মগ্ৰ বিশ্বতে ক্ৰমশ: অৱনতিৰ গ্ৰাসত পৰা প্ৰাকৃতিক পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰৰ সুস্থতা ঘূৰাই আনিবলৈ ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত বিশ্বজুৰি ২০২১-২০৩০ৰ দশকটো পালন কৰা হ’ব – পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ দশকৰূপে। ৰাষ্ট্ৰসংঘৰ ১ মাৰ্চত অনুষ্ঠিত সাধাৰণ সভাত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

জলজ পৰিস্থিতিতন্ত্ৰ

নিৰ্বনানীকৰণ, প্ৰদূষণ আদি বিভিন্ন কাৰকৰ গ্ৰাসত পৰি দ্ৰুত গতিত বৃদ্ধি পোৱা প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰসমূহৰ অৱক্ষয়ৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা এই সিদ্ধান্তৰ জৰিয়তে সমগ্ৰ বিশ্বতে জলাহভূমি তথা জলজ পৰিস্থিতিতন্ত্ৰকে ধৰি সকলো গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰক পুনৰাই পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিবৰ বাবে ব্যাপক মাত্ৰাত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু ইয়াকে কৰিবৰ বাবে প্ৰয়োজনীয় বিপুল পৰিমাণৰ ৰাজনৈতিক তথা বিত্তীয় সহযোগিতাক ত্বৰান্বিত কৰিবৰ বাবে সমূহ সদস্য ৰাষ্ট্ৰলৈ ৰাষ্ট্ৰসংঘই আহ্বান জনাইছে। এই কাৰ্য্যসূচীৰ জৰিয়তে সমগ্ৰ বিশ্বৰে ৩.২ বিলিয়ন লোকৰ কল্যাণ সুনিশ্চিত কৰিব পৰা যাব বুলি আশা কৰা গৈছে।

ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত বিশ্বজুৰি ২০২১-২০৩০ৰ দশকটো পালন কৰা হ’ব – পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ দশকৰূপে। এই কাৰ্য্যসূচীৰ জৰিয়তে সমগ্ৰ বিশ্বৰে ৩.২ বিলিয়ন লোকৰ কল্যাণ সুনিশ্চিত কৰিব পৰা যাব বুলি আশা কৰা গৈছে।
উল্লেখনীয় যে, ২০১৮ চনত ব্ৰাজিলৰ ফ’জ দ’ ইগুৱাছ’ত হোৱা গুৰুত্বপূৰ্ণ ‘বন্ প্ৰত্যাহ্বান কাৰ্য্যসূচী’ত লেটিন আমেৰিকাৰ দেশ এল্ চালভাড’ৰে পোন প্ৰথমবাৰলৈ সমগ্ৰ বিশ্বতে ক্ষয়ীভূত হ’ব ধৰা পৰিস্থিতিতন্ত্ৰসমূহক পুনৰুজ্জীৱিত কৰিবলৈ এটা দশক পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে উৎসৰ্গা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। এইখিনিতে মন কৰিবলগীয়া যে,  বিশ্বৰ অৰ্থনীতিত কেৱল ভূমি অৱক্ষয়ৰ পৰিণতিত প্ৰতি বছৰে হোৱা ক্ষতিৰ পৰিমান ২-৪.৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰ। অন্যহাতে ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি প্ৰতি বছৰে ৭ মিলিয়ন হেক্টৰ পৰিমাণৰ ক্ৰান্তীয় বনাঞ্চল নিৰ্বনানীকৰণ আৰু অৱক্ষয়ৰ গ্ৰাসত পৰে, যাৰ ফলত জীৱিকা, জীৱবৈচিত্ৰ্য তথা খাদ্য নিৰাপত্তালৈ ভাবুকি সৃষ্টি হোৱাৰ লগতে জলবায়ু পৰিৱৰ্তন, প্ৰব্ৰজন তথা সম্পদৰ বাবে হোৱা সংঘাতৰ মাত্ৰাও ক্ৰমাগত ভাৱে বৃদ্ধি পাবলৈ ধৰিছে।

ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্য্যসূচী তথা খাদ্য আৰু কৃষি সংস্থাৰ যুটীয়া নেতৃত্বত ৰূপায়িত হ’বলগীয়া এই কাৰ্য্যসূচীয়ে সমগ্ৰ বিশ্বৰে ৰাষ্ট্ৰসমূহৰ নিজা নিজা ৰাষ্ট্ৰীয় পৰিকল্পনা তথা আঁচনিত পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰক অগ্ৰাধিকাৰ তালিকাৰ শীৰ্ষলৈ আনিবলৈ সহায় কৰাৰ লগতে জলবায়ু পৰিৱৰ্তন, জীৱবৈচিত্ৰ্য হ্ৰাস আদিৰ দৰে সমস্যা আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত অৰ্থনীতি আৰু জীৱিকালৈ অহা ভাবুকি আদিক গুৰুত্বসহকাৰে সমাধা কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। 

বিৰিয়াৰ সাঁউৰি
Previous মিছা কথা
Next 'কপ্তান চাব৷ আপ কিচি অউৰ চে বলিং কৰৱা লিজিয়ে৷'