গৰাকী চেম্পিয়ন আৰু এটা ক’ভাৰ ষ্ট’ৰীৰ শিৰোনাম!

১৯৮৬ চনৰ ইউ.এছ অপেন চেম্পিয়ন ইভান লেণ্ডল ৰ ফটো সম্বলিত Sports Illustrated-ৰ ক’ভাৰ ষ্ট’ৰীৰ শিৰোনাম আছিল—দ্যা চেম্পিয়ন দেট ন’বডি কেয়াৰচ্ এবাউট (The Champion that Nobody Cares About)৷ কোনেও খাতিৰ নকৰা চেম্পিয়ন! Sports Illustrated-ৰ দৰে আলোচনীয়ে এইদৰে চেম্পিয়ন খেলুৱৈজনৰ প্ৰতি প্ৰকাশ্যে অসন্মান প্ৰদৰ্শন কৰি ক্ৰীড়া সাংবাদিকতাৰ আটাইতকৈ নিকৃষ্ট উদাহৰণ এটা দি থৈ গ’ল৷ অৱশ্যেই আঠোটাকৈ গ্ৰেণ্ড শ্লামৰ বিজয়ী,এটা যুগৰ নম্বৰ ওৱান খেলুৱৈ আৰু ৯৩ টাকৈ খিতাপ বিজয়ী (এই সংখ্যাৰে মুকলি প্ৰতিযোগিতামূলক টেনিছৰ এই যুগটোত তৃতীয় স্থানত) চেম্পিয়ন খেলুৱৈজন কোনোকালে ক্ৰাউড্ ফেভাৰিট্ নাছিল৷

আজি ন’ভাক জ’ক’ভিছ ৰো লেণ্ডলৰ দৰেই দশা! তীব্ৰ প্ৰতিদ্বন্দিতামূলক প্ৰফেশ্যনেল পুৰুষ টেনিছত জ’ক’ভিছতকৈ কেইবছৰমান পূৰ্বে টেনিছ পৃথিৱী দমন কৰিবলৈ আৰম্ভ কৰিছিল ফেডাৰাৰ-নাডালে৷ এই দুয়োজনৰ সমানেই সফলতা লাভ কৰিলেও দৰ্শকৰ বাবে জ’ক’ভিছ সদায়ে অনিমন্ত্ৰিত অতিথি— the gatecrasher!

টেনিছ পৃথিৱীত এজন খেলুৱৈয়ে যিমানখিনি সফলতা প্ৰাপ্তি আশা কৰে সকলোখিনিয়ে জ’ক’ভিছে ইতিমধ্যে আদায় কৰিছে৷ গ্ৰেণ্ড শ্লাম বিজয়ী তালিকাত সোতৰটাকৈ জয়েৰে ফেডাৰাৰ-নাডালৰ এক ফাৰ্লংমান পিছতে অৱস্থান কৰা জ’ক’ভিছে সেই ব্যৱধান চমুৱাই অনাৰ বাবে এইবাবৰৰ ইউ.এছ অপেন আছিল সুবৰ্ণ সুযোগ৷ কিন্তু এটা ফ্ৰাষ্টেটেড্ ম’মেণ্টত ৰেকেটেৰে মাৰি পঠিওৱা বলে গৈ লাইন জাজ্ এগৰাকীক আঘাট কৰা বাবে নিয়ম মতে ডিছকুৱালিফাই হ’বলগীয়া হ’ল৷

 (নভাক জকভিছ}

অপ্ৰত্যাশিত-অনিচ্ছাকৃত ঘটনাটো জ’ক’ভিছৰ বাবে এটা কেঁচা কলংকৰ দাগ হৈ ৰৈ যাব সেইটো নিশ্চিত৷ কাৰণ ফেডেৰাৰ-নাডাল-জ’ক’ভিছৰ ত্ৰিকোণীয় ‘সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ’ দৌৰত ফেডাৰাৰ-নাডালৰ ফেনসকলে এইটো ঘটনাৰ কথাৰে জ’ক’ভিছক যে ট্ৰ’ল দিব সেইটো ইতিমধ্যেই দেখা পোৱা গৈছেই৷ কিন্তু সঁচাকৈ জ’ক’ভিছ দৰ্শকৰ মৰমৰ যোগ্য নহয়নে? টেনিছ পৃথিৱীয়ে ভবাৰ দৰে ইভান লেণ্ডলৰ নিচিনাকৈ জ’ক’ভিছো প্ৰতিভাৰ জোখেৰে overachiever নেকি?

 

আগৰে পৰা থকা চেম্পিয়ন এজনক নতুন এজনে প্ৰত্যাহ্বান জনালে চেম্পিয়নজনৰ ফেনসকলে বেয়া পাবলৈ আৰম্ভ কৰে৷ সেই বাবেই মণিকা ছেলেছৰ চুৰিকাঘাটৰ দৰে বিপৰ্যয়মূলৰ ঘটনাও ইতিহাসত ঘটি যোৱা দেখা পোৱা গৈছে৷

দৰ্শকৰ জ’ক’ভিছৰ প্ৰতি এই প্ৰতিক্ৰিয়া বহুলাংশে জ’ক’ভিছ নিজাববীয়াকৈ দায়ী আৰু বাকীখিনি সাধাৰণ দৰ্শকৰ মনস্তাত্বাত্তিক কাৰণ৷ অলপতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ন’ভাকে কৈছিল যে ফেডাৰাৰ-নাডালৰ অনুপস্থিতিয়ে তেওঁৰ প্ৰদৰ্শনত একো প্ৰভাৱ নেপেলায়৷ এনেধৰণৰ পোনপটীয়া পলিটিকেলি কাৰেক্ট নোহোৱা কথাবোৰ দৰ্শকে বেয়া পায়৷ ষোল্ল চনৰ ফৰাছী অপেনৰ খেলত খঙত মাৰি পঠিওৱা ৰেকেটে কথমপি বল বয়ৰ গাত নলগাকৈ সাৰিছিল৷ পাছত সংবাদমেলত সোধা হৈছিল যে এই ঘটনাই ডিছকুৱালিফিকেশ্যন পৰ্যন্ত ঘটাব পাৰে৷ তেতিয়া জ’ক’ভিছৰ উত্তৰ আছিল প্ৰায় ”গাত লাগিছে নেকি? লাগিলে ক’ব!”—এই ধৰণৰ৷ এইবাৰ এই আশংকা সঁচালৈ ৰূপান্তৰ ঘটিল আৰু সকলোৱে এতিয়া সেই অহমিকাপূৰ্ণ উত্তৰটো সোঁৱৰাই দিছে৷

                (মণিকা ছেলেছ)

ব্যক্তি হিচাপে ন’ভাকৰ কিছু খং দমনৰ ইছ্যু আছে বুলি ডেনিয়েলা হণ্টছুভাই উনুকিয়াই দিছে৷ দৰ্শকৰ মনস্তত্বটো একেবাৰে সৰল!—আগৰে পৰা থকা চেম্পিয়ন এজনক নতুন এজনে প্ৰত্যাহ্বান জনালে চেম্পিয়নজনৰ ফেনসকলে বেয়া পাবলৈ আৰম্ভ কৰে৷ সেই বাবেই মণিকা ছেলেছ ৰ চুৰিকাঘাটৰ দৰে বিপৰ্যয়মূলৰ ঘটনাও ইতিহাসত ঘটি যোৱা দেখা পোৱা গৈছে৷ ফেডেৰাৰ-নাডাল প্ৰায় সমসাময়িক চেম্পিয়ন দুজনৰ কিছু পিছত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা জ’ক’ভিছক দৰ্শকে মনে-প্ৰাণে গ্ৰহণ কৰিবলৈ নাৰাজ৷ দুহেজাৰ ষোল্লৰ উইম্বলডনৰ ফাইনেলত ন’ভাকৰ ডাৱল ফল্টৰ সময়ত দৰ্শকে হাত চাপৰিৰে আনন্দ উজাৰি দিছিল৷ তাৰ এটাই কাৰণ ক’ৰ্টৰ ইটো মূৰত আছিল ৰ’জাৰ ফেডেৰাৰ৷ ইয়াৰোপৰি দৰ্শকৰ আছে পৰিসংখ্যাৰ প্ৰতি অবছেচন৷ এই কথাটোৱে জ’ক’ভিছৰ মগজুত খুন্দিয়াই থকাৰ বাবেও সিদিনাৰ ঘটনাটো ঘটিব পাৰে বুলি বৰিছ বেকাৰে  অলপতে মন্তব্য কৰিছে৷ কিয়নো জ’ক’ভিছ প্ৰথম ছেটত ৫-৬ ব্যৱধানত পাছ পৰি আছিল যাৰ বাবে ওঠৰতম গ্ৰেণ্ড শ্লামৰ জয়ৰ বাবে অহা জ’ক’ভিছ নিজৰ প্ৰদৰ্শনক লৈ অসুখী পৰিছিল৷

ব্যক্তি হিচাপে জ’ক’ভিছৰ উজ্জ্বল ব্যক্তিত্বৰ এটা শেহতীয়া উদাহৰণ দিওঁ—এইবাৰৰ ইউ.এছ অপেনত কভিড-১৯ আক্ৰান্ত খেলুৱৈ বেন’ইট পেইৰীৰ সংস্পৰ্শলৈ অহা আনজন  খেলুৱৈ এড্ৰিয়ান মানাৰিন’ক স্থানীয় স্বাস্থ্য বিষয়াই অংশগ্ৰহণত বাধা প্ৰদান কৰিছিল৷ তেতিয়া ক’ভিড নেগেটিভ মানাৰিন’ৰ হৈ জ’ক’ভিছে নিজেই ষ্টেট গভৰ্ণৰৰ সৈতে যোগাযোগ কৰি অনুৰোধ জনাইছিল৷ প্লেয়াৰ এছ’চিয়েশ্যনৰ নেতৃত্বত থকা জ’ক’ভিছে সেই কামটো নিজে নকৰি নিজা এজেন্টৰ হতুৱায়ো কৰাব পাৰিলেহেঁতেন বুলি বৰিছ বেকাৰে মন্তব্য কৰি লগতে কৈছে যে গ্ৰেণ্ড শ্লামৰ হেঁচাৰ মাজতে ন’ভাকে এটা অতিৰিক্ত বোজা লৈ লৈছিল৷

             (ৰজাৰ ফেডাৰাৰ)

প্ৰফেশ্যনেল স্পৰ্টছৰ হেঁচা কি সেয়া আমাৰ দৰে দৰ্শকে বহু যোজন দূৰৈৰ পৰা বুজি পোৱাটো সম্ভৱ নহয়৷ সকলো সময়তে ডিপ্ল’মেটিক আচৰণ কৰি থকাটো খেলুৱৈ সকলৰ বাবে সম্ভৱ হৈ নুঠাৰ কথাটো দৰ্শকে বুজি পাবই লাগিব৷ ভাৰতত ক্ৰিকেটাৰ সকলৰ সকলো কথা দৰ্শকৰ নখ দৰ্পণত থাকে৷ তেওঁলোকে যিকোনো সৰু-সুৰা কথাতে বিতৰ্কৰ বিষয় হ’বলৈ বেছিপৰ নেলাগে৷ সেয়েহে এতিয়া সকলোৱে ৰেডীমেড ডিপ্লমেটিক উত্তৰ দিওঁতে দিওঁতে খেলুৱৈসকলৰ কথাত ব্যক্তিগত মত নোহোৱা নিচিনাই হৈছেগৈ৷ প্ৰশ্ন এটা সুধিলে তাৰ উত্তৰটো অনুমান কৰি ল’বই পাৰি—পৰিস্থিতি এতিয়া এনেকুৱা!—গতিকে সীমাৰ ভিতৰত থাকিলে ব্যক্তি পাৰ্থক্যৰ(individual difference) দিশটো মানি ল’ব পৰাকৈ দৰ্শকৰ সহ্য গুণ লাগিব৷ প্ৰিয় তাৰকাজন হাৰিলেও প্ৰতিপক্ষজনৰ ভাল খেল প্ৰশংসা কৰিব পৰাটোৱেই খেল বুজি পোৱা দৰ্শকৰ প্ৰাথমিক দায়িত্ব৷ লগতে ক্ৰীড়া সাংবাদিকসকলেও এই দায়িত্ব মানি লৈ Sports Illustrated-ৰ ভুলটো দুনাই নকৰাই ভাল৷

Previous পখিলাৰ লাহি পাহি কথাবোৰ
Next শিশু বিশেষজ্ঞৰ সকীয়নি :মহামাৰীকালত মন ভাঙিছে শিশুৰ; অভাৱ ঘটিছে ভিটামিন ডিৰ