প্ৰকৃতিসেৱক হেমন্ত ৰাভাৰ আজি শ্ৰাদ্ধ। তেওঁৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি যাচি এই ৰচনাখন উচৰ্গা কৰা হ’ল।

 

যোৱা ২২ জুন ২০২০ তাৰিখে অসমৰ মাননীয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ত এটা বকুলৰ পুলি ৰুই গছপুলি ৰোপণ কাৰ্যৰ শুভ সূচনা কৰে। বিটিচিৰ অন্তৰ্গত চাৰিখন জিলাত ১০ লাখকৈ ৪০ লাখ গছপুলি ৰোৱাৰ লক্ষ্য স্থিৰ কৰি  বন বিভাগৰ প্ৰত্যক্ষ হস্তক্ষেপত কেবালাখো পুলি ইতিমধ্যে ৰোৱা হৈছে বুলি তেওঁৰ ভাষণত সদৰী কৰিলে। ইয়াৰ অন্তৰালৰ মূল কথা তেওঁ ব্যক্ত কৰিলে এইবুলি যে, অসমলৈ অহাৰ আগতে অসমৰ বিষয়ে বহুতো পঢ়া-শুনা কৰি আহিছিল, আৰু অসমৰ সেউজীয়া আৱৰণৰ বিষয়ে জানিছিল; কিন্তু ইয়ালৈ আহি তেওঁৰ মোহভংগ হ’ল, আৰু তাৰ বিপৰীতে বনাঞ্চল ধ্বংস দেখি ব্যথিত হ’ল। এই ৰূঢ় বাস্তৱৰ বিষয়ে অকপট ভাৱে কওঁতে স্বাভাৱিকতে অসমবাসীৰ আৱেগত আঘাত লাগিব, কিন্তু অকল আৱেগেৰেই বাস্তৱৰ নিৰ্মম ছবিখন মচি পেলাব নোৱাৰি! ৰাজ্যপাল মহোদয়ে কোৱাৰ দৰে অসমৰ সেউজীয়াৰ কাহিনীবোৰ কিতাপ-কাগজতে সীমাৱদ্ধ; দূৰ-সংবেদী ভৌগলিক মানচিত্ৰলৈ যাবই নেলাগে, ঘৰৰ কাষৰ বনাঞ্চলৰ ফালে চালেই হ’ল─ সঁচা-মিছা জানিবলৈ। অধ্যাপক মুখীয়ে  বিটিচি এলেকাত যিকোনো ধৰণৰ কাঠৰ সৰবৰাহ বন্ধ ৰাখিছে বুলি এটা গুৰুত্বপূৰ্ণ ঘোষণাও কৰিলে।

নি:সন্দেহে ৰাজ্যপাল ডাঙৰীয়াৰ এই উদ্যোগ আদৰণীয়; পিছে তেওঁৰ ভাষণ শুনি থাকোঁতে পুৰণি কাণ্ড এটা মনত পৰিল। বঙাইগাঁও জিলাৰ উপায়ুক্ত এম, এছ. মণিভন্ননৰ উদ্যোগত ২০০৮ চনৰ ১৪ জুলাই তাৰিখে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত, উত্তৰ শালমাৰা মহকুমাৰ চৌটাকিত কুঁজিয়া নৈৰ পাৰত  ৩৪ হেক্টৰ চৰকাৰী অব্যৱহৃত  ভূমিত ৩০০ গঞাই মিলি ২৪ ঘণ্টাৰ ভিতৰত ২৪ প্ৰজাতিৰ ২ লাখ ৮৪ হেজাৰ ফল-মূলৰ গছপুলি ৰোপণ কৰি “বিশ্ব অভিলেখ” ৰচনা কৰিছিল। এতিয়া সেই ফালেদি অহা-যোৱা কৰোঁতে এডাল গছো দেখা নাপাওঁ!

ক’ব বিচাৰিছোঁ, অকল ৰুলেই নহ’ব, তাৰ সঠিক ব্যৱস্থাপনাও লাগিব; আৰু স্বত:স্ফুৰ্ত নহ’লে এই ৰক্ষণাবেক্ষণ কাৰ্যকৰী নহয়। সততে “বৃক্ষৰোপণ (গছপুলি নহয়, পোনে পোনে বৃক্ষইহে ৰুব খোজে!) কাৰ্যসূচী” পালন কৰা দেখা যায়। তাৰ পাছত আৰু কোনেও খবৰ নলয়─ কেইডাল বাছিল! হুজুগত কৰা কামত প্ৰথম অৱস্থাতে যি উৎসাহ থাকে, খেৰৰ জুইৰ দৰে দপ্‌কৈ জ্বলি নুমাই যায়। প্ৰতিপালন কৰাৰ যি দায়িত্ববোধ, সেয়া জাপি দি জগাব পৰা নেযায়; তাত আবেগো সংপৃক্ত হৈ থাকিব লাগিব।

‘অৰণ্য মানৱ’ শ্ৰী যাদৱ পায়েঙক শিলচৰ বিমান বন্দৰৰ পৰা অসম বিশ্ববিদ্যালয়লৈ নিজে গাড়ী চলাই আনিবলৈ যোৱাৰ সৌভাগ্য হৈছিল। সেই ভ্ৰমণকালত ঘনিষ্টভাৱে কথা পাতিবলৈ সুযোগ পাইছিলোঁ। শুকান বালিচাপৰি এটা কেনেকৈ এখন কাঠনিলৈ ৰূপান্তৰিত কৰিছিল তাৰ আবেগ-মধুৰ কাহিনী বৰ্ণনা কৰিছিল। যদিও সমগ্ৰ কাৰ্যটো প্ৰথমতে আবেগৰ দ্বাৰা পৰিচালিত হৈছিল, কিন্তু তাৰ আঁৰত বিজ্ঞান জড়িত আছিল। তেওঁ কৈছিল যে বয়োজ্যেষ্ঠজনে উপদেশ দিয়া মতে পোনতে “আটাইতকৈ ওখ ঘাঁহ” বাঁহ ৰুই পিছলৈ গছপুলি ৰুইছিল।  বাস্তৱ্য বিজ্ঞানত succession বুলি এটা পৰিঘটনা আছে: প্ৰথমে ঘাঁহৰ পৰা ক্ৰমাৎ পৰিস্থিতিতন্ত্ৰৰ পৰিৱৰ্তন হৈ কাঠনিলৈ পৰ্যৱসিত হয়। মোৰ গুৰু অধ্যাপক পৰিমল চন্দ্ৰ ভট্টাচাৰ্যিয়ে বন ধ্বংসৰ বাবে কোনোবা এজনে হায়ৈ-বিয়ৈ কৰা দেখি মৃদু ধমকি দি কৈছিল, “তোৰ পৰা কোনোবাই জলীয়বাষ্প কাঢ়ি নিছে নেকি, নে বৰষুণ একেবাৰে বন্ধ হৈ গ’ল? উষ্ঞতা, আৰ্দ্ৰতা আদি একেবাৰে নোহোৱা হৈ গ’ল নেকি? আকৌ হ’ব, নিজে নিজেই হ’ব, মাত্ৰ সুৰক্ষা দিলে হ’ল। অসমৰ জলবায়ু এতিয়াও উদ্ভিদৰ জন্ম আৰু বিস্তাৰৰ কাৰণে ইমান ভাল যে অকল নজৰ দিলেই গছপুলি বাঢ়ি আহিব।” যাদৱ পায়েং ডাঙৰীয়াইও একে ধৰণৰ কথাই কৈছিল: কেই বছৰমানৰ ভিতৰতে আপোনা-আপুনি বনানি বাঢ়ি আহিছিল, তেওঁ বীজ সিঁচিবলগীয়া নহৈছিল, বীজ বিস্তাৰৰ কামটো চৰাই-চিৰিকতিয়ে কৰিছিল।

১৯৩৭-৩৮ চনত ৰচনা কৰা বিভূতি ভূষণ বন্দোপাধ্যায়ৰ ‘আৰণ্যক’ নামৰ উপন্যাসৰ এটা চৰিত্ৰ যুগলপ্ৰসাদৰ লগত যাদৱ পায়েঙৰ কাৰ্যৰ মিল দেখা পাওঁ। উত্তৰ বিহাৰৰ পূৰ্ণিয়া আৰু ভাগলপুৰ জিলাৰ অৰণ্য আছিল এই উপন্যাসৰ পটভূমি। দৰাচলতে বিভূতিবাবুৱে নিজে সেই অঞ্চলৰ ইছলামপুৰ আৰু আজমাবাদত চাকৰি সূত্ৰে থকাৰ সময়তে প্ৰকৃতিৰ লগত একীভূত হৈ এই উপন্যাস ৰচনা কৰিছিল। উপন্যাসৰ নায়ক সত্যচৰণ যেন তেওঁ নিজে। তেওঁৰ বৰ্ণনাত অৰণ্যৰ প্ৰতি তেওঁৰ আকুলতা স্পষ্ট ৰূপত প্ৰকাশ হৈছে। গতিকে যুগলপ্ৰসাদো কোনো কাল্পনিক চৰিত্ৰ নহয় যেন লাগে।  বিভূতিবাবুৰ ভাষাত যুগলপ্ৰসাদ “একধৰণৰ পাগল”, যিয়ে অৰণ্যৰ পৰা ফুলৰ গুটি আনি ক’ৰবাত সিঁচি দিয়ে, গছপুলি ৰোৱে। যাদৱ পায়েঙকো মানুহে বলিয়া বুলিয়ে ভাবিছিল!

অসমৰ বন বিভাগে এসময়ত কেৱল কেইবিধমান নিৰ্দিষ্ট প্ৰজাতিৰ গছপুলি─ চেগুন, গমাৰি, তিতচপা আদিহে ৰোপণ কৰিছিল বাণিজ্যিক উদ্দেশ্যত। সংৰক্ষিত বনাঞ্চলৰ অৰ্থই আছিল কাঠ উৎপাদন; জীৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ গুৰুত্ব নাছিল। [ইয়াতে কথা এটা কওঁ: অসম বিজ্ঞান সমিতিৰ মতে জীৱ (bio) বৈচিত্ৰ্যহে দেই, “জৈৱ (organic?) নহয়!] সামাজিক বনানীকৰণ বিভাগে আকৌ এখোপ আগলৈ গৈ বিদেশী গছৰ প্ৰজাতি একাচিয়া আদি ৰুবলৈ ল’লে; কাৰণ এইবিধ গছ সোনকালে বাঢ়ে! বাস্তৱ্য বিজ্ঞানৰ তত্ব মতে এই ধৰণৰ mono culture কৰিলে জীৱ বিচিত্ৰতাৰ ওপৰত প্ৰভাৱ পৰে। বিস্তীৰ্ণ এলেকাজুৰি কৰা ৰবৰ গছৰ খেতি সম্পৰ্কেও বহুতো বিতৰ্ক আছে। খুব সম্ভৱত: আশীৰ দশকৰ শেষৰ ফালে কোকৰাঝাৰ চহৰৰ পৰা ১২ কি.মি. মান নিলগত ৰবাৰবাগান প্ৰতিষ্ঠা কৰা ৰাজকুমাৰ কবীন্দ্ৰ নাৰায়ণ দেৱে ১৯৯৩-৯৪ চন মানতে মোক কোৱা মনত পৰে, “অন্তত: সেউজীয়া আস্তৰণ এখনৰ সৃষ্টি হ’ব।” নামনি অসমত বহু ঠাইত এতিয়া ৰবৰখেতি কৰা  হয়। ত্ৰিপুৰাৰ প্ৰায় ৬০% ভূমিত চৰকাৰী পৃষ্ঠপোষকতাত ৰবৰখেতি কৰা হৈছে বুলি শুনিছোঁ, দেখিও আহিছোঁ। গোলকীয় উষ্ঞতা বৃদ্ধিৰ অন্যতম কাৰক, বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডক উদ্ভিদে শোষণ কৰি জৈৱিক কাৰ্বন ৰূপে জমা কৰি আমাৰ উপকাৰ সাধে। মোৰ এসময়ৰ সহকৰ্মী ড° অৰুণজ্যোতি নাথ আৰু তেওঁৰ গৱেষক ছাত্ৰ ড° বিপ্লৱ ব্ৰহ্মই কৰা গৱেষণাত (২০১৮ চন) প্ৰকাশ পাইছে যে প্ৰতি হেক্টৰ ৰবৰবাগানত মাটি আৰু গা-গছ মিলাই ২৩৬ মেগাগ্ৰাম জৈৱিক কাৰ্বন থাকে। সম পৰিমাণৰ ভূমিত থকা এখন স্বাভাৱিক বনানিত এই জৈৱিক কাৰ্বনৰ পৰিমাণ  ৩০০ মেগাগ্ৰাম থাকে; গতিকে বনানি ধ্বংস কৰি ৰবৰ খেতি কৰিলে ৬৪ মেগাগ্ৰাম জৈৱিক কাৰ্বন ধাৰণ ক্ষমতা পোনপটীয়াকৈ কমি যায়। আকৌ, প্ৰায় ৩০ বছৰমানৰ পাছত ৰবৰ উৎপাদন বন্ধ হ’লে যদি ৰবৰ গছবোৰ কাটি পেলোৱা হয়, তেতিয়া গা-গছৰ পৰা ১৪৩ মেগাগ্ৰাম জৈৱিক কাৰ্বন নোহোৱা হৈ যায়। আমাৰ ছাত্ৰ ড° বিপ্লৱৰ মতে অব্যৱহৃত বা অন্য কোনো খেতি নোহোৱা ভূমিত ৰবৰখেতি কৰিলে ক’বলগীয়া নাই, বৰং ভালেই হ’ব; কিন্তু স্বাভাৱিক বনানি ধ্বংস কৰি ৰবৰখেতি কৰাটো উচিত নহয়। আমোদজনকভাৱে ৰবৰবাৰগানত কোনো চৰাইৰ বাহ বিপ্লৱেও দেখা নাই, ময়ো দেখা নাই; কিন্তু নায়েকগাঁৱৰ ৰবৰবাগানত বিলুপ্তপ্ৰায় বিখ্যাত সোণালী বান্দৰক ৰবৰৰ পাত খোৱা দেখা যায়।

Source

এখন ধ্বংস হৈ যোৱা বনাঞ্চল মাত্ৰ কেইবিধ বছা বছা প্ৰজাতিৰ গছপুলি ৰোপণৰে পুনৰুদ্ধাৰ কৰিব নোৱাৰি যদিহে তাৰ লগতে প্ৰাকৃতিকভাৱে গজি উঠা আন প্ৰজাতিকো উৎসাহিত কৰা নহয়। জীৱ বৈচিত্ৰ্যৰেহে এখন পৰিপূৰ্ণ অৰণ্য ঠন ধৰি উঠিব পাৰে। অৱশ্যে কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ চৌহদত, বা মুকলি পথাৰত, বা বাটৰ দুয়োকাষে বাছনি কৰা গছপুলি ৰুলে লাভহে হ’ব। কাৰণ “অকাঠী কাঠৰ জংঘল” সৃষ্টি কৰিবলৈ কৰ্তৃপক্ষই নিশ্চয় নিবিচাৰিব।

জীৱ বৈচিত্ৰ্যৰেহে এখন পৰিপূৰ্ণ অৰণ্য ঠন ধৰি উঠিব পাৰে। অৱশ্যে কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ চৌহদত, বা মুকলি পথাৰত, বা বাটৰ দুয়োকাষে বাছনি কৰা গছপুলি ৰুলে লাভহে হ’ব। কাৰণ “অকাঠী কাঠৰ জংঘল” সৃষ্টি কৰিবলৈ কৰ্তৃপক্ষই নিশ্চয় নিবিচাৰিব।

গছপুলি ৰোৱাটো মহৎ কাৰ্য ঠিকেই, কিন্তু তাৰ বাবে উপযুক্ত ঠাই নিৰ্বাচনো এক গুৰুত্বপূৰ্ণ কথা। বহু দিনৰ আগতে নব্বৈ দশকৰ মাজভাগত যোৰহাট চহৰৰ নাতিদূৰৈত অৱস্থিত কোকিলামুখ জলাহলৈ গৈছিলোঁ চৰাই চাবলৈ।  আমাৰ লগত উৎসাহী কেইজনমান স্থানীয় মানুহো লগ লাগিছিল। পখীৰ কলৰৱৰে গোটেইখন মুখৰিত হৈ আছিল। য’ৰ পৰা মূল পানীভাগ আৰম্ভ হৈছে তালৈকে পৌঁছিবলৈ প্ৰায় দুই কিলোমিটাৰমান দূবৰিজাতীয় ঘাঁহৰ দলিচাৰ ওপৰেৰে খোজ কাঢ়ি যাবলগীয়া হৈছিল। মনত পৰে তাতে Golden Plover নামৰ পৰিভ্ৰমী চৰাই এটাৰ মৃতদেহো ঘাঁহনিত পৰি থকা অৱস্থাত পাইছিলোঁ। স্থানীয় মানুহৰ দলটোৰ অধিক উৎসাহী এজনে কৈছিল যে এই বিশাল ঘাঁহনিত গছপুলি ৰোৱাৰ পৰিকল্পনা আছে তেওঁলোকৰ; তেতিয়া চৰাইবোৰে গছত বহিব পাৰিব, বাহ সাজিব পাৰিব। আপাত দৃষ্টিত সজ কথাই তেওঁ কৈছিল। উদ্দেশ্য মহৎ; কিন্তু ঠাই নিৰ্বাচন সঠিক নাছিল। মই তেওঁক ক’লোঁ, “এই মৰা চৰাইটো যে দেখিছে, ক’ৰ পৰা আহিছিল জানে নে? সাত-সাগৰ তেৰ নদী সিপাৰৰ দেশৰ পৰা। প্ৰত্যেক বছৰ জাৰকালি সিহঁত আমাৰ দেশলৈ, কোকিলামুখলৈ আলহী খাবলৈ আহে। বিভিন্ন ধৰণৰ বিদেশী বনৰীয়া হাঁহো আপোনালোকে দেখিছে, নহয়জানো? ইয়াতে যদি, বিলৰ পাৰতে কাঠনি এখন গঢ় লৈ উঠে, এই চৰাইবোৰ কিন্তু নাহিব। কাৰণ এই চৰাইবোৰ চৰিবলৈ নোৱাৰিব। লক্ষ্য কৰিছেনে সিহঁতে কুমলীয়া ঘাঁহৰ আগবোৰ কেনেকৈ খায়?” আমাৰ সৰহভাগ মানুহৰে ঘাঁহনি বা তৃণভূমি সম্পৰ্কে শুদ্ধ ধাৰণা নাই। ই এক বিশেষ ধৰণৰ পৰিস্থিতিতন্ত্ৰ, ইয়াক খালী ঠাই বুলি গণ্য কৰি বনানিকৰণ কৰিলে ফল হিতে বিপৰীতহে হ’ব। এই বিষয়ে বকলা মেলিলে বহুত কথাই ক’ব লাগিব; এইখন ৰচনাত অৱকাশ নাই।

বৰ্তমান সময়ত গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে নজনা মানুহ নাই বুলিলেও হয়। একেলগে বহু পুলি ৰুলে বাঁহৰ খাচাৰ বাবদ অলপ খৰচ হ’বই, পুলিবোৰ যেনিবা বনবিভাগে যোগান ধৰিব। এবাৰ এনেকুৱা কামৰ বাবে ৰাইজৰ সহায়-সহযোগিতা বিচাৰি যাওঁতে তিতা অভিজ্ঞতাহে হ’ল। চান্দাও নিদিলে, ৰুবলৈও নাহিল! তাৰ সলনি যদি কোনোবা ধৰ্মীয় উপাসনাস্থল নিৰ্মাণৰ কাৰণে গ’লোঁহেতেন ৰাইজে “মুক্ত হস্তে” দান কৰিলেহেতেন। সমস্যাটো তাতেই!

Previous আত্মবিশ্বাসৰ ভেঁটি
Next সময় যাত্ৰাঃৱৰ্মহ’ল স্পেচ টাইম পৰ্টেলৰ মাজেৰে অতীত ভৱিষ্যতলৈ যাওঁ আহক