ভেলেন্টাইন দে’ আহি আছে। প্ৰেমিক-প্ৰেমিকাবোৰ সাজু হৈছে চকলেট, ফুল, ন-ন কাপোৰ কানি আদিৰে। সেইদিনটো সত্য কথা ক’বলৈ গ’লে এটা পবিত্ৰ দিন। চৌদিশে প্ৰেম আৰু ভালপোৱাৰ সুবাস বিয়পি থাকে। এই সুবাসৰ মাজতেই এনে কিছুমান মানুহ ওলাইহি যিবোৰে ভেলেন্টাইন দে’ৰ নাম শুনিব নোখোজে। কিবা ‘সংস্কৃতি বিৰুধি’ বুলি কয় এই দিনটোক। ভাৰতীয় ৰীতি-নীতিৰ স্বয়ম্ভূ সংৰক্ষক হিচাপে তেওঁলোকে প্ৰেমিক-প্ৰেমিকাবোৰক সেইদিনা শান্তিৰে থাকিবলৈ নিদিয়ে। পাৰ্কত বহি থাকিলে খেদে, বাহিৰত কৰবাত পুচকা খালেও খেদে, ৰাষ্টাত হাতত হাত ধৰি গৈ থাকিলেও খেদে। মুঠতে তেওঁলোকে খেদি খুব ভাল পায়। ইমান ফ্ৰাষ্ট্ৰেশ্বন কিয় এওঁলোকে সেইটো মই ভাবিলো। ভালদৰে ভাবিলো। ভাবি ভাবি এটাই উত্তৰ পালো।

উত্তৰটো হ’ল যে তেওঁলোকৰ প্ৰেমিক বা প্ৰেমিকা বনোৱাৰ ‘কেপাচিটি’ নাই। হয়তো কোনোবা ছোৱালীক জীৱনত কেতিয়াবা ভাল পাইছিল। ‘আই লাভ ইউ’ বুলি ক’লত সুন্দৰকৈ হয়তো ৰিজেক্ট কৰি থৈ দিলে। তাৰেই সমষ্ট ফ্ৰাষ্ট্ৰেশ্বন পৰম্পৰাৰ দোহাই দি আনৰ ওপৰত জাৰি দিয়ে। ভেলেন্টাইন দে’ত যদি আপুনিও কাৰোবাক বাহিৰে লৈ যাম বুলি ভাবিছে তেন্তে এওঁলোকৰ পাৰ্মিশ্বনটো আগতীয়াকৈ লৈ থৈ দিয়ক বুইছে। কি ঠিকনা আপোনাৰ মূৰতে ৰাম টাঙোন পৰি যায় যদি? 

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous দিনটোৰ প্ৰতিফলন
Next লাঢ়নী দিন!   

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে