বিনন্দীয়া প্ৰকৃতিৰ অনুপম সৌন্দৰ্য্যৰ অধিকাৰিণী খৈৰাণি। চৌদিশৰ শাৰী শাৰী পাহাৰৰ সেউজী শোভাৰ মাজতে  ইয়াৰ কাষেৰে বৈ যোৱা নৈ -নিজৰাৰ নৈসৰ্গিকতাই খৈৰাণিলৈকে নমাই আনে সৌন্দৰ্যৰ সীমাহীন মাধুৰ্য্যতা। দেও দি ফুৰা ময়ূৰ, ধনেশ পক্ষীৰ লগতে চিনাকি-অচিনাকি হেজাৰ-বিজাৰ চৰাইৰ কাকলিত মুখৰিত হয় ইয়াৰ সমস্ত পৰিবেশ। বিপৰীতে অস্তগামী সুৰুজৰ লুকাভাকুৰ মাজতে পাহাৰৰ পৰা জাকে-জাকে নামি অহা বন্যহস্তীৰ  আৰাও আৰু বাঘ, ভালুকৰ গর্জনত ভংগ হয় খৈৰাণিৰ নিস্তব্ধতা। গভীৰ নিশাৰ আন্ধাৰৰ মায়াজাল ফালি চৌদিশৰ পৰা ওলাই অহা অযুত-অগণন জোনাকী পৰুৱাৰ তিৰবিৰণিয়েও লৈ আহে জীৱনৰ সীমাহীন মাদকতা। হয় এয়াই খৈৰাণি। জন-কোলাহলৰ পৰা সম্পূৰ্ণ নিলগত প্ৰকৃতিৰ এক মনোৰম ঠাই।

শেহতীয়াকৈ ইয়াৰ শোভা আৰু অধিক বৰ্ধন কৰি জৈৱিক চাহ উৎপাদনৰে আন্তৰ্জাতিক খ্যাতি লাভ কৰা স্থানীয় উদ্যমী যুৱক টেনজিং বডোছাই তাত জৈৱিক চাহ খেতিৰ সমান্তৰাল ভাৱে কিছু অংশক সামৰি অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এখন হস্তী অনুকূল পৰিৱেশ পৰ্য্যটন এলিফেন্ট ফ্ৰেইণ্ডলি ইক’-টুৰিজিম কেন্দ্ৰ গঢ়ি তুলিছে। নাম ৰাখিছে  “টেনজিং ইক’ ট্যুৰিজিম”।

ওদালগুৰি জিলাৰ টংলাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ উত্তৰে হিমালয়ৰ নামনিত ভাৰত-ভূটান সীমান্তত অৱস্থিত এই খৈৰাণি বৰ্তমান শত সহস্ৰজনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইয়াত থকা বাঘ, ভালুক, হাতী, হৰিণ, বনৰীয়া গাহৰি, সাপ, নেউল আদি জীৱ-জন্তু  ময়ূৰ, ধনেশ পক্ষীসহ হেজাৰ-বিজাৰ চৰাই-চিৰিকটি ,নৈ-নিজৰা আৰু শাৰী-শাৰী পাহাৰৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্য বিচাৰি ঢাপলি মেলে স্থানীয় বিভিন্ন জনে,দেশী-বিদেশী পৰ্য্যটকে। শেহতীয়াকৈ ইয়াৰ শোভা আৰু অধিক বৰ্ধন কৰি জৈৱিক চাহ উৎপাদনৰে আন্তৰ্জাতিক খ্যাতি লাভ কৰা স্থানীয় উদ্যমী যুৱক টেনজিং বডোছাই তাত জৈৱিক চাহ খেতিৰ সমান্তৰাল ভাৱে কিছু অংশক সামৰি অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এখন হস্তী অনুকূল পৰিৱেশ পৰ্য্যটন এলিফেন্ট ফ্ৰেইণ্ডলি ইক’-টুৰিজিম কেন্দ্ৰ গঢ়ি তুলিছে। নাম ৰাখিছে  “টেনজিং ইক’ ট্যুৰিজিম”।

স্থানীয় লোকৰ মাজত টেনজিং মাউনটেইন হিচাপে জনাজাত হোৱা এই পৰ্য্যটন ক্ষেত্ৰৰ পৰা বাণিজ্যিক সফলতা লাভ কৰিবলৈও সক্ষম হৈছে  টেনজিং বডোছাই। ইতিমধ্যে আমেৰিকা, জাপান, চীন, ফ্ৰান্স, কানাডা, চুইজাৰলেণ্ড, বাংলাদেশৰ লগতে আমাৰ দেশৰ দিল্লী, কলিকতা, মধ্যপ্ৰদেশ, বাংগালুৰু ইত্যাদিৰ  যথেষ্ট সংখ্যক পৰ্য্যটকৰ  উপৰি দৈনিক শ শ স্থানীয় লোকে তাত ভিৰ কৰি তাৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত টেনজিঙে কয়- সেয়া ১৯৫৫-৬০ চন মানৰ কথা। চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু নেপালৰ পৰা কিছুসংখ্যক নেপালী সম্প্ৰদায়ৰ লোক প্রবজিত হৈ এই খৈৰানিলৈকে আহিছিল আৰু পাহাৰ নৈ-নিজৰাৰে ভৰা প্ৰকৃতিৰ এই মনোৰম ঠাইডোখৰ বসবাসৰ বাবে বাচনি কৰিছিল। কালক্ৰমত তেওঁলোকে ইয়াত কুঁহিয়াৰকে ধৰি বিভিন্ন ধৰণৰ কৃষি কাৰ্য্য কৰি জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে।

কিন্ত হঠাতেই এদিন তেওঁলোকৰ জীৱন-জীৱিকলৈ নামি আহিল কালধুমুহা। ২০০৩ চনৰ শেষৰ ফালে  সীমান্তৰ সিপাৰে ভুটানত ভাৰতীয় সেনা আৰু ভূটান ৰয়েল আৰ্মীৰ যৌথভাৱে উগ্ৰপন্থীৰ বিৰুদ্ধে আৰম্ভ হ’ল “অপাৰেচন অল ক্লিয়েৰ “। আৰু তেতিয়াই গুলি-বাৰুদৰ কাণ তলা মৰা শব্দত দিক-বিদিক হেৰুৱাই সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হল নেপালী সম্প্ৰদায়ৰ সেই লোকসকল। এইদৰেই এদিন জনশূন্য হৈ পৰিল খৈৰাণিৰ সেই বিস্তীৰ্ণ অঞ্চল। বছৰ বছৰ ধৰি পৰি ৰল পৰিত্যক্ত হৈ। এদিন দৈবাৎক্ৰমে বিনন্দীয়া প্ৰকৃতিৰ এই মনোৰম ঠাই খিনি টেনজিঙৰ দৃষ্টিগোচৰ হল আৰু তেওঁ এই পৰিত্যক্ত ভূমিক পুনৰ প্ৰাণ দি ইয়াক বন্য জীৱ-জন্তুৰ বিচৰণভূমিলৈ পৰ্যবেশিত কৰাৰ বাবে মনতে ঠিৰাং কৰিলে। লগতে তেওঁ ইতিপূৰ্বে কাহিবাৰীত আৰম্ভ কৰা জৈৱিক চাহ খেতি ইয়ালৈকে সম্প্ৰসাৰণ কৰাৰ সমান্তৰালভাবে ইয়াৰ মনোৰম পৰিবেশৰ মাজত বন্য জীৱ জন্তুৰ সৈতে বন্ধুত্বপূর্ণ পৰিবেশত এখন পৰিবেশ পৰ্যটন গঢ়ি তোলাৰো পৰিকল্পনা কৰিলে। কথা মতেই কাম। টেনজিঙে ভূমিভাগ ক্ৰয়ৰ বাবে যাবতীয় কাম কাজ সম্পন্ন কৰি জৈৱিক চাহ খেতিৰ সমান্তৰাল ভাৱে সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত স্থাপন কৰিলে সেই পৰ্য্যটন কেন্দ্ৰটি।

     

তেওঁৰ এই কামত পূৰ্ণ সহযোগিতা আগবঢ়ালে বন্ধু জ্যোতি কুমাৰ গয়াৰীয়ে। তেওঁলোক দুয়োৱে মিলি উক্ত স্থানত বন্য জীৱ-জন্তু, চৰাই-চিৰিকটিৰ বিচৰণ তথা খাদ্যৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ বিভিন্ন গছ-গছনিৰ লগতে আম, কঁঠাল, নাৰিকল, মধুৰিআম, লিচুকে ধৰি কেবা লক্ষ্য ফলমূলৰ গছ পুলি ৰোপণ কৰি প্ৰকৃতি প্ৰেমৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ’ল। আনকি উক্ত স্থানৰ এডালো গছ-বিৰিখ নকটাকৈ সম্পূৰ্ণ পৰিবেশ অনুকূল পৰ্য্যটন কেন্দ্ৰটোৰ অত্যাধুনিক সা-সুবিধাযুক্ত ঘৰসমূহো গছৰ ওপৰতেই চাং ঘৰৰ আৰ্হিত নিৰ্মান কৰি উলিয়াইছে। যাৰ ফলস্বৰূপে টেনজিং আৰু তেওঁৰ সহকৰ্মী সকল সহজেই বন্য জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰে একাত্ম হৈ এটা পৰিয়ালৰ দৰেই হৈ পৰিল সকলো। বিনাদ্বিধাই তাত মুক্ত বিচৰণ কৰি ফুৰা হাতী ,বাঘ , ভালুক ময়ূৰ ,ধনেশ পক্ষী আদিয়ে পৰ্যটক সকলক আমোদ দিয়াৰ লগতে দিনক দিনে  কেন্দ্ৰটিৰ আকৰ্ষনো বৃদ্ধি পাবলৈ ধৰিলে।

“ওৱৰ্ল্ড ৱাইল্ড লাইফ ফাউণ্ডেচন”ৰ তৰফৰ পৰা তেওঁৰ এই  কেন্দ্ৰটিক হস্তী অনুকূল পৰ্য্যটন কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে ।

ইতিমধ্যে ” ওৱৰ্ল্ড ৱাইল্ড লাইফ ফাউণ্ডেচন”ৰ তৰফৰ পৰা তেওঁৰ এই  কেন্দ্ৰটিক হস্তী অনুকূল পৰ্য্যটন কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। টেনজিঙে লগতে কয়, খৈৰাণিলৈ আগমন ঘটা পৰ্যটকসকলক ইয়াৰ সমস্ত বিনন্দীয়া পৰিবেশ উপভোগৰ সুবিধা হোৱাকৈ তেওঁ শীঘ্ৰেই তাত জিপ লাইন স্থাপন কৰাৰ উপৰি পাহাৰৰ পৰা বৈ অহা নিজৰাত বান্ধ তৈয়াৰ কৰি তাত এটা কৃত্ৰিম জলপ্ৰপাত সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ দ্বাৰা বন্য জীৱ-জন্তুসমূহৰ পানীৰ সমস্যা দূৰ হোৱাৰ  উপৰি তাত  পৰ্যটকে নৌকা বিহাৰৰ সুবিধাও লাভ কৰিবলৈ সক্ষম হব। অৱশ্যে এই সমগ্ৰ পৰিকল্পনা কাৰ্য্যকৰী কৰাৰ বাবে এক মোটা অংকৰ ধনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি তেওঁ অঞ্চলটোৰ সম্ভৱনাপূর্ণ এই পৰ্যটন ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰৰ সহায় সহযোগিতা কামনা কৰে। 

 

ৰ মে ন কু মা ৰ না থ

প্ৰান্তীয় অঞ্চলৰ মানুহৰ খবৰ বুটলি ফুৰা ৰমেন কুমাৰ নাথ ‘বিৰিয়া’ৰ এগৰাকী সহযোগী খবৰ দিওঁতা।

Previous সৰস্বতী পূজা আহিলে ঐ 
Next ভাৰত ৰত্ন : ভূপেন হাজৰিকাক লৈ কংগ্ৰেছ-বিজেপিৰ ৰাজনীতি

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে