ছ’চিয়েল মিডিয়াত ধৰ্ম প্ৰচাৰ


https://biriyaa.com/

মাৰ দেশখনত ধৰ্মীয় উন্মাদনা কিমান বাঢ়িছে, তাৰ কিছু আভাস আজিকালি ছ’চিয়েল মিডিয়াত পোৱা যায়। ধৰ্মৰ ভাল কথাবোৰ যিমান প্ৰচাৰ কৰা হয়, তাতকৈ বহুত বেছি প্ৰচাৰ হৈ আছে আন ধৰ্মৰ প্ৰতি ঘৃণা বা সাম্প্ৰদায়িকতা। এইবোৰত ডুবি থকা মানুহে সমাজৰ মূল সমস্যাবোৰ পাহৰি থাকে। এনেকি আধুনিক আৰু যুক্তিবাদী চিন্তা চৰ্চাৰ পৰাও নিজক আঁতৰাই ৰাখে। কিছুমানে পূণ্যৰ বাবে, আৰু কিছুমানে ৰাজনীতিৰ বাবে এইবাৰ প্ৰচাৰ কৰে। দেখি দুখ লাগে যে সমাজৰ উচ্চ শিক্ষিত মানুহো ইয়াৰ প্ৰচাৰক।

মই নিজকে এইবোৰৰ পৰা আঁতৰাই ৰাখিছোঁ। মই প্ৰচাৰ কৰি আছোঁ বিজ্ঞান আৰু আধুনিক চিন্তাৰ কথা। মোবাইলত নিৰ্মাণ কাৰ্য্যৰ পৰা আৰম্ভ কৰি মানৱীয় অনুভুতিৰ বিভিন্ন ভিডিঅ’ চাই থাকোঁ। এইবোৰে মোক সুখ দিয়ে, প্ৰেৰণা দিয়ে, নতুন চিন্তা দিয়ে। সাম্প্ৰদায়িক ভাষণৰ ভিডিঅ’ই কেৱল উত্তেজনা আৰু বিভেদ সৃষ্টি কৰে। এইবোৰ মই ঘিণ কৰোঁ। 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous বৰ্তমান সময়ত উচ্চশিক্ষাৰ সংকট
Next চকীদাৰেৰে ভৰা এখন দেশ