ৰভোগ। অসমৰ এখন মফচল। এই অঞ্চলৰ সৰু চাহ দোকান এখনৰ কৰ্মচাৰী এজনে ওচৰৰ দুই-চাৰিজন চিনাকীৰ ওচৰলৈ গৈ এটা বিশেষ বস্তু বিক্ৰী কৰাৰ কথা কৈছে। কথাটো শুনি ওচৰতে থকা অন্য দোকানী, ড্ৰাইভাৰ আৰু বজাৰ কৰিবলৈ অহা কিছুসংখ্যক লোকো কাষ চাপি আহিল। তেওঁৰ বিক্ৰী কৰিবলগীয়া সম্পত্তিটো আন একো নহয়, সেয়া আছিল এটা চিলিণ্ডাৰ। তেওঁ চিলিণ্ডাৰটোৰ বাবদ দুই হেজাৰ টকা বিচাৰিছিল। অৱশেষত দৰ-দাম কৰি ১৫শ টকাত বিক্ৰী কৰিলে। এই ঘটনাটো আজিৰ পৰা তিনি মাহ আগৰ। দেখাত সাধাৰণ যেন লাগিলেও এই ঘটনাটো বহু দিশৰ পৰাই তাৎপৰ্য্যপূৰ্ণ।  ৰাজ্যখনৰ সৰ্বসাধাৰণৰ অৰ্থনৈতিক আভাস ল’বলৈ এই ঘটনাটোৱে বিশেষ সহায়ক হ’ব পাৰে।  আমি যিজন চাহ দোকানীৰ কথা উল্লেখ কৰিলো, তেওঁ নিজৰ চিলিণ্ডাৰটো বেমাৰৰ চিকিৎসা বা অইন কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে বিক্ৰী কৰা নাই, চিলিণ্ডাৰটো বিক্ৰী কৰিলে ব্যক্তিগত বন্ধন বেংকৰ ঋণৰ কিস্তি পৰিশোধ কৰিবলৈ।


কিছুদিন আগতে কামৰূপ জিলাৰ গোৰেশ্বৰৰ ওচৰৰ কাউৰবাহৰ ভকত গাঁৱতো একেই ঘটনা প্ৰত্যক্ষ কৰিছিলো। গাঁওখনৰ ‘দাস’ উপাধিৰ মহিলা এগৰাকীয়ে বন্ধন গোটৰ ঋণৰ কিস্তি  পৰিশোধ কৰিবলৈ পাকঘৰৰ পৰা চিলিণ্ডাৰ উলিয়াই ১৫শ টকাত বিক্ৰী কৰিছিল। চৰকাৰে বিনামূলীয়া ৰন্ধন গেছ সংযোগ দিয়া আঁচনিৰ অধীনত এই চিলিণ্ডাৰটো তেওঁ বিনামূলীয়াকৈ পাইছিল। আজি-কালি প্ৰায়ে শুনিবলৈ পোৱা যায় যে ঋণ পৰিশোধ কৰিব নোৱৰাৰ বাবে ঋণ প্ৰদানকাৰী গোটৰ এজেন্টে চিলিণ্ডাৰ, চাইকেল বা তেনে সামগ্ৰী ঋণগ্ৰস্তৰ পৰা উলিয়াই  নিয়ে।
আজিৰ পৰা প্ৰায় চাৰি মাহ আগতে বাণিজ্য চহৰ বৰপেটা ৰোডত এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে আত্মহত্যা কৰিছিল ব্যক্তিগত বেংকৰ ঋণৰ কিস্তি দিব নোৱাৰি। সৰভোগৰ বালাগাঁও আৰু ভেৰভেৰি নামৰ দুখন গাঁওতো দুগৰাকী মহিলাই ঋণি পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰিছিল।
ঘটনা ইমানতেই শেষ নহয়। আজিৰ পৰা প্ৰায় চাৰি মাহ আগতে বাণিজ্য চহৰ বৰপেটাৰোডত এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে আত্মহত্যা কৰিছিল ব্যক্তিগত বেংকৰ ঋণৰ কিস্তি পৰিশোধ কৰিব নোৱাৰি। সৰভোগৰ বালাগাঁও আৰু ভেৰভেৰি নামৰ দুখন গাঁওতো দুগৰাকী মহিলাই ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰিছিল।
এই ঘটনা যে কেবল সৰভোগতে ঘটিছে তেনে নহয়। নলবাৰী, কামৰূপকে ধৰি ৰাজ্যখনৰ প্ৰতিটো প্ৰান্ততে এই ধৰণৰ ব্যক্তিগত বেংক বা গোটৰ পৰা ঋণ লৈ ঘূৰাই দিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাচি লোৱা ঘটনা দ্ৰুততাৰে বাঢ়িব ধৰিছে।
আমি ধেমাজি-লখিমপুৰকে ধৰি যোৰহাট শোণিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, কামৰূপ (ম), কামৰূপ, বৰপেটা, চিৰাং , বঙাইগাঁও, গোৱালপাৰ আদি জিলাৰ বহু গাঁও ঘুৰিছো, খবৰ লৈছো। প্ৰত্যেকখন জিলাৰ কি গাঁও কি চহৰ প্ৰত্যেকৰে সাধাৰণ শ্ৰমজীৱী, কৃষক অথবা সৰু-সুৰা চাকৰিজীৱী লোক ভীষণ ঋণৰ গ্ৰাসত সোমাই পৰিছে। বন্ধন, এইছ ডি এফ চি, স্মল ফাইনেঞ্চ বেংক, আৰ জি ভি এন আদিৰ দৰে ক্ষুদ্ৰ ঋণ প্ৰদানকাৰী বেংকৰ উপৰি বহু আত্মসহায়ক গোট, সমবায় সমিতিয়ে এই অঞ্চলসমূহত ঋণ প্ৰদানকাৰী অনুষ্ঠান হিচাপে ভূমুকি মাৰিছে। যিহেতু সাধাৰণ ব্যক্তি এজনৰ কাৰণে ৰাজহুৱা বেংকৰ পৰা ঋণ লাভ কৰাতো সহজ নহয়, সেই এই অংশৰ ৰাইজে এই ঋণ প্ৰদানকাৰী অনুষ্ঠানসমূহক উদ্ধাৰকাৰী  দেৱতা ৰূপেই গ্ৰহণ কৰিছে।

কিয় এই ঋণৰ জাল ?
মানুহে ঋণ ল’বলৈ এনেই আগবাঢ়ি নাযায়। দেশত মুক্ত অৰ্থনৈতিক নীতি আৰম্ভ হোৱাৰ ফলস্বৰূপে সাধাৰণ মানুহৰ জীৱন জীৱিকালৈ সংকট নামি আহিছে। গ্ৰাম্য অৰ্থনৈতিক সংকটে তীব্ৰ ৰূপ লৈছে। কৃষিৰ ওপৰত জীৱন নিৰ্বাহ কৰাটো অনিশ্চিত হৈ পৰিছে। সৰু-সুৰা ব্যৱসায়ী সকলৰো ব্যৱসায়ত সংকট নামি আহিছে। বস্তুৰ অবিৰত দাম বৃদ্ধিয়ে নিম্ন মধ্যবিত্তৰ লোকসকলৰ বাবেও সংকট মাতি আনিছে। বিমুদ্ৰাকৰণ আৰু জি এছ টি প্ৰচলনৰ ফলত ব্যৱসায় মন্দা হোৱাৰ লগতে লাখ লাখ লোকে কৰ্মচ্যুত হৈ পৰিছে। আনহাতে মুক্ত অৰ্থনীতিৰ ভোগবাদী সংস্কৃতিয়ে মানুহৰ মনজগতত ভোগ বিলাসৰ এক সপোন সৃষ্টি কৰি দিছে। ইয়াৰ ফলতে এফালে তীব্ৰ অৰ্থনৈতিক সংকটৰ জোৰা মাৰি পৰিয়াল চলাবলৈ আৰু ভোগ-বিলাস কৰিবলৈ সহজ ৰাস্তা হিচাপে মানুহে ক্ষুদ্ৰ ঋণ প্ৰদানকাৰী সংস্থা বা গোটৰ হাতোৰাত সোমাই পৰিছে।  বহু পৰিয়ালে ঋণ লৈ টিভি, ফ্ৰীজ, বাইক কিনিছে। ল’ৰা-ছোৱালীৰ জন্ম দিন উদযাপন, বিয়া-বাৰু পতাৰ বাবেও ঋণ লৈছে। ঋণ এটা লোৱাৰ পিছত ইয়াক যদি উৎপাদনমূলক কামত ব্যৱহাৰ কৰা নহয়, তেন্তে ঋণ লওতাজন বিপদত পৰাতো নিশ্চিত। আমি নিজেই প্ৰত্যক্ষ কৰিছো বহু লোকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল, ল’ৰা-ছোৱালীক চাইকেল, মটৰ চাইকেল বা স্কুটি দিবলৈও ঋণ লৈছে। অতি নগণ্য সংখ্যক লোকেহে ঋণৰ ধন ব্যৱসায় বা উৎপাদনমূলক কামত লগাব পাৰিছে।
ৰাজ্যৰ বহু গাঁওলৈ গৈ জানিব পাৰিছো যে গাঁওৰ বেছিভাগ পৰিয়ালেই তীব্ৰ ঋণৰ জালত সোমাই পৰিছে। এটা গোটৰ ঋণ পৰিশোধ কৰিবলৈ আন এটা গোট বা সংস্থাৰ পৰা ঋণ লৈছে।
অত্যধিক সূতত ঋণ ল’বলৈ আগ্ৰহী কিয় ?
-যিহেতু কৃষকসকলে কৃষি উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নাপায়, উদ্যোগ প্ৰতিষ্ঠান নাই ফলত গৰিষ্ঠ সংখ্যক লোককে কৰ্মহীন হৈ আৰ্থিক সংকট মাজত সোমাই পৰিছে। চিকিৎসা, শিক্ষা আদিৰ নামত প্ৰতিটো পৰিয়ালৰ খৰছ দ্ৰুতভাৱে বাঢ়িছে। চৰকাৰী ব্যয় সংকোচন নীতিৰ ফলত খৰছৰ পৰিমান  পদে পদে বাঢ়িছে। আনফালে ৰাজহুৱা খণ্ডৰ বেংকসমুহৰ পৰা সাধাৰণ ৰাইজে ঋণ পোৱাটো অসম্ভৱ হৈ পৰিছে। নতুন উদাৰ অৰ্থনৈতিক নীতিৰ ফলত বেংকসমূহে অধিক কৰ্পৰেটমূখী হৈ পৰিছে। নানা উজুহাতত বেংকসমূহে সাধাৰণ কৃষক, শ্ৰমিকক ঋণ দিয়াৰ পৰা আঁ‌তৰি থাকে । দেশৰ বেছি সংখ্যক কৃষকৰ নিজৰ নামত মাটিৰ পট্টা নথকাৰ বাবে ঋণৰ সুবিধা ল’ব নোৱাৰে অথচ ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ অনায়াসে লাভ কৰে। ইয়াৰ ফলস্বৰূপে গাঁও-চহৰৰ কৃষক-শ্ৰমিক, নিম্ন মধ্যবিত্তৰ লোক সকল ঋণৰ কবলত পৰিছে। এই অংশৰ লোকসকলে এতিয়া প্ৰতি সপ্তাহে বা তিনি দিনৰ মূৰে মূৰে সন্ধিয়া-আবেলি মিলিত হৈ ঋণ পৰিশোধত ব্যস্ত থাকিব লাগে। এনেকুৱা ঋণৰ পৰিমাণ ইমানেই বাঢ়ি গৈছে যে অনাগত দিনত বহু পৰিয়ালে মূৰ দাঙি উঠিব নোৱাৰিব।
নদী পূজা কৰি শ শ কোটি টকা খৰছ কৰা চৰকাৰখনে এই ক্ষেত্ৰত নজৰ দিয়াৰ সময় পাবনে? নে কোনো ডাঙৰ অঘটন নোহোৱালৈকে চৰকাৰে শুয়ে থাকিব। 
ৰিতুৰঞ্জন দাস

চৰজমিন অধ্যয়নকাৰী লেখক-বিশ্লেষক

Previous গণতন্ত্ৰ
Next শ্ৰেণী বৰ্জন গ্ৰেটা থানবাৰ্গৰ : মনোনীত শান্তিৰ নোবেল বঁটাৰ বাবে