ঘড়ীয়ে কৰে টিক্‌ টক্‌


টা সময় আছিল যেতিয়া ঘড়ীটোৰ এটা নিৰ্দিষ্ট মাত আছিল। ঘড়ীটোৱে টিক টিক কৰে বুলি কৈছিলো আমি সৰুতে। কিন্তু আজিকালি ঘড়ীবোৰে টিক টিক নকৰে; ঘড়ীবোৰে টিক্‌ টক্‌ কৰে। অ’ ৰাম ৰাম প্ৰভু, বনোৱাজনেও এইটো কি অদ্ভুত বস্তু বনালে হে? লিপ চিংক কৰালৈ ঠিকেই আছে বাৰু!  কিন্তু তাৰ বাহিৰে কাপোৰ কানিৰ পৰা লিপষ্টিক সানি যেতিয়াই তেতিয়াই এইটোৰ মায়াতেই লাগি থকাবোৰ বাৰু কম মানুহ নে? মোক বেয়া পাব এইবোৰ কথা লিখাৰ কাৰণে; কিন্তু সত্য কথা যদি ক’বলৈ যাওঁ নতুন চামটোৰ যদি কিবা কৰিবলগীয়া আছে এই বিজতৰীয়া বস্তুবোৰৰ কিবা এটা কৰাটো উচিত বুলি ভাবো। সময় নাই, অসময় নাই, দেশত কি চলি আছে, কি চলা নাই সেইবোৰৰ লগত মতলব্ নাই। মুঠতে ডায়লগ দেলিভাৰি দিব লাগে!

আগতে জীয়াই আছা নে বুলি সুধিছিল মানুহে। এতিয়া সোধে পাবজি-য়াই আছা নে? আমি কলেজত পঢ়ি থাকোতে ক্লেছ অৱ ক্লেনচ নামৰ এটা খেল খুব জনপ্ৰিয় হৈছিল। লগৰবোৰে অনবৰতে মূৰটো তললৈ কৰি ম’বাইলটো পিটিকি থাকিছিল। ইয়াৰ ফলত মোৰ লগৰ দুটাৰ হ’ল আৰু এটাই এবাৰ খুঁটাত খুন্দিয়াইছিল। এতিয়া আহিল এইটো। খেল এটাৰ উপকাৰিতা থাকিলে মানুহে খেলিলে ভাল দেখি। বোলে খেলি দুপইচা পাইছে তেতিয়াও ভাল দেখি। এই খেলটোত কি এনেকুৱা কি মোহ মায়া আছে মই ভাবো। নে ময়েই বাৰু বুঢ়া হৈছো চৌবিশ বছৰতেই! পাৰিলে জনাবচোন…

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous হাড়িয়া আৰু ভোট
Next Vasili Ivanovich’s Room