মি অসমীয়াবোৰ বৰ হোজা। বৰ চিধা। প্ৰতিবাৰেই আমাক লাটুমটোৰ নিচিনাকৈ যিফালে মন যায় সেইফালেই ঘূৰাই দিব আৰু আমি ঘূৰি থাকিম। আমি আশা কৰিবলৈ বাদেই নিদিওঁ। অমুকে বেয়া কৰিলে তমুকে ভাল কৰিব। ভাল কৰিবলগীয়াজনে বেয়া কৰিলে সেইকাৰণে আগতে বেয়া কৰাজনে ভাল কৰিব বুলি ভাবি জিকাই দিওঁ আৰু একেটাই কৰে।

হাঁহি উঠে আজিকালি নেতা মন্ত্ৰী ৰাজনৈতিক যিকোনো ব্যক্তিৰ ভাষণ শুনিলেই। আচলতে বিৰক্তি লাগে। কিমান বকিব পাৰে অ’ প্ৰভু! আৰু বকাত কৈ ডাঙৰ কথাটো হ’ল যে একদম ছন্দ, সুৰ, তাল, লয় ধৰি কি সুন্দৰকৈ মিছা কথা এসোপামান কৈ যাব পাৰে সেইটো দেখিলে আৰু বেছি বিৰক্তি জন্মে।

 

ফেচবুকত ৰাইজে কাজিয়া কৰিয়েই আছে। ইফালে মানুহ মৰিয়েই আছে। বুদ্ধিজীৱীবোৰেও এদিন কলমবোৰ দলিয়াই পেলাব। অদৰকাৰী হৈ পৰিব সেইবোৰ। হৈছেই বাৰু। সেইকাৰণে কৈছো গান শুনক, চিনেমা চাওক মৌজ কৰক এতিয়াই। কাৰণ ঠগনবোৰ আহি আছে। ঠগন চুপাৰ লীগ আহি আছে।  লীগ ষ্টেজ আৰু এমাহমানৰ ভিতৰত আৰম্ভ হৈ যাব। তাৰপিছত ঘামাচান মিথ্যাচাৰৰ যুদ্ধ….আৰু …. আৰু….আৰু নো কি ক’ম মই নিজেই ৰৈ আছো চাবলৈ। গুডনাইট! 

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous ললিতকলা একাডেমীৰ ৬০ সংখ্যক ৰাষ্ট্ৰীয় প্ৰদৰ্শনীলৈ প্ৰবীন কুমাৰ নাথসহ অসমৰ তিনি শিল্পীৰ শিল্পকৰ্ম নিৰ্বাচিত
Next আ ত্ম মু খ!