উন্নতি ক’ত?

   সমখন প্ৰাকৃতিক সম্পদেৰে ভৰা যদিও ৰাজ্যখন সকলো ফালৰ পৰা পিছপৰা। অসমত প্ৰচুৰ পৰিমাণে কেঁচামাল পোৱা যায়,তৎসত্বেও অসমৰ উন্নতি ক’ত? জাপান দেশখন শিল্প, সংস্কৃতি তথা উদ্যোগৰ ক্ষেত্ৰত চহকী। কিন্তু জাপানত কেঁচামালৰ অভাৱ। তথাপিও কিন্তু জাপান এখন উন্নত দেশ। কিয়? কাৰণ জাপানত জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে কাম কৰি যায়।কিন্তু ভাৰত বা অসম জনজাতি, অনুসূচিত জাতি, পিছপৰা শ্ৰেণী, সাধাৰণ শ্ৰেণী আদি জাতিভেদৰ বাবে পিছপৰা।

https://biriyaa.com/

     আমাৰ সংবিধানে সকলো জাতি-ধৰ্ম সমান বুলি আইন প্ৰণয়ন কৰিছিল, সেয়া জানো কাৰ্য্যকৰী হৈছে? জাপানত পঞ্চমশ্ৰেণীলৈকে বিদ্যালয়সমূহত নৈতিক শিক্ষাহে দিয়ে।কিন্তু আমাৰ ইয়াত পৰীক্ষা মাথোন পৰীক্ষা।অসমত কেঁচা চাহপাত, খাৰুৱা তেল আদি প্ৰচুৰ পৰিমাণে পোৱা যায়, কিন্তু সেই অনুপাতে উদ্যোগ নাই।ফলত অসমে বজাৰ হেৰুৱায়।নদ-নদীৰে পূৰ্ণ

অসমলৈ অন্ধ্ৰপ্ৰদেশৰ পৰাহে  মাছ অনা হয়।যদি অসমতে উন্নত ধৰণে বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰে, তেন্তে অসমে অসমৰ মাছ অন্য ৰাজ্যলৈ ৰপ্তানি কৰিব পাৰিব।অসমত উপলব্ধ সম্পদসমূহক যদি উচিত ব্যৱহাৰ কৰা হয়, তেন্তে নিশ্চয় অসম বিশ্বৰ ভিতৰত জাকত-জিলিকা ৰাজ্য হিচাপে পৰিগণিত হ’ব।

নদ-নদীৰে পূৰ্ণ অসমলৈ অন্ধ্ৰপ্ৰদেশৰ পৰাহে  মাছ অনা হয়।যদি অসমতে উন্নত ধৰণে বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰে, তেন্তে অসমে অসমৰ মাছ অন্য ৰাজ্যলৈ ৰপ্তানি কৰিব পাৰিব।

অসমৰ নিবনুৱা সমস্যা আৰু সংৰক্ষণ ব্যৱস্থা

 সমত নিবনুৱাৰ সংখ্যা বেছি। ইয়াৰ কাৰণ কৰ্মসংস্থাপনৰ অভাৱ ।অসমত উদ্যোগৰ সংখ্যাও সীমিত। উদ্যোগবোৰৰ মালিকপক্ষই মাহেকে-পষেকে অসমৰ দল-সংগঠনবোৰক সভা-সমিতি, উৎসৱ-পাৰ্বণ অনুষ্ঠিত কৰাৰ নামত  দান-বৰঙণিৰে সন্তুষ্ট কৰিবলগীয়াত পৰে।ফলত উদ্যোগবোৰৰ শকত পৰিমাণৰ অৰ্থ ব্যয় হয়, যাৰবাবে মালিকপক্ষই ইচ্ছা থকা সত্ত্বেও নিজৰ উদ্যোগ-প্ৰতিষ্ঠানবিলাকত অধিক কৰ্মচাৰী নিয়োগ কৰিব নোৱাৰে । অসমত নিবনুৱা সমস্যা বৃদ্ধিৰ ইয়ো এক কাৰণ। পূজা-পাৰ্বণ,উৎসৱ উদযাপনৰ বাবে দিয়া অৰিহণাৰ নামত বছৰেকত ব্যৱসায়ীসকলৰ কোটি কোটি টকাৰ ধন খৰচ হয়।অসমত নিবনুৱা সমস্যা আছে বাবে সংগঠনৰ সংখ্যাও বহুত। আমেৰিকা, চীন,জাপান আদি উন্নত দেশসমূহত কিন্তু ভাৰতত থকাৰ দৰে সংগঠনৰ সংখ্যা বা নিবনুৱা সমস্যা নাই।সেই দেশবিলাকৰ যুৱক-যুৱতী সকলে কাৰিকৰী শিক্ষাৰে শিক্ষিত হৈ বিভিন্ন উদ্ভাৱনীমূলক কাম-কাজৰ লগত জড়িত হৈ থাকে।সেইবিলাকৰ পৰা তেওঁলোকৰ উপাৰ্জনো ভাল হয়, দেশৰো উন্নতি ঘটে।আমাৰ দেশৰ চৰকাৰে ভাৰতত কাৰিকৰী শিক্ষাৰ বিকাশৰ বাবে যথেষ্ট কৰিবলগীয়া আছে।

https://biriyaa.com/

ভাৰতীয় সংবিধানৰ মতে ইয়াৰ বাসিন্দাসকল সকলো এক ভাৰতীয়, ইয়াত কোনো উচ্চ-নীচ নাই, জাতি-ভেদ নাই।কিন্তু বিভিন্ন চৰকাৰী চাকৰিৰ পদসমূহত নিযুক্তিৰ ক্ষেত্ৰত জাতি-ধৰ্মৰ বিভাজন দেখা যায়। ভাৰতত চৰকাৰী স্বীকৃত জাতি ভেদ প্ৰথা আছে।শিক্ষাৰ পৰা ধৰি নিযুক্তি ক্ষেত্ৰলৈকে এই চৰকাৰী শ্ৰেণী বিভাজন পৰিলক্ষিত হয় আৰু জাতি-ধৰ্ম অনুপাতে নিযুক্তিৰ সা-সুবিধা, শৈক্ষিক অৰ্হতা, সংৰক্ষণ ব্যৱস্থাৰ অনুপাত ভিন-ভিন।

ভাৰতীয় সংবিধানৰ মতে ইয়াৰ বাসিন্দাসকল সকলো এক ভাৰতীয়, ইয়াত কোনো উচ্চ-নীচ নাই, জাতি-ভেদ নাই।কিন্তু বিভিন্ন চৰকাৰী চাকৰিৰ পদসমূহত নিযুক্তিৰ ক্ষেত্ৰত জাতি-ধৰ্মৰ বিভাজন দেখা যায়।
এনে চৰকাৰী বৈষম্য নীতিৰ বাবে ছাত্র-ছাত্ৰীসকল ক্ষতিগ্ৰস্ত হয় আৰু নিযুক্তি ব্যৱস্থাটো দেখি তেওঁলোকৰ কোমল

মনত বিৰূপ প্ৰভাৱ পৰে। প্ৰশ্ন হয়-জাতি-ভেদ প্ৰথা কেৱল সমাজৰে সৃষ্টি নে চৰকাৰীভাৱেও এই ব্যৱস্থা বৈধ আৰু স্বীকৃত? উল্লেখযোগ্য যে, অসমৰ বিধানসভা সমষ্টিবিলাকৰ ক্ষেত্ৰতো নিৰ্দিষ্ট জাতি-জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসন থকা দেখা পোৱা যায়।এই ব্যৱস্থা নিৰ্মূল হোৱা উচিত।

সচেতনতাৰ আঁৰত

মি বাৰু কিমান সচেতন? তাৰ কিবা প্ৰমাণ আছেনে? এটা কথাত ক’বলৈ গ’লে আমিবোৰ সম্পূৰ্ণৰূপে অসচেতন।মোৰ মনত ক’বলৈ বহুত কথা আছে। কলমটো ল’লেই কথা ওলাই গৈ থাকিব। দুই-তিনিটামান বিষয়ৰ সন্দৰ্ভতহে মোৰ ক’বলগীয়াখিনি দাঙি ধৰিলোঁ। আমি যে, স্বচ্ছতাৰ ক্ষেত্ৰত বিভিন্ন শ্লোগান দি ফুৰিছোঁ, তাৰ পৰা কিবা লাভালাভ হৈছেনে? মোৰ দৃষ্টিত একো ধনাত্মক পৰিৱৰ্তন পৰিলক্ষিত হোৱা নাই।

https://biriyaa.com/

বিশ্ব পৰিৱেশ দিৱস, পাৰিপাৰ্শ্বিকতা দিৱস বা মেল-মিটিং পাতি, কেমেৰাৰ সন্মুখত এদিনৰ বাবে ৰাজহুৱা ঠাইবোৰ চাফা কৰি, গছপুলি ৰুলেই জানো স্বচ্ছতা বৰ্তি থাকিব? পৰৱৰ্তী দিনবিলাকত গছপুলিবিলাকৰ প্ৰতিপালন কৰা হয়নে? সভা-সমিতি সমূহৰ কাৰ্য্যসূচীৰ অংশ হিচাপে প্ৰথমতে সমূহীয়া চাফাই ঠিকেই কৰে, কিন্তু সভাৰ শেষত ঠাইডোখৰ বিভিন্ন ধৰণৰ কাগজ, খোৱাবস্তুৰ পেকেট, প্লাষ্টিকৰ পানীবটল আদি পেলনীয়া সামগ্ৰীৰে ভৰি পৰে। তাৰ চাফ-চিকুণ কোনে কৰে? ৰাজহুৱা স্থান সমূহ ধঁপাত মুক্ত অঞ্চল কৰিবলৈ যি অভিযান চলি আহিছে, তাৰ কাৰ্য্যকৰী ৰূপটো দেখা পোৱা নাযায়। বিদ্যালয়সমূহৰ ১০০ মিটাৰ দূৰলৈকে ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী বন্ধ কৰা আঁচনি ফলপ্ৰসু হৈছেনে? আইন প্ৰস্তুত কৰাসকলৰো গৰিষ্ঠসংখ্যকেই ধুমপান, মাদক দ্ৰব্য সেৱন কৰে।

এদিনৰ বাবে ৰাজহুৱা ঠাইবোৰ চাফা কৰি, গছপুলি ৰুলেই জানো স্বচ্ছতা বৰ্তি থাকিব? পৰৱৰ্তী দিনবিলাকত গছপুলিবিলাকৰ প্ৰতিপালন কৰা হয়নে?

অসমীয়া ভাষাৰ উন্নতিৰ হকে যিসকলে গুৰু উদ্যোগ লৈছে, মাতৃভাষাৰ ৰক্ষাৰ্থে যিসকলে চিন্তা-চৰ্চা সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ কৰি আহিছে, শ্লোগান দিছে, আন্দোলন কৰিছে, তেওঁলোকে নিজৰ সন্তানবোৰক জানো অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰোৱাইছে? গণতান্ত্ৰিক প্ৰতিবাদৰ নামত অসমতে বন্ধৰ হাৰ বেছি ।বন্ধৰ পৰা ৰাজ্য এখনৰ উন্নয়নৰ কিমান ক্ষতি হয় সেয়া বন্ধ দিয়া সংগঠনবোৰে জানেনে? অসম বন্ধৰ ভুক্তভোগী হোৱা সকলেহে অনুভৱ কৰিব পাৰে বন্ধ কিমান ক্ষতিকাৰক।এদিনৰ বন্ধত দৈনিক শ্ৰম কৰি খোৱা বহুতো পৰিয়ালে ভোকে-লঘোণে থাকিবলগীয়া হয়। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাকেন্দ্ৰ বা চাকৰি প্ৰাৰ্থীসকলে সাক্ষাৎকাৰলৈ যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়।

https://biriyaa.com/

বন্ধৰ ফলত গাড়ীৰ ভিতৰতে যদি কেতিয়াবা ৰোগীৰ মৃত্যু হৈছে, কেতিয়াবা বৰযাত্ৰী দলৰ ওপৰতো আক্ৰমণ চলোৱা হৈছে। বন্ধ সমৰ্থনকাৰীসকলে নিৰীহ যাত্ৰীৰ ওপৰত আক্ৰমণৰ অধিকাৰ ক’ত পালে? তেওঁলোকৰ শাস্তি কি হয়? বন্ধৰ আহ্বান জনোৱা সংগঠনবোৰে এহাতে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন আন্দোলন হাতত লয়, আনহাতেদি ৰাজপথত গাড়ীৰ টায়াৰ, খেৰৰ জুমুঠি জ্বলাই বায়ুপ্ৰদূষণ সৃষ্টিৰে বন্ধ উদযাপন কৰে। এয়াই নেকি পৰিৱেশৰ

প্ৰতি তেওঁলোকৰ সচেতনতা?
বহুতো মটৰবাইক চালকে হেলমেট নিপিন্ধাকৈ বাইক চলায় বহুতে আকৌ হাততহে হেলমেট পিন্ধি বাইক চলোৱা দেখা যায়। মূৰত হেলমেট পিন্ধিলেও সেয়া সন্মুখত থকা পুলিচচেকিঙৰ ভয়তহেকাৰণ জৰিমনা ভৰিব লাগিব দুৰ্ঘটনাৰ প্ৰতি আমি কিমান সচেতন ইয়াৰ পৰাই প্ৰমাণিত হয় সচেতনতাৰ নামত সচেতন হোৱাৰ যি অভিনয় কৰ হয়সেয়া সঁচাইদুৰ্ভাগ্যজনক।   

Avatar
য জ্ঞে শ্ব ৰ ক ট কী

দশমমান

দক্ষিণপাট উচ্চ মাধ্যমিক বিদ্যালয়,মাজুলী ।

Previous দিনটোৰ প্ৰ তি ফ ল ন
Next অহংকাৰেই কৰিব শেষ!

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে