সম বিধানসভাতো আজি ক’লা বস্ত্ৰই বেমেজালিৰ সৃষ্টি কৰে।বিহালীৰ মুখ্যমন্ত্ৰীৰ সভাত নিৰাপত্তাৰক্ষীয়ে কোলাৰ কেচুৱাকো ক’লা কাপোৰ খুলিবলৈ বাধ্য কৰা ঘটনাৰ আজি প্ৰতিবাদ দেখা গ’ল বিধানসভাত।বিৰোধী দলৰ বিশেষকৈ কংগ্ৰেছৰ সদস্যসকলে আজি সদনলৈ ক’লা কাপোৰ পৰিধান কৰি এই ঘটনাৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক বাদ দি সকলো সদস্যই আজি ক’লা কাপোৰ পৰিধান কৰি চৰকাৰৰ হঠকাৰীতাৰ বিৰুদ্ধে প্ৰতিবাদ জনায় আৰু কংগ্ৰেছ দলৰ দুজন সদস্যই সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। কংগ্ৰেছৰ বিধায়ক আব্দুল খালেক আৰু ৰূপজ্যোতি কুৰ্মীেয় উত্থাপন কৰা সভাস্থগিত প্ৰস্তাৱৰ উত্তৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উজ্জ্বল ভাৱমূৰ্তি নষ্ট কৰিবলৈ এক বিশেষ চক্ৰই এই ধৰণৰ অপপ্ৰচাৰ চলাইছে। বিহালীত শিশুৰ বস্ত্ৰ হৰণ হোৱা ঘটনাক তেওঁ অসত্য বুলি কোৱাৰ লগতে এই ঘটনাৰ লগত নিৰাপত্তাৰক্ষী জড়িত নহয় বুলি স্পষ্টীকৰণ দিয়ে।

পাটোৱাৰীয়ে প্ৰসংগক্ৰমে কংগ্ৰেছৰ বিধায়কসকলক ঠাট্টা-মস্কৰা কৰাত প্ৰায়সকল কংগ্ৰেছী বিধায়ক উত্তেজিত হৈ পৰে আৰু সদন ত্যাগ কৰে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল পৰৱৰ্তী সময়ত বিধানসভাত উপস্থিত হৈ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সংখ্যালঘু বিধায়কসকলক উদ্দ্যেশ্যি সাম্প্ৰদায়িক মন্তব্যও কৰে। কংগ্ৰেছৰ মুছলমান বিধায়কসকলে কথা ক’লে বিজেপিৰ লাভ হয় বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এই বিষয়টোৱে সদনৰ মৰ্যাদা হানি কৰা বুলি কেবাজনো বিধায়কে কয় যদিও হুলস্থুলীয়া পৰিৱেশৰ মাজত কোনে কি ক’লে সেই কথা স্পষ্ট নহ’ল। ইফালে বিহালীৰ ২৯ জানুৱাৰীৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

তৃতীয়টো কাৰ্যকালত বিসম্বাদ কৰাৰ আগলৈকে কোনে কি মন্ত্ৰীৰ বাব পাব সেই বিষয়ে হিমন্ত বিশ্ব শৰ্মাক তালিকা প্ৰস্তুত কৰাৰো দায়িত্ব দিছিল তৰুণ গগৈয়ে। বাজেট প্ৰস্তুতৰো সম্পূৰ্ণ দায়িত্ব হিমন্তক দিছিল সেই সময়ৰ এলেহুৱা মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

বিধানসভাত আজি মন্ত্ৰী পাটোৱাৰীয়ে এই ঘটনাটো অস্বীকাৰ কৰে আৰু মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰা দুয়োটা কথাৰ মাজত প্ৰাথমিক পাৰ্থক্য স্পষ্ট হৈ পৰিছে।চৰকাৰৰ এই দুমুখীয়া নীতিক বিৰোধী দলৰ তৰপৰ পৰা গৰিহণাও দিয়া হৈছে। ইফালে আজি সদনত উত্তেজিত ৰূপত প্ৰত্যক্ষ কৰা গ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক। তেওঁ আনকি একালৰ ব্লু-আইড-বয় হিমন্ত বিশ্ব শৰ্মাক আঙুলি জোকাৰি জোকাৰি খেদা মাৰি যোৱাও সাংবাদিকসকলে প্ৰত্যক্ষ কৰে। গগৈয়ে পিছত সাংবাদিকৰ আগত নিজৰ ক্ষোভ প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে। একাংশ সাংবাদিকে হিমন্ত বিশ্ব সৰ্মাক আপুনি তুলি-তালি আজিৰ পৰ্যায় পোৱাইছে বুলিও গগৈক আঙুলিয়াই দিয়ে। উল্লেখ্য যে তৰুণ গগৈৰ কাৰ্যকালতে হিমন্ত বিশ্ব শৰ্মাই প্ৰথম পৰ্য়াযত পৰ্যটন আৰু পৰিকল্পনা বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল। দ্বিতীয়টো কাৰ্যকালত তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা দিয়াৰ লগতে তেওঁ বিচৰা মতেই দপ্তৰ দিবলগীয়াও হৈছিল। অন্যহাতে তৃতীয়টো কাৰ্যকালত বিসম্বাদ কৰাৰ আগলৈকে কোনে কি মন্ত্ৰীৰ বাব পাব সেই বিষয়ে হিমন্ত বিশ্ব শৰ্মাক তালিকা প্ৰস্তুত কৰাৰো দায়িত্ব দিছিল তৰুণ গগৈয়ে। বাজেট প্ৰস্তুতৰো সম্পূৰ্ণ দায়িত্ব হিমন্তক দিছিল সেই সময়ৰ এলেহুৱা মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।ৰাজনীতিত গোজেই গজালি হোৱা হিমন্ত বিশ্ব শৰ্মা বহু সময়ত তেওঁৰ মৃত্যু নাই, ৰক্তবীজ বুলিও তৰুণ গগৈৰ দিনতে ঘোষণা কৰিছিল যদিও সেই ভুলৰ পৰা শিক্ষা নল’লে বাবেই আজি ৰাজ্যখনত জ্যেষ্ঠ আৰু অভিজ্ঞ ৰাজনৈতিক নেতা তৰুণ গগৈয়ে নিজৰ পুত্ৰ সদৃশ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ জীৱনৰ ভুল সিদ্ধান্ত বুলি ক’বলৈ বাধ্য হৈছে।

বে দ ব্ৰ ত ব ৰা

জ্যেষ্ঠ সাংবাদিক, ৰাজনৈতিক বিশ্লেষক আৰু 'বিৰিয়া'ৰ স্তম্ভ লেখক।

Previous নাগৰিকত্ব বিধেয়ক পাহৰিল ৰাইজে।
Next দিনটোৰ প্ৰ তি ফ ল ন

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে