পদ্ধতিত হেকাৰজনে এটা দেখাত একে কিন্তু তাৰ নিজৰ ৱেবছাইটৰ লিংক প্ৰেৰণ কৰে৷ উদাহৰণস্বৰূপে হেকাৰজনে ফেচবুকৰ দৰে ৱেবছাইট এটাৰ লিংক পঠিয়াই দিলে৷ আমি সেই লিংকটো ক্লিক কৰি দেখিলো যে আমাক ফেচবুকত ল’গইন (login) কৰিব দিছে আৰু আমি লগইন কৰিলো৷ যাৰ ফলত আমৰ ল’গ ইন আইডি আৰু পাছৱৰ্ড হেকাৰজনে পাই যাব৷
২)পাছৱৰ্ড এটেক  (password attack):ক) দিকছ্নাৰী এটেক (Dictionary attack): এই পদ্ধতিত হেকাৰজনে শব্দকোষ (dictionary)ত থকা শব্দবোৰ এটাৰ পিছত এটাকৈ ঢালিব পৰা কিছুমান প্ৰগ্ৰেম বনায়। যদি তাত থকা শব্দবোৰ পাছৱৰ্ডটোৰ লগত মিলি যায় তেনেহলে চিষ্টেমটো খোল খাব।
খ) ব্ৰুট ফৰ্চ এটেক (Brute-force attack): এই পদ্ধতিত হেকাৰজনে বহু পাছৱৰ্ড এটাৰ পিছত এটাকৈ ঢালি থাকিব পৰা প্ৰগ্ৰেম তৈয়াৰ কৰি লয় আৰু সেই পাছৱৰ্ডবোৰৰ মাজত কোনোবা এটা মিলি গলে চিষ্টেমটো খোল খাই যাব।

৩) ডোচ এটেক (Denial of Service or DoS attack): এই পদ্ধতিত হেকাৰজনে কিছুমান ছফটৱেৰৰ সহায়ত ৱেবছাইট এটালৈ অগণন ৰিকুৱেষ্ট (request) পঠায় যাৰ ফলত চাৰ্ভাৰ (Server)ত ট্ৰেফিক (traffic) বাঢ়ি যায় আৰু চাৰ্ভাৰ ডাউন (server down) হৈ যায়৷ যেতিয়া কোনোবা গুৰুত্বপূৰ্ণ মেইল আহিব লগা থাকে নাইবা কোনোবা ৱেবছাইটত কিছুমান বিশেষ তথ্য যেনেকৈ পৰীক্ষাৰ ৰিজাল্ট চাব লগা হয় তেতিয়া কিছুমান অসৎ লোকে এই কামটো কৰে৷
৪) স্নিফিং (sniffing) আৰু স্পুফিং (spoofing): যদি এটা পাব্লিক ৱাই ফাই (Wi-Fi) নাইবা লেন (LAN)ত সংযোগ কৰি কোনোবাই নেট চলাই আছে আৰু সেই একেই লেন বা ৱাইফাইত সংযোগ কৰি হেকাৰজনেও নেট চলাই আছে, যদিহে সেই মানুহজনে ফেচবুক নাইবা আন তেনেকুৱা ৱেবছাইটত ল’গইন (login) কৰে তেতিয়া হেকাৰজনে সেই মানুহজনৰ পাছৱৰ্ড পোৱাৰ সম্ভাৱনা থাকে৷ যিহেতু সেই পাছৱৰ্ডটো সেই লেন বা ৱাইফাইৰ মাজেৰে যাব, কিছুমান ছফটৱেৰ যেনেকৈ ৱেৰশ্বাৰ্ক (Wireshark) ইত্যাদিৰ সহায়ত পাছৱৰ্ডটো পাব পাৰি৷ এই প্ৰক্ৰিয়াটোকে স্নিফিং বোলা হয়৷ যেতিয়া সেই পাছৱৰ্ডটোৰ সহায়ত হেকাৰজনে ল’গইন কৰিব সেই প্ৰক্ৰিয়াতোক স্পুফিং বোলা হয়৷
৫) ছচিয়েল ইঞ্জিনীয়াৰিং (Social Engineering): কেতিয়াবা কিছু লোকে নিজকে বেংকৰ মানুহ বুলি পৰিচয় দি বেংকৰ কাৰ্ড নম্বৰ, অটিপি (OTP) ইত্যাদি ইত্যাদি জানিব বিচাৰে৷ এই প্ৰক্ৰিয়াটোকে ছচিয়েল ইঞ্জিনিয়াৰিং বোলা হয়৷

ৰাজহুৱা ৱাইফাই (Wi-Fi)ৰ পৰা ইণ্টাৰনেট চলাই থাকিলে পাৰাপক্ষত অনলাইন টকা পইচাৰ লেনদেন কৰিব নালাগে৷

এতিয়া প্ৰশ্ন হ’ল আমি নিজে নিজৰ মোবাইল বা কম্পিউটাৰটো চাইবাৰ এটেক (cyber attack) বা হেকিং (hacking)ৰ পৰা কেনেকৈ সুৰক্ষিত ৰাখিব পাৰো? ইয়াৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগে –
১) মোবাইল এটাত কোনো এটা ছফটৱেৰ ইনষ্টল (install) কৰোঁতে সেই ছফটৱেৰ পাৰ্মিচনবোৰ চাব লাগে৷ উদাহৰণস্বৰূপে যদি সেই ছফটৱেৰটোৱে কেমেৰা পাৰ্মিচন বিচাৰে আৰু পাৰ্মিচনটো দিয়া হয় তেনেহলে সেই ছফটৱেৰ টোৱে তাৰ পিছত অনুমতি অবিহনে মোবাইলৰ কেমেৰা চলাব পাৰিব৷ পাৰ্মিচন তেতিয়াহে দিব লাগে যেতিয়া সেই সঁচাকৈয়ে সেই পাৰ্মিচনটো দৰকাৰী৷ ঠিক তেনেকৈ আন আন পাৰ্মিচনবোৰ হ’ল – জি.পি.এছ (GPS), ষ্ট’ৰেজ (Storage), এছ.এম.এছ (SMS), ফোন কল (Phone Call), কণ্টেক (Contact) পাৰ্মিচন ইত্যাদি৷ কম্পিউটাৰৰ ক্ষেত্ৰত ছফটৱেৰ ইনষ্টল কৰোঁতে ইউজাৰ এগ্ৰিমেণ্ট (user agreement)খন ভালদৰে পঢ়ি লব লাগে৷
২) সদায় পাছৱৰ্ড ব্যৱহাৰৰ কৰিব লাগে৷
৩) পাছৱৰ্ড এটেকৰ পৰা বাচিবলৈ পাছৱৰ্ডটো  ডাঙৰ হাতৰ ABCD, সৰু হাতৰ abcd, চিম্বল (! @#$%^&*) আৰু সংখ্যা ব্যৱহাৰ কৰিব লাগে৷ উদাহৰণস্বৰূপে – Password@123.
৪) পাছৱৰ্ডটো কাকো জনাব নালাগে৷
৫) অচিনাকি মানুহে ওৱান টাইম পাছৱৰ্ড (OTP) খুজিলে দিব নালাগে৷
৬) ৰাজহুৱা ৱাইফাই (Wi-Fi)ৰ পৰা ইণ্টাৰনেট চলাই থাকিলে পাৰাপক্ষত অনলাইন টকা পইচাৰ লেনদেন কৰিব নালাগে৷
৭) ফাইণ্ড মাই ডিভাইছ (Find my device) বুলি এটা এপ পোৱা যায় যাৰ সহায়ত মোবাইল ফোন চুৰি হলে বা হেৰুৱালে তাৰ লোকেচনটো উলিয়াব পাৰি৷ ইয়াৰ বাবে হেৰুওৱা মোবাইলটোৰ মোবাইল ডাটা আৰু জিপিএছ(GPS) অন হৈ থকাটো দৰকাৰী৷

প্ৰযুক্তিয়ে বৰ্তমান পৃথিৱীত এক বিপ্লৱ কঢ়িয়াই আনিছে৷ আন সকলো বস্তুৰ দৰে এই প্ৰযুক্তিবোৰোৰো ভাল বেয়া গুণ দুয়োটাই আছে৷ সেয়েহে আমি এই প্ৰযুক্তিবোৰৰ বিষয়ে সাধাৰণ জ্ঞানখিনি জানি লোৱা উচিত যাতে ইয়াৰ বেয়া গুণবোৰৰ পৰা আঁতৰি থাকি ভাল গুণবোৰ জনহিতাৰ্থে ব্যৱহাৰ কৰিব পাৰো৷

Previous মোবাইল ফোনৰ বাবে শিশুসকল বিছিন্ন হৈছে চৌপাশৰ পৰিৱেশৰ পৰা
Next “আকৌ নতুন প্ৰভাত হব'': জনতাৰ শিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ ৭৭ সংখ্যক জন্মদিনৰ সোঁৱৰণ