এথিক্সৰ ঠিকা কোনে লৈ থৈছে?


মাৰ অসমত কিছুমান কথা খুব ভাল, খুব সুন্দৰ। গছ, বন, নদ-নদী, বিহু-বিহুৱান এইবোৰৰ বাহিৰে আৰু কিছুমান অত্যাধিক ধুনীয়া বস্তু আছে আমাৰ মৰমৰ অসমখনিত। যেনে নেতাৰ মুখ, গোড়ামীৰ ভোক, বাংলাদেশী গো বেক আদি কিছু। এই যোৱা তিনি-চাৰিদিনমানৰ পৰা এটা নতুন কথা শিকিবলৈ পাইছো। সেইটো হৈছে এথিক্স । সৰুতে শিকিছিলো স্কুলত মৰেল ছাইন্সত। কোনোদিনে কিবা কামত আহিব বুলি ভবা নাছিলো। কিন্তু নহয়, আহে দেখোন কামত। চৰ্চাও হয় এই বস্তুটোৰ।

যোৱা কেইবাদিন ধৰি আমাৰ সত্যনিষ্ঠ, গংগাৰ পানীৰে সদ্যস্নাত যেন কেইজনমানৰ মুখত শুনি আহিছো ‘অমুকে এথিক্স মেইন্টেইন কৰিব জনা নাই, তেওঁ শিল্পীৰ দৰে থাকিব লাগে, তেওঁ টি.ভিৰ মানুহ যিদৰে থাকে তেনেকৈ থাকিব লাগে’। আচ্ছা হয় নে বোপা? তোমালোকে দেশ, জাতি, মাটি, ভেটি কচাইপট্টিত মাংসৰ টুকুৰা বিক্ৰী কৰাৰ দৰে বিক্ৰী কৰিবা নিজৰ মন-মৰ্জিত আৰু বাকীবোৰে এথিক্স মেইন্টেইন কৰিব লাগে ন? ছাব্বাচ!

সৰুতে ইংৰাজীত এষাৰ কথা শুনিছিলো : এ কেট হেছ ছেভেন লাইভছ্‌ । অৰ্থাৎ মেকুৰী এটাৰ সাতটা জীৱন থাকে। আমাৰ ধৰ্মনিৰপেক্ষ পণ্ডিত কেইজনৰ বা কেইটা জীৱন আছে সেইটোহে লাগিছিল। মানে তেওঁলোকে স্থল আৰু দল অনুযায়ী নিজৰ চৰ্ম, বৰ্ম আৰু ধৰ্ম সলনি কৰি থাকে যে সেইকাৰণে। সাতটা জীৱন যথেষ্ট নহ’ব মোৰ মতে।

এথিক্স ৰ ঠিকা অসমত আচলতে কোনে লৈ থৈছে মোকো জনাবচোন পাৰিলে…

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous দিনটোৰ প্ৰ তি ফ ল ন
Next নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা কৰি ৰাজ্যপালৰ ভাষণত বাধাঃ একত্ৰিত হ’ল বিৰোধী

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে