টেনশ্বন যুদ্ধ আৰু ৰাহু


https://biriyaa.com/

টেনশ্বন আমাৰ চিৰ লগৰীয়া। ঘৰত গেছ নাথাকিলে টেনশ্বন, পেটত গেছ থাকিলে টেনশ্বন। ৰাষ্টা বন্ধ থাকিলে টেনশ্বন আৰু স্কুল খোলা থাকিলে টেনশ্বন। দেশত যুদ্ধ হ’লে টেনশ্বন, যুদ্ধ নালাগিলেও টেনশ্বন। এই টেনশ্বনৰ পৰা পৰিত্ৰাণ পাবলৈ উপায় বিচাৰি জুকাৰবাৰ্গ দাই উলিয়ালে ‘ফেচবুক’। বোলো ৰাইজে ৰাইজক লগ পাব, নতুন চা- চিনাকি হ’ব, কথা বতৰা হ’ব আৰু টেনশ্বনবোৰ কমিব। ক’তা, ওলোতা দুই-তিনিগুণে বাঢ়ি গ’ল টেনশ্বন! গালি গালাজৰ এক্সপেৰিমেন্টৰ থলী হ’লগৈ ফেচবুক। পাৰিলে কেইজনমানে ইয়াতে পাৰমাণৱিক বোমা এটা পেলাব কোনোবা দিনা। ফেচবুকেও যেতিয়া টেনশ্বন দুগুণেহে বঢ়ালে, এতিয়া আৰু আদিম যুগলৈ ঘূৰি যোৱাটোৱেই ভাল হ’ব যি দেখিছো। আদিম মানে মই পাথৰত পাথৰ মাৰি জুই জ্বলোৱাৰ কথা কোৱা নাই পিছে। মই কিতাপ পঢ়ি সময় পাৰ কৰাৰ কথাহে কৈছো। সেইটো আকৌ বহুতৰ বাবে আদিম প্ৰথা যে সেইকাৰণে হে ক’লো আৰু কথাটো!

ম’বাইলে, ফেচবুকে, ৱাটচএপে বহুতে চিঞৰি আছে ‘যুদ্ধ যুদ্ধ’। সৈনিক সকলৰ তেজৰ বিনিময়ত আমি কি দিছো তেওঁলোকক? ফেচবুকৰ ষ্টেটাচত শ্ৰদ্ধা? বন্দুকৰ গুলি খোৱাৰ সাহস কলিজাত ৰখাটো সকলোৰে বাবে সহজ নহয়। সেইকাৰণে সকলো সৈনিক হ’ব নোৱাৰে। আমাৰ দেশত আমাৰ কথাই শেষ কথা হয়গে। সেইকাৰণে সময় হ’লে আমি নিজেও বুকু পাতি দিম বুলি নিজৰ মনতেই পণ এটা কৰক। অকল ছচিয়েল মিডিয়াত খং ক্ষোভ উজাৰি জোৱান সকলক যুদ্ধ লাগিবলৈ কৈ থাকি আমি নিজে আৰামত কে.এফ.চিত মুৰ্গী চিঙি থাকিলে হ’ব জানো? প্ৰয়োজন হ’লে আমিও যাম সীমান্তলৈ। শেষ কথা এইটো হ’ব লাগে।

সমলৈ ৰাহু আহিছিল হেনো। কেতুক চেলেঞ্জ কৰি গ’ল। কেতু হেনো জিকিব নোৱাৰে অসমত অাকৌ। ৰাহুক আমি হিচাপ মতে ভাল বুলি জানো। এতিয়া এই ভালটো বুৰ্বকৰ নামান্তৰ নহ’লে আমি বেছি ভাল পাম। ৰাহুৰ কথা শুনি পৰিবৰ্তন যে নাহিব এনে নহয়। আহিব, অলপ হ’লেও আহিব। কাৰণ ৰাহুৰ গাত ওজন থাকক নাথাকক কথাত ওজন কিন্তু যোৱা কেইবছৰমান ধৰি আহিছে। এতিয়া কথাটো হ’ল যে পি.অ’.কেত হোৱা ছাৰ্জিকেল ষ্ট্ৰাইকে চিধা চিধি ৰাহুৰ কথা কাটিব নে ৰাহুৰ কথাই অমৃতৰ কাম কৰিব। সেইটো পিছে সময়ে ক’ব। কিনো হয় দেখা পাম বাৰু অনাগত দিনত। অসমৰ জনগণৰ বাৰু স্মৃতিশক্তি বহুত ভাল সেইটো ভালদৰে জনা আছে… 

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous পক্ষী গণনাৰে চি ভি ৰমনলৈ শ্ৰদ্ধাৰ্ঘ্য কটন বিশ্ববিদ্যালয়ত : ২৮ বিধ ভিন্ন প্ৰজাতিৰ পক্ষী লিপিবদ্ধ
Next নি ভৃ ত!