সমৰ ৰাজনীতিত বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাৱমূৰ্তি এজন ভদ্ৰলোক হিচাপেই প্ৰতিষ্ঠিত আছিল। মতদ্বৈধতাৰ উৰ্ধত সৰ্বানন্দ সোণোৱালৰ কথা-বতৰা আচাৰ-ব্যৱহাৰক লৈ সকলো আছিল প্ৰশংসাত একমুখ। আজি কেইদিনমানৰ পৰা তেখেতে মৌনতা ভংগ কৰিছে। হাত জোকাৰি কথা ক’বলৈ আৰম্ভ কৰিছে। কথা কোৱাৰ সুৰ আৰু শৈলী সলনি হৈছে। নিজে নিবিচৰা কাম এটা কৰোঁতে মানুহে আতিশয্য কৰিবলগীয়া হয়। জোৰ দি ক’বলৈ যাওতে তেখেতৰ নিশকতীয়া অৱস্থাটোহে বাহিৰলৈ ওলাই আহে। সৰ্বানন্দ সোণোৱালে নিজকে দুৰ্বল বুলি নিজেই প্ৰমাণ কৰিছে। যিটো খবৰ ইমানদিনে ভিতৰে ভিতৰে পাই আহিছিলোঁ, এতিয়া সঁচা যেনেই লাগিছে – একালৰ জাতীয় নায়ক মোদী-অমিত শ্বাহৰ আগত মুখ খুলি একো ক’ব পৰা অৱস্থাত নাই। বিৰোধিতা কৰিব পৰাকৈ শক্তি নাই। সেয়েহে ভাষণ দিওতে শব্দবোৰ ডাঙৰকৈ ক’বলগীয়া হৈছে, হাত জোকাৰি আত্মপ্ৰবোধ ল’বলগীয়া হৈছে।

 

যিটো খবৰ ইমানদিনে ভিতৰে ভিতৰে পাই আহিছিলোঁ, এতিয়া সঁচা যেনেই লাগিছে – একালৰ জাতীয় নায়ক মোদী-অমিত শ্বাহৰ আগত মুখ খুলি একো ক’ব পৰা অৱস্থাত নাই।

হিমন্ত বিশ্ব শৰ্মাৰ আচাৰ-ব্যৱহাৰক লৈ বহুতৰে ওজৰ-আপত্তি দেখি আহিছিলোঁ যদিও ‘গাখীৰ খুৱাবলৈ যোৱা’ আৰু ‘আবৃত্তি কৰা’ সম্পাদক দুগৰাকীক লৈ তেখেতে যিদৰে কণ্ঠনলীৰ শীৰ্ষ বিন্দু অতিক্ৰম কৰি অট্টহাস্য কৰিবলৈ ধৰিছে, সেই দৃশ্য আগতে দেখা মনত নপৰে। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ ওচৰত ‘বিশেষ খবৰ’ কিছুমান থকাৰ বাবেহে তেখেত হঠাতে হিন্দুত্ববাদী  হৈ যোৱা বুলি শুনি আহিছিলোঁ। এতিয়া তেখেতৰ অনিয়ন্ত্ৰিত ভাষণ দেখি সেই কথা বিশ্বাসযোগ্য যেন লাগিবলৈ ধৰিছে লাহে- লাহে। তেখেতে লিখা আৰু কোৱা কথাৰ মাজত মিল দেখা পোৱা নাই। আগতে কোৱা আৰু এতিয়া কোৱা কথাৰ মাজতো মিল দেখা নাই। যোৱা কেইটামান বছৰত তেখেতৰ যিদৰে আদৰ্শগত অৱস্থান আৰু কথনশৈলীৰ পৰিৱৰ্তন ঘটিছে, সেয়া দেখি তেখেতক বৃত্তিধাৰী প্ৰচাৰক যেনহে লগা হৈছে – নিজ কায়দা-কৌশলেৰে ৰাজনীতি (ৰাজনীতি মানে কি সেয়া তেখেতে বুজি পায় বুলিয়েই ধাৰণা কৰি লোৱা হৈছে) কৰাৰ ক্ষমতা হেৰুৱাই পেলোৱা যেন লগা হৈছে।

বিধেয়কৰ সপক্ষে থকা লোকসকলো এটা পক্ষই। বাদ-বিবাদত বিশ্বাস কৰা লোক হিচাপে আমি দুয়ো পক্ষৰ পৰাই যুক্তিপূৰ্ণ তৰ্ক আশা কৰোঁ। তেখেতলোক উপযুক্ত যুক্তি প্ৰদান কৰাত ব্যৰ্থ হৈছে। আমি বুজা নাই – যি বিজেপি দলৰ প্ৰচাৰবাহিনীয়ে মোদীক বিকাশ আৰু পৰিৱৰ্তনৰ প্ৰতিভূ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল, সেই প্ৰচাৰবাহিনীয়ে এতিয়া এই বিধেয়কখনক মংগলময় বুলি কিয় প্ৰতিষ্ঠা কৰিব পৰা নাই· বিজেপিৰ বাহিৰৰ প্ৰায় সকলো লোকেই বিধেয়কখন মানি ল’বলৈ অস্বীকাৰ কৰিছে। জনজাতিকৰণৰ ফান্দাটো বৰ বেয়াকৈ ধৰা পৰি হৈছে। বিজেপিয়ে  ফাঁকিবোৰ ঢাকিব পৰা নাই। মানুহে তেওঁলোকৰ কথা মানি লোৱা নাই। বিজেপি যিটো ক্ষেত্ৰত সবাতোকৈ সিদ্ধহস্ত, সেই প্ৰচাৰ-কলাতেই তেওঁলোকে ফেইল মাৰিছে, ধৰাশায়ী হৈ পৰিছে। সেইকাৰণেই চিঞৰ-বাখৰ বাঢ়ি গৈছে, ব্যক্তিগত পৰ্যায়ত আক্ৰমণ বাঢ়ি গৈছে, তেখেতলোকৰ দুৰ্বল নিৰুপায় নিশকতীয়া স্থিতি সমুখলৈ ওলাই আহিছে।

ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ ওচৰত ‘বিশেষ খবৰ’ কিছুমান থকাৰ বাবেহে তেখেত হঠাতে হিন্দুত্ববাদী  হৈ যোৱা বুলি শুনি আহিছিলোঁ। এতিয়া তেখেতৰ অনিয়ন্ত্ৰিত ভাষণ দেখি সেই কথা বিশ্বাসযোগ্য যেন লাগিবলৈ ধৰিছে লাহে- লাহে।

হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰায়েই ইতিহাসৰ কথা কয়। আগতে এনেকুৱা আছিল, মুছলমানে নষ্ট কৰিলে, এতিয়া সেয়েহে আকৌ তেনেকুৱা হ’ব লাগে। আকৌ তাৰ পাছত তেখেতে অসম চুক্তি আগৰে পৰা নামানো বুলিও কৈছে। ভুল চুক্তি এখন ৰূপায়ণ কৰিবলৈ মন্ত্ৰিত্ব কিয় গ্ৰহণ কৰিছিল সেই কথা কোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাই। তেখেতৰ বিবেচনা শক্তি তেতিয়া শূন্য আছিল নে এতিয়া, সেই কথাক লৈ আমি দোধোৰ-মোধোৰ অৱস্থাত পৰিছোঁ। সৰ্বানন্দ সোণোৱালে ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন কৰিব নেলাগে বুলি কৈছে। সেই ল’ৰা-ছোৱালীখিনিক লৈয়েই তেখেতে এটা সময়ত ধৰ্ণা-ধৰ্মঘট কৰিছিল। গণভিত্তি আহৰণ কৰিছিল ৰাজ্যৰ সমাজ আৰু ৰাজনীতিত। তেখেতে নিজৰ অতীতটোতেই অস্বীকাৰ কৰিছে। এজন শিপাহীন, অতীতহীন মানুহৰ কথাত এতিয়া আমি বিশ্বাস কৰোঁৱেই বা কি সতেৰে·

তাৰ মাজতেই সাম্প্ৰতিক সময়ৰ ভক্তি আন্দোলনৰ একচ্ছত্ৰী ঠিকাদাৰ ভাৰতীয় জনতা পাৰ্টিৰ আই টি চেলে নিজৰ কাম আৰম্ভ কৰিছে। অসম আন্দোলনৰ পৰিৱেশটো আকৌ ৰচনা কৰিব বিচৰা হৈছে। যুদ্ধখন বাংলাদেশীৰ বিৰূদ্ধে নে অবৈধ বাংলাদেশীৰ বিৰূদ্ধে তাক লৈ মানুহক বিভ্ৰান্ত কৰিব বিচৰা হৈছে। জুবিন গাৰ্গক কোৱা হৈছে বাংলাদেশী পণ্যৰ বিজ্ঞাপনৰ পইচা ওভতাই দিব লাগে। বৈধ অবৈধৰ প্ৰশ্নবোৰ ঢাকি দিব বিচৰা হৈছে। মানুহে সেইবোৰ বিচাৰ কৰিব পৰাকৈ নিৰাৱেগ হৈ থাকিব পৰাৰ পৰিৱেশ নোহোৱা কৰা হৈছে।

হিমন্ত বিশ্ব শৰ্মাই উদাত্ত কণ্ঠেৰে অৰ্ণময়ী বৰাক নিজৰ মাতৃ বুলি কৈছে। গুৱাহাটী মহানগৰীৰ ৰাজপথত অসমীয়া জাতিৰ স্বাভিমান চূৰ্ণ-বিচূৰ্ণ কৰি ৰাউচি জুৰা লক্ষ্মী ওৰাঙৰ নাম ল’বলৈ তেখেতৰ মন যোৱা নাই। জানি-বুজি জুখি-মাখি অপৰাধ আৰু সম্প্ৰদায়ৰ সনা-পোটোকা কৰা হৈছে।

এই খেলবোৰ, ভুল বাটে মৰা শেলবোৰ আমি বুজি পোৱা দৰকাৰ। তেখেতলোকক দেখি শুনি আজিকালি আমিও ৰামায়ণ-মহাভাৰতৰ কথা ক’বলৈ ধৰিছোঁ।

এই খেলবোৰ, ভুল বাটে মৰা শেলবোৰ আমি বুজি পোৱা দৰকাৰ। তেখেতলোকক দেখি শুনি আজিকালি আমিও ৰামায়ণ-মহাভাৰতৰ কথা ক’বলৈ ধৰিছোঁ। ৰামায়ণত যেতিয়া সমুখত সাগৰখন দেখি সকলো তাপ মাৰি বহি আছিল, তেতিয়া জাম্বৱন্ত আহি হনুমানৰ কাষ পাইছিল। হনুমানৰ সাগৰ পাৰ কৰি জাঁপ মৰাৰ ক্ষমতা আছিল। হনুমানে পাহৰি পেলাইছিল। জাম্বৱন্তই হনুমানক সেই অপাৰ ক্ষমতাৰ কথা সোঁৱৰাই দিছিল। হনুমানে নিজকে বিচাৰি পাইছিল – একেজাঁপে ভৰি দিছিল স্বৰ্ণনগৰী লংকাত। ভাৰতীয় সংবিধানে অপাৰ ক্ষমতাৰে বাধিত কৰা আমি প্ৰতিজন নাগৰিক একো একোজন হনুমান। সমুখত নিৰ্বাচন। আমাৰ হাতত এই খেলবোৰ বিফল কৰাৰ ক্ষমতা আছে। সেই ক্ষমতা আমি চিনি পোৱা দৰকাৰ। বুজি উঠা দৰকাৰ।

ন্যায়পালিকাৰো কিছু ক্ষমতা আছে। ভাৰতীয় সংবিধানক অগ্ৰাহ্য কৰি ‘ভাৰতত হিন্দু কেতিয়াও বিদেশী হ’ব নোৱাৰে’ বুলি ক’লে নিজাকৈ গোচৰ ৰুজু কৰাৰ ক্ষমতা আছে। মহামান্য আদালতেও সেই ক্ষমতা চিনি পোৱাৰ সময় আহি পৰিছে।

ৰাহুল গৌতম শৰ্মা

অসমৰ তৰুণ প্ৰজন্মৰ চিন্তাশীল আৰু স্পষ্টবাক লেখক।

Previous নতুন জীৱনমুখী গান: ৰক্তিম গোস্বামীৰ প্ৰিয় ৰং মোৰ ক’লা(ধুৰন্ধৰ নেতা)
Next তোমাক বিদায় নিদিও পাৰ্থ...

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে