বিশ্বাস


https://biriyaa.com/

ন্ধু দুজনমানৰ সৈতে আড্ডা মাৰি আছিলোঁ। সকলোৱে নিজৰ নিজৰ কথা কৈ আছে। এজনৰ মুখত কেৱল নিজৰ গাড়ী, মাটি, সম্পত্তিৰ কথা। হঠাতে মোৰ মনলৈ এটা প্ৰশ্ন আহিল। মই সুধিলোঁ – আমাৰ সমাজৰ মূল চালিকা শক্তি কি বাৰু? দুজনে ক’লে – টকা। এজনে ক’লে – বিশ্বাস।

হয়, বিশ্বাস। মানুহৰ সমাজ বৰ্তি আছে বিশ্বাসৰ ওপৰত। এই বিশ্বাস প্ৰেমিক প্ৰেমিকাৰ বিশ্বাস, পতি পত্নীৰ বিশ্বাস, বন্ধুৰ মাজৰ বিশ্বাসৰ পৰা আৰম্ভ কৰি দেশখনৰ নাগৰিকৰ পাৰস্পৰিক বিশ্বাসলৈ বিয়পি থাকে। আমাৰ দেশখন এখন বিশাল দেশ। বিভিন্ন জাতি, উপজাতি, ভাষা, ধৰ্ম, সংস্কৃতিৰ মানুহ আছে। আমাৰ ঐক্যই আমাৰ পৰিচয়। তাৰপিছতো কেতিয়াবা ৰাজনৈতিক বা সাম্প্ৰদায়িক কাৰণত আমাৰ মাজত সন্দেহ বা অবিশ্বাসৰ পৰিৱেশ গঢ়ি উঠে। বিশেষকৈ ভাৰত-পাক সম্পৰ্কৰ অৱনতি ঘটিলে ই অধিক স্পষ্ট হৈ পৰে। সাধাৰণ ক্ৰিকেট খেল এখনতে ভাৰত-পাকৰ সমৰ্থনক লৈ তিক্ততাৰ সৃষ্টি হয়। ভাৰতীয় বায়ু সেনাৰ বিষয়া অভিনন্দনক পাকিস্তানে ওভটাই দিয়াৰ পিছত ধনাত্মক পৰিৱেশ এটা গঢ়ি উঠিছে। ই শুভ লক্ষণ। সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ বদনাম যদি পাকিস্তানে আঁতৰাব পাৰে, তেন্তে এই পৰিৱেশ অধিক উন্নত হ’ব। ইয়াৰ ফলত ভাৰতীয় মুছলমানৰ প্ৰতি থকা কিছুমান মানুহৰ সন্দেহো আঁতৰিব। বিশ্বাস আৰু ভাতৃত্বৰ পঢ়িৱেশে এক সুন্দৰ ভাৰত গঢ়িবলৈ সক্ষম হ’ব। 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous নি ভৃ ত!     
Next ক্ৰীড়া ক্ৰিয়া!