জুইশাল..মানৱ সমাজৰ এক অনন্য দলিল। যাক কেন্দ্ৰ কৰি গঢ় লৈ উঠে একোখন ঘৰ। ঘৰখন সমৃদ্ধিশালী হওক নতুবা নিচলা পঁজাই হওক-তাৰ কেন্দ্ৰবিন্দু জুইশাল। জুইশালৰ পাগতেই গঢ় লৈ উঠে জীৱনে। ৰজাৰ পৰা দাল-দৰিদ্রলৈকে জুইশালে কাহিনী কয়। জুইশালৰ অগ্নিশিখাত জ্বলি থাকে একো একোটা জীৱন্ত কাহিনী। কোনোবাখন জুইশালত প্ৰজ্বলিত হয় ৰাজন্যবর্গৰ ভোগালী জীৱন। কোনোবাখন জুইশাল সাক্ষী হৈ ৰয় নিয়মিত জাহ যোৱা ক্ষুধাতুৰ জীৱনৰ। কত যে কাহিনী বুকুত বান্ধি বহি থাকে তাৰ এলান্ধুকলীয়া পৃথিৱী।

ফটো: তপোব্ৰত সন্দিকৈ

জুইশাল মানৱ জীৱনৰ সাহ। কোনো অভিজাতৰ জুইশাল (ফায়াৰপ্লেছ)ত যিদৰে জীৱনৰ গল্প উমাল হৈ থাকে, ঠিক সেইদৰে কোনো উৰুখা পঁজাৰ জুইশালত ভোকাতুৰ দুচকুত জীৱন জয়ৰ আঙঠা জ্বলি থাকে। জুইশাল প্ৰত্যাশাৰ বাহ। জুইশালত সহস্ৰ বস্ত্ৰহীন মানুহে বিসৰ্জন দিয়ে নিজৰ হাড় কঁপোৱা নিশা। অন্ন-বস্ত্রহীন মানুহৰ বাবে জুইশাল হ’ল জীৱন জিনাৰ আধাৰ। শোষিত-নিষ্পেষিত মানুহৰ বাবে এই জুইশাল ক্ষোভ উজৰাৰ থলী।

জুইশালৰ পাগতেই গঢ় লৈ উঠে জীৱনে। ৰজাৰ পৰা দাল-দৰিদ্রলৈকে জুইশালে কাহিনী কয়। জুইশাল প্ৰত্যাশাৰ বাহ।

আধুনিকতাৰ ধামখুমীয়াত বহুতৰ বাবে জুইশাল এতিয়া এক বর্ণময় অতীত। এটা সময় আছিল য’ত জুইশালৰ উম লৈ এটা পুৰুষে উত্তৰ পুৰুষক নীতি শিক্ষাৰ পাঠ শিকাইছিল জুইশালৰ কাষত। য’ত আইতাক-ককাকে নাতি-নাতিনীক সাধুকথাৰ ৰহঘৰা খুলি দিছিল। কিন্তু আধুনিকতাৰ ৰমৰমীয়া বজাৰত জুইশাল নিজেই এক  সাধুলৈ পৰিণত হ’ল। এতিয়া মানুহৰ ঘৰত এলান্ধুকলীয়া কোঠালিত মূৰৰ ওপৰত পানীচাং লৈ জীৱনক সাৱটি ধৰি থকা জুইশাল নাই বুলিয়ে ক’ব পাৰি। এলান্ধুৰ বাবে মানুহে জুইশালৰ অস্তিত্ব মোহাৰি পেলাইছে। মোহাৰি পেলাইছে সুখ-দুখৰ কথাৰ ৰহঘৰা থলী। তাৰ ঠাইত উন্নত চিমনিযুক্ত এলান্ধু মুক্ত আখল পাতিছে। কিন্তু মনবোৰচোন লাহে লাহে এলান্ধুয়ে পুতি পেলাইছে। তাহানিৰ জুইশালৰ এলান্ধুত এতিয়া মানুহৰ মানৱীয়তা-নৈতিকতা  পোত খাইছে। তেতিয়াৰ দিনত এলান্ধু মানুহৰ পাকঘৰত আছিল। মনবোৰ নিকা আছিল। এতিয়া পাকঘৰ পৰিছন্ন হ’লেও কিন্তু মনবোৰ যেন এলান্ধুয়ে গ্ৰাস কৰিছে। সেইখিনি যুগৰ এন্ধাৰ জুইত সামৰি-মোহাৰি পুৰি ছাঁই কৰি নতুন দিনৰ বাট কাটিবলৈ আমাক হয়তো এখন নতুন জুইশাল লাগিব, যাৰ মূৰৰ ধোঁৱাচাঙত থাকিব লাওৰ খোলা, বাঁহৰ চুঙাত থোৱা নিমখ, আকালত খাবলৈ সামৰি থোৱা সাঁচকীয়া-আটকীয়া খাদ্যোপাদানৰ আঁৰত থকা বৈজ্ঞানিক মনোবৃত্তিৰ দপদপীয়া জুই।

Previous বানত বিপৰ্য্যস্ত অসম : দায়সৰা চৰকাৰ!
Next আৰ.এক্স ১০০পৰা আৰ.এচ.এচ লৈ: অসমীয়াৰ জাতীয়তাবোধ আৰু জাতীয় চেতনা