ভ্লাডিমিৰ নাব’কভ- সাহিত্যৰ জগতত এক পৰিচিত নাম; বিশেষকৈ ‘ললিতা’ নামৰ গ্ৰন্থখনৰ বাবে। অৱশ্যে, এইকথা ক’বলৈ মোৰ দ্বিধা নাই যে কিতাপখন মই পঢ়া নাই আৰু সম্ভৱতঃ পঢ়াও নহ’ব। ইয়াৰ কাৰণ অৱশ্যে নাব’ক’ভ নহয়, বৰঞ্চ ক্ৰমে ‘কাহিনীমূলক বা ফিকচন’ৰ পৰিৱৰ্তে ‘নন-ফিকচন’ৰ প্ৰতি মোৰ বৰ্ধিত আগ্ৰহহে। পিছে ময়ো কাহিনী, যেনে ভাল চুটি গল্প একোটা পঢ়িবলৈ ভাল পাওঁ আৰু যদিহে প্ৰয়োজন হয়, তেন্তে ভালকৈ মনতো ৰাখিব পাৰোঁ। নাব’কভেও অনেক মহান ৰাছিয়ান সাহিত্যিকৰ দৰে বহুকেইটা চিত্তাকৰ্ষক চুটি গল্প ৰচনা কৰিছে। ইয়াৰে ভিতৰত মোক বিশেষভাৱে আকৃষ্ট কৰা গল্পটো হ’ল ‘ডাৱৰ, ৰাজপ্ৰাসাদ, হ্ৰদ’ অৰ্থাৎ ‘ক্লাউড, কেচ. লেক। দ্য আটলাণ্টিকত প্ৰকাশিত এই গল্পটো বেছ পুৰণা আৰু ১৯৪১ চনৰ জুন সংখ্যাতে প্ৰকাশিত গল্পটিত ভাছিলি ইভান’ৱিছে কৰা এক যাত্ৰাৰ কথা বৰ্ণোৱা হৈছে।

ভাছিলি ইভান’ৱিছ কোনো বিখ্যাত মানুহ নহয়; দৰাচলতে মোৰ দৃষ্টিত যি কোনো লোকেই ভাছিলি ইভান’ৱিছ হ’ব পাৰে। গল্পটোৰ বিষয়বস্তু সম্পৰ্কে মই কোনো বৰ্ণনা নিদিওঁ, কিয়নো সি নিজেই যথেষ্ট সময় আৰু স্থান অধিকাৰ কৰিব।

ভাছিলি ইভান’ৱিছ কোনো বিখ্যাত মানুহ নহয়; দৰাচলতে মোৰ দৃষ্টিত যি কোনো লোকেই ভাছিলি ইভান’ৱিছ হ’ব পাৰে। গল্পটোৰ বিষয়বস্তু সম্পৰ্কে মই কোনো বৰ্ণনা নিদিওঁ, কিয়নো সি নিজেই যথেষ্ট সময় আৰু স্থান অধিকাৰ কৰিব। মই মাত্ৰ গল্পটোৰ এটা অংশৰ কথাহে ক’ম। যাত্ৰাপথত ইভান’ৱিছ ভ্ৰমণকাৰীৰ বাবে থকা এক চৰাইখানাত আহি উপস্থিত হয় আৰু থাকিবৰ বাবে এটা কোঠা বিচাৰে। তেনেই সাধাৰণ মানৰ, জীৱনৰ বাবে প্ৰয়োজনীয় বিশেষ সা-সুবিধাৰে ভৰপুৰ নোহোৱা এই কোঠাটো দেখুৱাৰ লগে লগে ইভান’ৱিছে ‘এই কোঠাটো মোৰ বাকী গোটেই জীৱনটোৰ বাবেই মই লৈ ল’ম’ বুলি কোৱাৰ কথা গল্পটোত উল্লেখ আছে। ডাৱৰ আৰু ৰাজপ্ৰাসাদৰ স’তে হ্ৰদৰ পানীৰ নান্দনিক দৃশ্যই নিসন্দেহে ইভান’ৱিছক তেনেদৰে প্ৰতিক্ৰিয়া দেখুৱাবলৈ বাধ্য কৰিছিল। অথবা, যুদ্ধবিধ্বস্ত ৰাছিয়ানজন সেইমূহুৰ্তত অতিকে হতাশ হৈ আছিল সম্ভৱতঃ। যিয়েই নহওক, ইভান’ৱিছে নিজৰ সতে সেই কোঠাটোত নিজৰ কিতাপবিলাক, তেওঁৰ নীলা চুটযোৰ আৰু ‘তাই’ৰ ফটোখন থকাটো বিচাৰিছিল। ইয়াতকৈ বেছি বৰ্ণনা দি মই বাৰু ইভান’ৱিছৰ নো কি হ’লগৈ, সেই কথা জনাৰ আনন্দখিনিক মাটি কৰি নেপেলাওঁ। তাতকৈ মই তেওঁৰ কিতাপখিনিৰ কথাতে গুৰুত্ব দিওঁ।

এইবোৰ আছিল তেনেকুৱা কিতাপ, যাৰ কিছু আৱেগিক মূল্য থকাৰ লগতে সেইবোৰে অনুপ্ৰেৰণাও জগাইছিল। এই কথাটোৱে মোকো চিন্তা কৰিবলৈ বাধ্য কৰালে, এনেকুৱা এটা কোঠাত মইনো কি কি কিতাপ ৰাখিম! অনুমতি থাকিলেতো মই মোৰ গোটেই পুথিভঁৰালটোকেই এনেকুৱা ঠাইলৈ লৈ আনিম।

কেইদিনমানৰ আগেয়ে, ৰোমানিয়ান বিপ্লৱৰ বিষয়ে লিখা এখন কিতাপ (এইখনৰ কথা ক’বলৈকো বহু সময় লাগিব) পঢ়ি থাকোতে,  নাব’ক’ভৰ এই গল্পটোলৈ মোৰ মনত পৰিল; য’ত লিখকে ইভান’ৱিছৰ কোঠাটোত তেওঁ ৰাখিব খোজা কিতাপবোৰৰ বিষয়ে চমূকৈ আলোচনা কৰিছে। এইবোৰ আছিল তেনেকুৱা কিতাপ, যাৰ কিছু আৱেগিক মূল্য থকাৰ লগতে সেইবোৰে অনুপ্ৰেৰণাও জগাইছিল। এই কথাটোৱে মোকো চিন্তা কৰিবলৈ বাধ্য কৰালে, এনেকুৱা এটা কোঠাত মইনো কি কি কিতাপ ৰাখিম! অনুমতি থাকিলেতো মই মোৰ গোটেই পুথিভঁৰালটোকেই এনেকুৱা ঠাইলৈ লৈ আনিম। পিছে, এই ক্ষেত্ৰত আমি ধৰি লোৱা দৰকাৰ যে, কোঠাটোত থকা কিতাপৰ আলমাৰীটোত কেইডজনমানতকৈ বেছি কিতাপৰ বাবে ঠাই নোজোৰিব। গতিকে, মই মোৰ সংগ্ৰহৰ পৰা মাত্ৰ দহ-বাৰখন মান কিতাপ বা ৰচনা সংগ্ৰহহে নিব লাগিব, যাক মই প্ৰকৃততেই লগত ৰাখিব খুজিম।

প্ৰথমৰ কেইখনমান পছন্দৰ কিতাপ বিচৰাটো তেনেই সহজ। মই ল’ব খোজা একমাত্ৰ উপন্যাসখন হ’ব আলেকজেণ্ডাৰ ডুমাৰ ‘দ্য কাউণ্ট অৱ মণ্টে ক্ৰিষ্ট’। এই কিতাপখন মই বহুবাৰ, বহু বেলেগ বেলেগ অনুবাদত পঢ়িছো। আৰু প্ৰত্যেকবাৰেই এডমাণ্ড ডাণ্টেৰ কাহিনীটোক মই আৰু অধিক আকৰ্ষণীয় ৰূপত বিচাৰিও পাওঁ আৰু এই কিতাপখনৰ এক নতুন দিশ অনুধাৱন কৰিবলৈ সক্ষম হওঁ।  সময় পাৰ হোৱাৰ লগে লগে মই এই কিতাপখনক যেন আৰু বেছিকৈ ভাল পাবলৈ আৰম্ভ কৰিছো। এই কিতাপখনৰ মোৰ হাতত কপিটো পেৰিছৰ পেনথিয়ন’ত, চহৰখনলৈ ২০১৫ চনত মোৰ প্ৰথম যাত্ৰাৰ সময়ত কিনিছিলো। সেই ভ্ৰমণৰ প্ৰত্যেকটো কথাই মোৰ জল্-জল্-পট্-পট্ কৈ মনত আছে। তাৰ পিছৰে পৰা চহৰখনলৈ মই কেবাবাৰো গৈছো, আৰু ডাণ্টেৰ কাহিনীৰ দৰেই প্ৰত্যেকবাৰেই মই চহৰখনত নতুন কিবা এটা আৱিস্কাৰ কৰিছো।

মোৰ কিতাপৰ যিকোনো সংগ্ৰহেই চুটি গল্পৰ সংগ্ৰহ অবিহনে অসম্পূৰ্ণ হৈ ৰ’ব। আৰু তাকে পূৰাবৰ কাৰণে চুটি গল্পৰ সংগ্ৰহ এটা বিচাৰি উলিওৱাটো সহজ কথা। মোৰ সতে মই অ’ হেনৰীৰ এক গল্প সংগ্ৰহ লৈ যাম, যিখন মোক মোৰ বৰ্তমানৰ বাগদত্তাই দিল্লীৰ পুৰণা কিতাপ বিক্ৰী কৰা দোকান এখনৰ পৰা কিনি দিছিল। বিংশ শতিকাৰ মাজভাগৰ, পুৰনা এই কিতাপখনৰ ফটা-ছিটা-উৱলা অংশবোৰে কিতাপখনক এক নতুন ৰূপেৰে মোহনীয় কৰি থৈছে। এহাজাৰতকৈও অধিক পৃষ্ঠাৰ এই চুটি গল্পৰ কিতাপখনত এনেকুৱা কিছুমান গল্প আছে, যিবোৰ পঢ়ি আৰু উপভোগ কৰি কৰিয়েই মই ডাঙৰ হৈছো। মই ভাৱো, মোৰ বাবে চুটি গল্পৰ কথনৰ অন্য নামেই হ’ল অ’ হেনৰী।

মোৰ সংগ্ৰহৰ বাবে কবিতাৰ কিতাপ এখন বিচাৰি উলিওৱা কামটোও বেছ তাৎক্ষণিকভাৱেই সম্ভৱ হ’ল, ঠিক ভবাৰ লগে লগেই। স্কুলত পঢ়ি থাকোঁতে আমি ইংৰাজী ৩ নামৰ এটা বিষয়ৰ বাবে নিৰ্বাচিত কিছু কবিতা, ৰচনা আৰু গল্প পঢ়িব লাগিছিল। তাৰ পাছৰে পৰা বিষয়টো অসমৰ স্কুলত নোহোৱা হৈ গ’ল আৰু ২ নম্বৰ খন ইংৰাজী কাকতনো কি আছিল, সেই কথাটোও মই কেতিয়াও ভাৱি উলিয়াবগৈ নোৱাৰিম।

মোৰ সংগ্ৰহৰ বাবে কবিতাৰ কিতাপ এখন বিচাৰি উলিওৱা কামটোও বেছ তাৎক্ষণিকভাৱেই সম্ভৱ হ’ল, ঠিক ভবাৰ লগে লগেই। স্কুলত পঢ়ি থাকোঁতে আমি ইংৰাজী ৩ নামৰ এটা বিষয়ৰ বাবে নিৰ্বাচিত কিছু কবিতা, ৰচনা আৰু গল্প পঢ়িব লাগিছিল। তাৰ পাছৰে পৰা বিষয়টো অসমৰ স্কুলত নোহোৱা হৈ গ’ল আৰু  ২ নম্বৰ খন ইংৰাজী কাকতনো কি আছিল, সেই কথাটোও মই কেতিয়াও  ভাৱি উলিয়াবগৈ নোৱাৰিম। যিনহওক বাৰু, আমি পঢ়িবলগীয়া কবিতাকেইটা আছিল এখন পুৰণা অক্সফৰ্ডৰ কবিতা সংগ্ৰহৰ পৰা লোৱা আৰু ইয়াত পাশ্চাত্যৰ লগতে ভাৰতীয় কবিৰ বহুখিনি কবিতা আছিল। গোটেই কিতাপখনত থকা এশটামান কবিতাৰ মাজৰ পৰা আমাক মাত্ৰ আঠটা কবিতাহে পঢ়িবলৈ দিয়া হৈছিল। পিছে, কথাটো হ’ল, মই আচলতে আমাক পাঠ্যক্ৰমত ধৰি নিদিয়া কবিতাবোৰ বেছ উপভোগ কৰিছিলো। লগতে কিতাপখনত কবিতা আৰু কবিসকল সম্পৰ্কে বৰ ভালকৈ টোকা থকাৰ কথাটোৱেই মোক বেছ সহায় কৰিছিল। সেয়া আছিল মোৰ বাবে প্ৰথম চিৰিয়াছ কবিতা পঠন আৰু তেতিয়াৰ পৰাই মই সদায় ভাল কবিতা পঢ়ি আনন্দ লভি আহিছো। গতিকে, এই কিতাপখন ইভান’ৱিছৰ সেই কোঠাটোত মোৰ বাবে বৰ সুখকৰ হৈ উঠিব।

অন্যহাতে, মোৰ পছন্দৰ তালিকাখনত একেবাৰে নিশ্চিত ভাৱে থাকিব লগা আন কেইখনমান কিতাপ হ’ল – পদাৰ্থ বিজ্ঞান বিষয়ক ফাইনমেনৰ বক্তৃতামালাৰ তিনিখন গ্ৰন্থ আৰু ষ্টিফেন হ’কিঙে সম্পাদনা কৰা দুখন কিতাপ ক্ৰমে ‘ষ্টেণ্ডিং অন দ্য শ্বল্ডাৰছ অৱ জায়েণ্টছ’ আৰু ‘গড ক্ৰিয়েটেড দ্য ইন্টিজাৰছ’।

ৰিছাৰ্ড ফাইনমেনে ‘কেলটেক’ত স্নাতকমহলাৰ পদাৰ্থবিজ্ঞানৰ শিক্ষাৰ্থীসকলক ১৯৬০ৰ দশকত পদাৰ্থবিজ্ঞান বিষয়ক এলানি বক্তৃতামালা প্ৰদান কৰিছিল আৰু মই আজিলৈকে ইয়াৰ সতে স্পষ্টতা আৰু কাহিনী কথনৰ মানৰ ক্ষেত্ৰত ফেৰ মাৰিব পৰা কাৰিকৰী ৰচনা বিচাৰি পোৱা নাই। পদাৰ্থবিজ্ঞানত মজি যোৱাৰ এনেকুৱা এটা কোঠাত প্ৰয়োজন আছে, পিছে ফাইনমেনৰ বক্তৃতাৰ বাদে আন একো নালাগে। হকিঙৰ দ্বাৰা সম্পাদিত ৰচনাৱলীসমূহ পদাৰ্থবিজ্ঞান আৰু গণিতৰ কিছু গুৰুত্বপূৰ্ণ ‘গৱেষণা পত্ৰ’ৰ সংগ্ৰহ, যিবোৰে এই বিষয়বোৰৰ আধুনিক ৰূপবোৰক জন্ম দিছে। প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক সামগ্ৰীৰ এক সমোচিত সমন্ৱয়ে এই কিতাপকেইখনক এঠাইৰ পৰা আনঠাইলৈ টোপোলা বান্ধি নিবলগীয়াকৈ উপযুক্ত কৰি তুলিছে (মই নিজেই তিনিবাৰকৈ থকা ঠাই সলাওঁতে এইকেইখন টোপোলা পাতি নিছো)। এই মূল কামসমূহৰ অধ্যয়ন কৰি মানুহে ঘণ্টাৰ পাছত ঘণ্টা পাৰ কৰি দিব পাৰিব। তাত্বিক পদাৰ্থবিজ্ঞান আৰু গণিতৰ প্ৰকৃতিটোৱেই এনেকুৱা যে, ইয়াৰ উপস্থিতিয়ে কাষত এটা কলম আৰু এসোপামান কাগজৰ বাদে আন একোৰে প্ৰয়োজনীয়তা নোহোৱা কৰি তোলে।

https://biriyaa.com/

ইয়াৰ পাছতে মই নিবাৰ্চন কৰিব খোজা তিনিখন কিতাপ হ’ল – এডৱাৰ্ড গেইটৰ অসমৰ বুৰঞ্জী, ড’নাল্ড ন্যুথৰ আৰ্ট অৱ কম্পিউটাৰ প্ৰগ্ৰামিঙৰ প্ৰথম সংকলনটো আৰু মোৰ ওচৰত থকা ১৯০০ শতিকাৰ আগভাগতে প্ৰকাশিত ভাগৱত গীতাৰ এটা পুৰণা ইংৰাদী অনুবাদ। গেইটৰ গ্ৰন্থখন হ’ল অসমৰ বুৰঞ্জীৰ সম্পৰ্কে ইংৰাজীত লিখা প্ৰথমখন কিতাপ আৰু ই এখন কালজয়ী গ্ৰন্থলৈ পৰিণত হৈছে।

ৰিছাৰ্ড ফাইনমেনে ‘কেলটেক’ত স্নাতকমহলাৰ পদাৰ্থবিজ্ঞানৰ শিক্ষাৰ্থীসকলক ১৯৬০ৰ দশকত পদাৰ্থবিজ্ঞান বিষয়ক এলানি বক্তৃতামালা প্ৰদান কৰিছিল আৰু মই আজিলৈকে ইয়াৰ সতে স্পষ্টতা আৰু কাহিনী কথনৰ মানৰ ক্ষেত্ৰত ফেৰ মাৰিব পৰা কাৰিকৰী ৰচনা বিচাৰি পোৱা নাই। পদাৰ্থবিজ্ঞানত মজি যোৱাৰ এনেকুৱা এটা কোঠাত প্ৰয়োজন আছে, পিছে ফাইনমেনৰ বক্তৃতাৰ বাদে আন একো নালাগে।

 

আজিলৈকে এই কিতাপখন সম্পূৰ্ণকৈ পঢ়াটো মোৰ বাবে সম্ভৱ হৈ উঠা নাই আৰু সেয়ে মই ভাৱো সেই চেষ্টা কৰাটো এটা খুব ভাল কাম হ’ব। ন্যুথৰ কিতাপবিলাকক কম্পিউটাৰ বিজ্ঞানৰ বাইবেল হিচাপে গণ্য কৰা হয় আৰু সম্ভৱতঃ ইয়াৰ প্ৰথমটো সংকলনেই মোৰ বৌদ্ধিক কৌতুহলক কেবাবছৰ পৰ্য্যন্ত সন্তুষ্ট কৰি ৰাখিবলৈ যথেষ্ট হ’ব। অন্যহাতে, বৃদ্ধাৱস্থাত তথা যেতিয়া গভীৰভাৱে চিন্তা কৰিব পৰাকৈ মই ভাগৰুৱা হৈ পৰিম, সম্ভৱতঃ তেতিয়া তৃতীয়খন কিতাপে কিছুপৰিমাণে হ;লেও মোৰ অন্তৰাত্মাৰ বোধোদয় ঘটাত সহায় কৰিব।

মই এটা কথা খুউৱ দুখেৰে অনুভৱ কৰোঁ যে, মই বিচৰা কিতাপৰ তালিকাখন মাত্ৰ এইকেইখনতে সমাপ্ত নহ’ব; সম্ভৱতঃ মই এইকেইখন দেখি বিৰক্ত হৈ উঠিম। কিন্তু এই মুহুৰ্তত এইকেইখনেই মোৰ বাবে যথেষ্ট হ’ব যেন ভাৱ হৈছে। সম্ভৱতঃ মোৰ হাতত থকা বিভিন্ন বিষয়ৰ কিতাপ, যেনে বুৰঞ্জী বিষয়ক (যিটো মোৰ নতুন আগ্ৰহৰ বিষয় হৈ উঠিছে), বিজ্ঞান বিষয়ক বা বহুকেইখন জীৱনীগ্ৰন্থ, যিবোৰ মই পঢ়ি খুব আনন্দ পাইছিলো, সেইবোৰ নোলোৱাৰ কথাটিৱে মোক অনুতপ্তও কৰি তুলিব। এই তালিকাত সদায় থাকিব, মই পঢ়ি শেষ কৰিব খোজা, মোৰ হাতত থকা কিতাপ। অথবা, এনেকুৱা কিতাপ, যিবোৰ আজিৰ তাৰিখত মোৰ হাতত নাই, কিন্তু সেইবোৰ সংগ্ৰহৰ ইচ্ছা মোৰ আছে। কিন্তু, সৰ্বোপৰি, মই ভালপোৱা বিষয়ত এতিয়ালৈকে লিখিবলৈ ৰৈ যোৱা ভাল গ্ৰন্থৰ হেঁপাহেও মোক আকুল কৰি ৰাখিব। জীৱনৰ আটাইতকৈ দুখলগা সত্যটোৱেই হ’ল যে, ই সীমিত আৰু সেয়েই, আমি পঢ়া কিতাপৰ সংখ্যাও সীমিত। কিন্তু, ইভান’ৱিছৰ কোঠাটো হ’ল শান্তি আৰু নিৰ্জনতাৰে ভৰা কোঠা আৰু সেয়ে কিতাপে ইয়াৰ সৌন্দৰ্য্য আত্মস্থ কৰাত অনেক সহায় কৰিব। লগতে মোক আকৃষ্ট কৰিব ডাৱৰ আৰু ৰাজপ্ৰাসাদৰ মনোমোহা দৃশ্যৰে ধুনীয়া হৈ উঠা এই হ্ৰদটোৰ মোহনীয়া নৈসৰ্গই, যাক উপভোগ কৰি কৰি হ্ৰদৰ পাৰে পাৰে মই ‘তেওঁ’ৰ সতে দুপাক খোজ দিম নীৰৱে। 

(মূল ইংৰাজী লেখাৰ পৰা অসমীয়া ভাঙনি ‘বিৰিয়াৰ সাঁউৰি’ৰ। মূল লেখা ইংৰাজী শিতানত প্ৰাপ্ত )

ম ঞ্জি ল শ ই কী য়া

ভিয়েনা বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ চূড়ান্ত বৰ্ষৰ গৱেষক ছাত্ৰ তথা গণিত চ’ৰাৰ (https://gonitsora.com/) সহ-প্ৰতিষ্ঠাপক। কিতাপ আৰু ভ্ৰমণ অনুৰাগী শইকীয়াই গণিত সম্পৰ্কে আলোচনা কৰিও ভাল পায়।  তেওঁ বিৰিয়াৰ নিয়মীয়া স্তম্ভলেখক। (https://manjilsaikia.in)

Previous বাৰেকো বায়নৰো ছেও!
Next খাদ্য আৰু কৃষি সংস্থাৰ প্ৰতিবেদন: খাদ্য নিৰাপত্তালৈ ভাবুকি সমগ্ৰ বিশ্বতে