সময়


মানুহৰ ভাগ্যৰ মই তিনিটা কাৰকৰ কথা কৈ থাকোঁ – সময়, সংযোগ আৰু ব্যক্তিত্ব। সময় মানে এক মুহূৰ্তত ঘটা কোনো এটা ঘটনাৰ পৰা আৰম্ভ কৰি মানুহজনৰ গোটেই জীৱনটোলৈ। বেছিভাগ মানুহৰ জীৱনৰ ভাগ্য নিৰ্ভৰ কৰে চৰকাৰৰ ওপৰত। এজন মানুহৰ জীৱনৰ কোনখিনি সময়ত কোনখন চৰকাৰে কি কি কাৰ্য্যসূচী গ্ৰহণ কৰিলে, সেইটো ডাঙৰ কথা। তাৰ ওপৰতে সাধাৰণ মানুহৰ শিক্ষা, চাকৰি, ব্যৱসায়, স্বাস্থ্য, উন্নতি নিৰ্ভৰ কৰে।
সময়ৰ কাম সময়ত কৰাটোও সফলতাৰ অন্য এক চাবিকাঠি। এনেকি আজৰি সময়খিনিকো মানুহে সঠিক ব্যৱহাৰ কৰি সুখ বা সফলতা লাভ কৰিব পাৰে। ৰাজনৈতিক দলবোৰৰ বাবে আটাইতকৈ মূল্যবান সময়খিনি হৈছে নিৰ্বাচনৰ আগৰ সময়খিনি। এইখিনি সময়ত কোনে কি কাম কৰে, সেয়া ৰাইজে লক্ষ্য কৰে। সপক্ষে বা বিপক্ষে আলোচনা কৰে। এতিয়া যে এইবোৰ কৰিছে, আগতে নকৰিলে কিয় – এনে প্ৰশ্নৰো উদয় হয়। আনহাতে, পাৰ হৈ যোৱা সময়খিনিত চৰকাৰে কি কি কাম কৰিলে, তাৰো হিচাপ লোৱাৰ সময় ৰাইজে এইখিনি সময়কে বাচি লয়। সপোন বা প্ৰতিশ্ৰুতিৰ কিমান পূৰণ হ’ল, তাৰ ওপৰতে নিৰ্ভৰ কৰে প্ৰতিষ্ঠান বিৰোধী ঢৌ। তাৰপিছৰ সময়খিনিত ৰাইজে চৰকাৰ এখনৰ ভাগ্য নিৰ্ণয় কৰে। গণতন্ত্ৰত ৰাইজেই ৰজা। 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous আ ত্ম মু খ!   
Next ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত পক্ষী গণনা