মাজুলী জিলা স্বীকৃতি পোৱা আৰু পৰিৱৰ্তনকামী চৰকাৰৰ মুখ্য সেৱক জন নিৰ্বাচিত হোৱাৰ পাছত প্ৰথন মাজুলীলৈ গৈছিলো। যোৰহাটৰ পৰা নিমাতিঘাট হৈ ফেৰীৰে পূৱা ৮.৩০ বজাতে যাত্ৰা কৰিছিলো। প্ৰায় এক ঘন্টা ফেৰীৰে যাত্ৰা কৰাৰ পাছত কমলাবাৰী ঘাটত উপস্থিত হৈছিলো। পৃথিৱীৰ বৃহত্তম নদী দ্বীপ হিচাপে স্বীকৃতি পোৱা মাজুলী হৈছে পৰ্য্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। সেই মাজুলীৰ পৰাই পৰিৱৰ্তনকামী চৰকাৰখনৰ মুখ্য মন্ত্ৰীজন নিৰ্বাচিত হৈছে।

স্বাভাৱিক কাৰণতে মাজুলীৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি পাইছে। মাজুলীৰ অভ্যন্তৰৰ পৰিৱেশ, তাৰ বিকাশৰ অৱস্থা চাবলৈ, জানিবলৈ প্ৰায় প্ৰতিজন মানুহৰে আগ্ৰহ আছে। তেনে এটা আগ্ৰহ লৈ মাজুলীৰ কিছু আভাস লোৱাৰ বাবে সতীৰ্থ সৌৰভ গগৈৰ সৈতে যোৱা ৩০ জানুৱাৰী তাৰিখে তাত উপস্থিত হৈছিলো। কমলাবাৰী ঘাটত উপস্থিত হৈয়ে দেখিলো টেম্প’, অটো, মেজিক আদি সৰু গাড়ীৰ যাত্ৰীৰ বাবে আশাৰে ৰৈ থকা যুৱক আৰু চাহ- ভাতৰ দোকান দিয়া সাধাৰণ দোকানীবোৰ।

স্বচ্ছতাৰ বিজ্ঞাপন বহুত দেখিলো কিন্তু মুখ্য মন্ত্ৰীৰ সমষ্টিৰ পাৰঘাটৰ স্বচ্ছতাৰ চিন-মোকাম নেদেখিলো। কমলাবাৰী ঘাট পাৰ হৈ মূল কমলাবাৰীত সোমোৱাৰ পথত কেইটামান জনজাতি মিছিং পৰিয়াল ঘৰ পাৰ হ’ব লাগে। ৰাষ্টাৰ দুয়ো কাষে শাৰী-শাৰীকৈ চাং ঘৰকেইটা দেখিলেই মিছিং পৰিয়াল বুলি নিশ্চিত হ’ব পাৰি। দুই এটা পৰিয়ালক বাদ দি বেছিভাগৰে জৰাজীৰ্ণ চাং ঘৰ।

ফেৰীৰ পৰা নামিয়ে বহুতেই কাষৰ জোপহা বনৰ মাজলৈ দৌৰিছে প্ৰস্ৰাৱ কৰিবলৈ। চাহ-ভাতৰ দোকানসমূহৰো অৱস্থা অতি দুৰ্বল। বিশ্বৰ অন্যতম পৰ্য্যটনস্থলীৰ পাৰঘাটৰ এই অৱস্থাই আচৰিত কৰি তুলিলে। স্বচ্ছতাৰ বিজ্ঞাপন বহুত দেখিলো কিন্তু মুখ্য মন্ত্ৰীৰ সমষ্টিৰ পাৰঘাটৰ স্বচ্ছতাৰ চিন-মোকাম নেদেখিলো। কমলাবাৰী ঘাট পাৰ হৈ মূল কমলাবাৰীত সোমোৱাৰ পথত কেইটামান জনজাতি মিছিং পৰিয়াল ঘৰ পাৰ হ’ব লাগে। ৰাষ্টাৰ দুয়ো কাষে শাৰী-শাৰীকৈ চাং ঘৰকেইটা দেখিলেই মিছিং পৰিয়াল বুলি নিশ্চিত হ’ব পাৰি। দুই এটা পৰিয়ালক বাদ দি বেছিভাগৰে জৰাজীৰ্ণ চাং ঘৰ। খোৱা পানীৰ বাবে মাত্ৰ কেইটামান পৰিয়ালৰহে টিউবেল আছে। মহিলাসকলে কাষৰ পুখুৰীত মুকলিমূৰীয়াভাৱে গা ধুই থকা দেখিলো।

ৰাষ্টাৰ দুয়ো কাষে শাৰী-শাৰীকৈ চাং ঘৰকেইটা দেখিলেই মিছিং পৰিয়াল বুলি নিশ্চিত হ’ব পাৰি। দুই এটা পৰিয়ালক বাদ দি বেছিভাগৰে জৰাজীৰ্ণ চাং ঘৰ। খোৱা পানীৰ বাবে মাত্ৰ কেইটামান পৰিয়ালৰহে টিউবেল আছে। মহিলাসকলে কাষৰ পুখুৰীত মুকলিমূৰীয়াভাৱে গা ধুই থকা দেখিলো।

পুখুৰীবোৰ যে বিৰাট পৰিষ্কাৰ তেনেও নহয়। সম্ভৱতঃ তেনেকুৱা পুখুৰীৰ পানীত গা ধোৱা, কাপোৰ ধোৱাত তেওঁলোক অভ্যস্ত হৈ পৰিছে। সকলো পৰিয়ালৰে অনাময় ব্যৱস্থা নাই। দুটামান পৰিয়ালৰহে শৌচাগাৰ দেখিলো। গাঁৱৰ শিশুকে ধৰি পুৰুষ-মহিলাবোৰ দেখিলে পুষ্টিহীনতাৰ কথাবোৰ অনুমান কৰিব পাৰি। কমলাবাৰী টাউনৰ পৰা আমি চামগুৰি মুখা সত্ৰলৈ গলো। ৰাষ্টাটো কোনোবা অংশ ভাল যদি কোনোবা অংশ খহি গৈছে। কোনোবা অংশত হয়তো পুনৰ মেৰামতি কৰিছে। কিছু দূৰ যোৱাৰ পাছত ৰাষ্টাটোৰ দুয়ো পাৰে বহু মিছিং পৰিয়াল দেখিলো। বহু পৰিয়ালে মূল ৰাষ্টাৰ কাষত ঘৰ সাজিছে। বহুতেই কাষৰ মথাউৰিত ঘৰ সাজিছে। বহুতৰে ঘৰৰ নামত কেবল জঁকাটোহে আছে। বাহিৰৰ পৰা ঘৰৰ ভিতৰখন দেখি। এইসকল বান-গৰাখহনীয়াত গৃহহীন হোৱা পৰিয়াল। হিন্দুৰ দুখত দিবাৰাত্ৰি চকুপানী টোকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজ সমষ্টিৰ নদীয়ে ভূমিহীন-গৃহহীন কৰা লোকসকলক যে সামান্য মাটি এডখৰ আৰু এটি ঘৰ দিব পৰা নাই এই দৃশ্যবোৰেই তাৰ জ্বলন্ত প্ৰমান।

মূল ৰাষ্টাটোৰ পৰা মুখা শিল্পৰ বাবে প্ৰসিদ্ধ চামগুৰি সত্ৰলৈ কিছুদূৰ যাব লাগে। সত্ৰৰ এই স্থানলৈ যোৱা ৰাষ্টাটোৰ পকাবোৰ ভাগি ঠায়ে-ঠায়ে উখহি গৈছে। অথচ এই মুখা শিল্পৰ চৰ্চাস্থলী সত্ৰখনলৈ দেশৰেই নহয় বিশ্বৰ বিভিন্ন দেশৰ পৰ্য্যটক আহে। সত্ৰৰ ভিতৰলৈ গৈ গম পালো বহু বিদেশী শিক্ষাৰ্থীয়ে তালৈ আহি মুখা শিল্পৰ প্ৰশিক্ষণ লৈছে। ইটালিৰ শিক্ষাৰ্থীয়ে বনোৱা তেনে মুখা আমি প্ৰত্যক্ষ কৰিছিলো। এনেকুৱা বিশ্ব পৰ্য্যটকৰ আকৰ্ষণ থকা অনুষ্ঠানলৈ যোৱা ৰাষ্টাৰ অৱস্থা দেখিলে সঁ‌চাই আচৰিত কৰি তোলে।

ৰাষ্টাৰ কাষৰ বহু দৰিদ্ৰ পৰিয়ালে সাধাৰণ জুপুৰীত জীৱন নিৰ্বাহ কৰা দৃশ্য তেনেই সুলভ। প্ৰধান মন্ত্ৰীৰ আৱাস যোজনা অথবা মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উন্নয়নে এওঁ‌লোকক সাঙুৰি ল’ব পৰা নাই।

এয়া আমাৰ বিশ্ব ঐতিহ্যৰ কেন্দ্ৰ হয়নে বুলি প্ৰশ্ন জাগে। চামগুৰি মুখা সত্ৰৰ পৰা আমি গড়মূৰলৈ আহিলো। গড়মূৰৰ পৰা ঢকুৱাখানালৈ যাত্ৰা কৰিলো। এই ৰাষ্টাটোৰ আধাতকৈ বেছি অংশ ভগা-ছিগা। নতুন কমলাবাৰী গাওঁ, বৰগুৰী, সোণাৰীআতি, নাগাচুকৰ্গাঁও, ফুলানি আদিলৈ ঠায়ে-ঠায়ে ভাল আৰু ঠায়ে-ঠায়ে বেয়া। কিছু অংশ গ্ৰেভেলিং দিছে যদি কিছু অংশ কংক্ৰিটেৰে নিৰ্মান কৰিছে। কংক্ৰিটেৰে নিৰ্মান কৰা পথৰ কাষৰ অংশত প্ৰচণ্ড গাত।

সোণাৰিআটিৰ পৰা ৰাষ্টাটো নিৰ্মান কৰি আছে যদিও মূল ৰাষ্টাৰ মাজৰ বহু স্থান ঠেককৈ পকীকৰণ হৈছে। যি সময়ত ৰাষ্টাসমূহ আহল-বহল কৰাৰ প্ৰয়োজন আহি পৰিছে সেই সময়ত মুখ্যমন্ত্ৰীৰ সমষ্টিৰ এটা প্ৰধান ৰাষ্টা পকীকৰণৰ নামত ঠেক কৰি পেলোৱা হৈছে। বোধহয় ঠিকাদাৰে লাভৰ কথাটো বেছিকৈ চিন্তা কৰিছে। ৰাষ্টাৰ দুয়ো কাষে বিশাল বিশাল পথাৰসমূহত কিছু সৰিয়হৰ খেতিৰ বাদে বাকীবোৰ উদং পথাৰ। বিশ্ব পৰ্য্যটনৰ অন্যতম কেন্দ্ৰ আৰু মুখ্য মন্ত্ৰীৰ সমষ্টিত এই দৃশ্য কাম্য নে? ৰাষ্টাৰ কাষৰ বহু দৰিদ্ৰ পৰিয়ালে সাধাৰণ জুপুৰীত জীৱন নিৰ্বাহ কৰা দৃশ্য তেনেই সুলভ। প্ৰধান মন্ত্ৰীৰ আৱাস যোজনা অথবা মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উন্নয়নে এওঁ‌লোকক সাঙুৰি ল’ব পৰা নাই। চৰকাৰে বৰ বৰ কথা কৈ পৰিৱৰ্তনৰ শ্লোগান দিলেও এই অঞ্চলৰ সাধাৰণ জনজাতি লোক, কৃষক-শ্ৰমিকৰ অৱস্থাৰ যে কোনো পৰিৱৰ্তন হোৱা নাই তাক অনুমান কৰিবলৈ অলপো অসুবিধা নহয়। সমষ্টিটোৰ শেষ প্ৰান্তত অৰ্থাৎ মাজৰ দেউৰিৰ পৰা ঢকুৱাখনাৰ কেঁকুৰীলৈ পথৰ অৱস্থা আৰু জৰাজীৰ্ণ। পৰ্য্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ, কৃষিৰ প্ৰচুৰ সম্ভাৱনা থকা এই অঞ্চলটো আৰ্থিক, সামাজিক দিশৰ পৰিৱৰ্তনৰ বাবে বিশেষ গুৰুত্ব নিদিলে অকল শ্লোগানেৰে পৰিৱৰ্তন আনিব নোৱাৰিব আৰু প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো অঞ্চলটো সাধাৰণ কৃষিজীৱি , শ্ৰমিক, মধ্যবিত্ত আৰু জনজাতীয় লোকৰ জীৱনৰ কোনো পৰিৱৰ্তন নহ’ব। মুখ্য মন্ত্ৰীৰ সমষ্টি আৰু পৰ্য্যটনৰ এক অন্যতম কেন্দ্ৰ বুলি মাজুলী সম্পৰ্কত এখন বেলেগ ছবি মনতে পুহি ৰাখিছিলো, কিন্তু মুখ্য মন্ত্ৰীৰ সমষ্টিৰ এই প্ৰকৃত ছবিয়ে মাজুলীৰ প্ৰতি থকা ধাৰণা সলনি কৰি দিলে।

ৰিতুৰঞ্জন দাস

চৰজমিন অধ্যয়নকাৰী লেখক-বিশ্লেষক

Previous অ ধি ষ্ঠা ত্ৰী 
Next গুৱাহাটীত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাৰ আহ্বান- এখনো আসনত নিজিকাব বিজেপিক