হু বিতৰ্ক, ভয়, জয় পৰাজয়, উত্থান পতনৰ মাজেৰে পাৰ হৈ গৈছে বিগত দিনকেইটা।  কিছু যোগাত্মক, কিছু ঋণাত্মক ভৱিষ্যতৰ চানেকিৰ মাজেদি অসমীয়া মানুহে আগবাঢ়িছে। অতীতৰ বহু তিতা কেঁহা অভিজ্ঞতাই অসমীয়া সমাজক এনে এক অৱস্থালৈ লৈ গৈছে যে কোনো কথাকেই, কোনো উপহাৰকেই অসমীয়া মানুহে সন্দেহ নকৰাকৈ গ্রহণ কৰিব নোৱাৰা হৈছে। ইয়াৰ বাবে দায়ী অসমীয়া মানুহ নহয়, অসমীয়া মানুহক কৰা ঠগ আৰু প্রবঞ্চনাবোৰহে।

যি সময়ত সমগ্র বিশ্বই বিজ্ঞান সভ্যতাৰ উদ্ভাৱনী শক্তিৰ ন-ন গৱেষণাত নিজকে সমৰ্পিত কৰি আছে, তেনে এক সময়ত আমি যুঁজি থাকিব লগীয়া হৈছে নিজৰ অস্তিত্ব ৰক্ষাৰ হকে। অসমীয়া সমাজ ভাষা সংস্কৃতিয়ে আজি নিৰাপত্তাহীন অনুভৱ কৰিছে। নিৰাপত্তাহীন হৈ সমগ্র সমাজ আন্দোলনমুখী হৈছে। কিছু সংখ্যকে অস্ত্রৰে সমস্যা সমাধানৰ বাট বিচাৰি পাহাৰ বগাইছে। কিন্তু বাস্তৱ কি ? বাস্তৱত অসমীয়া সমাজৰ আচল শত্ৰুবোৰ কি কি? কোনোবাই চিন্তা চৰ্চা কৰিছেনে?

প্রথমতেই পাঠক সমাজলৈ বিনম্র অনুৰোধ- আমাৰ এই লিখনিটো পঢ়ি থাকোতে নাগৰিকত্ব (সংশোধনী) বিধেয়কখনক মনৰ মাজলৈ নানিব। অন্য এটি দৃষ্টিকোণৰ পৰাহে মই এই কথাখিনি লিখিবলৈ ওলাইছো।  প্রকৃতাৰ্থত আমাৰ যুঁজখন কাৰ বিপক্ষে ? অথবা যদি বিপৰীত ভাষাত কওঁ- “যুজখন কাৰ নিৰাপত্তাৰ বাবে”? এই প্রশ্নটো প্রত্যেকজন মানুহেই নিজকে নিজে কৰক। নেতাসকলেও কৰক। উত্তৰটো ভাবক, গভীৰভাবে ভাবক।

কৰ্মৰ বিনে গতি নাই, কৰ্মবিমূখ জাতিটোক বচাবলৈ পেশাগত আন্দোলনকাৰী সকলে আচলতে কাৰ হৈ কাম কৰে তাক গাঁৱৰ ভঙা পঁজাৰ প্রকৃ্ত খিলঞ্জীয়াজনে বুজি উঠাত যিমানেই পলম হব অমাৱস্যাও সিমান সোনকালেই আহিব।

এতিয়া আহো মোৰ কবলগীয়া কথাবোৰলৈ। যিসকলৰ বিৰূদ্ধে এই যুঁজখন, আজি তেওঁলোক ৰণক্ষেত্রত আমাতকৈ বহু বেছি শক্তিশালী। শক্তিশালী নাছিল, কিন্তু শক্তিশালী হৈ উঠিল। যোৱা কেইটামান দশকত ৰাজপথত আন্দোলনৰ প্রতিযোগিতা পাতি আমি শত্ৰুক যিমানেই দুৰ্বল কৰিবলৈ গলো, সিহঁতে সিমানেই শামুকীয়া গতিত শক্তি গোটালে। আমি আন্দোলনৰ সংস্কৃতি গঢ়ি্লো, সিহঁতে কৰ্মৰ সংস্কৃতি গঢ়িলে। পথাৰখন হাতৰ মুঠিলৈ আনিলে, পথাৰৰ লগে লগে বজাৰখন। একঠা দুকঠাকৈ বিঘাৰ পৰা পুৰা হৈ আমি মাটিবোৰ বেচিলো, সিহঁতে কিনিলে। কিনি খেতি কৰিলে। এখন দুখনকৈ নামনি আৰু মধ্য অসমৰ প্রায় প্রতিখন পথাৰ সিহতৰ হাতলৈ গ’ল। পথাৰখন পাই বজাৰখনলৈ মন মেলিলে আৰু আলাসতে বজাৰখনো হাতৰ মুঠিলৈ নিলে। প্রথমতে পাইকাৰী আৰু তাৰ পাচত সৰু বৰ সকলো বজাৰ। প্রতিজন বিক্রেতা সিহঁতৰ। অৰ্থাৎ হাতত পলিথিন লৈ বজাৰ কৰোঁতে মানীবেগ খুলি উলিয়াই দিয়া নোটখনৰ এশ শতাংশই সিহঁতে পালে। প্রিয় পাঠক, আকৌ এবাৰ মোৰ প্রশ্নটো উনুকিয়াই লওক- “আমাৰ যুঁজখন কাৰ বিপক্ষে”? এই যে পথাৰখন হেৰুৱালে, বজাৰখন হেৰুৱালে- এই হেৰুৱাকেইজন কোন কোন ? লাখে লাখে নিবনুৱা কোন হ’ল, কাৰ বাবে হ’ল ? অৱশ্যে, কাৰ দোষত হ’ল এইটো নাভাবিব। ভাবিলে ওপৰলৈ মাৰি দিয়া থু খিনি আহি গোটেই আমাৰ মানুহৰ গাতেই পৰিব; তেওঁলোকৰ গাত বিন্দু মাত্রও নপৰে। মই ভুল কৈছো যদি কৰযোৰে ক্ষমাপ্রাৰ্থী।

মাত্ৰ চাকৰিটো আমাৰবোৰক চৰকাৰী লাগে, তাৰ বাহিৰে সকলো চৰকাৰীতেই আমাৰবোৰে বেমেজালি দেখে। সেয়ে বেচৰকাৰীত গৈ একেখিনি চিকিৎসাকেই কৰোৱায়। লাখে লাখে বিল উঠে। বিল দিবলৈও মাটি বেচে।  কিনে কোনে?

ৰব, অকল পথাৰখনেই গ’ল নেকি? পুখুৰীকেইটা গ’ল। খাল, বিল, নদীবোৰ গ’ল। মাছৰ উৎপাদনৰ পৰা আৰম্ভ কৰি সমগ্র মাছৰ ব্যৱসায়টোলৈ সকলো গ’ল। উৎপাদকৰ পৰা মধ্যভোগী হৈ বিক্রেতালৈ সকলো তেওঁলোকৰ। পলিথিনত মাছ কিনি মানীবেগ খুলি আমি প্রত্যেকজনে প্রতিদিনে উলিয়াই দিয়া লাখ লাখ টকা হেজাৰ কৌটি হৈ সমগ্র বছৰটো তেওঁলোকৰ পকেটত সোমাল। বিনিময়ত চৰত থকা লাখ লাখ মানুহে একঠা দুকঠাকৈ বিঘাই বিঘাই মাটি কিনি গাঁওবোৰত নিগাজী হ’ল। ম্যাদি মাটিৰ মালিক হ’ল, পকীঘৰ উঠিল। আমাৰ বোৰে মাটি বেচি বেচি চুকত সোমাল। মদ খালে। খাই মৰিল। ভেটি উচন উঠিল। আকৌ এবাৰ উনুকিয়াই দিলো মোৰ প্রশ্নটো- “আমাৰ যুঁজখন কাৰ বিপক্ষে”?

আমি খাই ভালপোৱা জাতি। কঙালী বুলি কলেও, কাতি বিহুৰ দিনাও অলপ হ’লেও “ব্রইলাৰ” লাগেই আমাক। নহলে আমাৰ “চাৰ্লি”হঁতে ভাত নিগিলে। মাজতে অসমীয়া যুৱক কিছুমানে ব্রইলাৰ কুকুৰাৰ ফাৰ্ম খুলি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছিল। তেওঁলোকৰ ফাৰ্মবোৰ বন্ধ কৰোৱাৰ আঁৰতো কিন্তু আমাৰ মানুহেই। কেনেকৈ?  বুজা নাই যদি কেতিয়াবা লিখিম পাছত। তাৰ পাছত কি (?)- মাংসৰ সমগ্র ব্যবসায়তো তেওঁলোকৰ। কাৰ (?), যাৰ বিৰুদ্ধে যুদ্ধ আমাৰ- সিহঁতৰ!  অলিয়ে-গলিয়ে, চুকে-কোণে মাংসৰ দোকান, আমিবোৰে খাওঁ, সিহঁতবোৰে ঘটে।

চৰকাৰে নতুন নতুন আঁচনি আনে। মেডিকেল কলেজ পাতে। ভালতকৈও ভাল মেচিন আনে, উন্নততকৈ উন্নত চিকিৎসাৰ সুবিধা কৰে। পিচে হিতাধিকাৰী হয় কোন? সিহঁতবোৰ। কিয় ? আমাৰবোৰেযে চৰকাৰী বুলি কলেই নাক কোঁচায়। মাত্র চাকৰিটো আমাৰবোৰক চৰকাৰী লাগে, তাৰ বাহিৰে সকলো চৰকাৰীতেই আমাৰবোৰে বেমেজালি দেখে। সেয়ে বেচৰকাৰীত গৈ একেখিনি চিকিৎসাকেই কৰোৱায়। লাখে লাখে বিল উঠে। বিল দিবলৈও মাটি বেচে।  কিনে কোনে? আকৌ মনত পেলাই দিওঁ –“আমাৰ যুজখন কাৰ বিপক্ষে”। সকলো চৰকাৰী চিকিৎসা আঁচনি, যত চৰকাৰৰ কৌটি কৌটি টকাৰ খৰচ  হয়, তাত হিতাধিকাৰী হয় অকল সিহঁতবোৰ। আমাৰবোৰে বেচৰকাৰীলৈ যায়।

পাহৰি গলে ভুল হ’ব “ধোদৰ আলি”টো সমগ্র বিশ্বৰ এই প্রদেশতেই অৱস্থিত। আমি অৱশ্যে  “ঐতিহ্যমণ্ডিত ধোদৰ আলি” বুলি কওঁ দিয়কচোন;  কবলৈ লাজ নাপাওঁ! 

কিমান কষ্ট কৰা মানুহ সিহঁত! মুৰত দহটা ইটা লৈ মাইকী মানুহ এজনীয়ে দহতলা বিল্ডিঙত ইটা উঠায় , দিনৰ দিনটো। গাত কিমান শক্তি আছে ভাবি চাব। আৰু আমাৰ (?) ঘৰে প্রতি তিনিজনৰ ডায়েবেটিছ, দুজনৰ ব্লাড প্ৰেছাৰ, এজনৰ কেন্সাৰ। কোনো কৰ্মঠ জাতিৰ জানো ইমান হাৰত ডায়বেটিছ হয়? কথাটো ভাবি চাব। অসমীয়া সমাজত এই হাৰত ডায়েবেটিছৰ প্রাদুৰ্ভাৱ হোৱাৰ প্রথম কাৰণ চুড়ান্ত অকৰ্মণ্যতা। মই চিকিৎসক নহয়, কিন্তু চিকিৎসকে তাকেই কয়। প্রতি ঘৰত ডায়েবেটিছ মানে সিমানেই অকৰ্মণ্যতা। পাহৰি গলে ভুল হ’ব “ধোদৰ আলি”টো সমগ্র বিশ্বৰ এই প্রদেশতেই অৱস্থিত। আমি অৱশ্যে  “ঐতিহ্যমণ্ডিত ধোদৰ আলি” বুলি কওঁ দিয়কচোন;  কবলৈ লাজ নাপাওঁ!

আকৌ প্রশ্নটো আকৌ কৰিছো- “আমাৰ যুজখন কাৰ বিপক্ষে”। যাৰ বিপক্ষে যুঁজিবলৈ যাওঁ, সিহঁতে উৎপন্ন কৰা “পুষ্টিকৰ খাদ্য” খাই আমি শক্তি আহৰণ কৰো। নকৰিমেই বা কিয়, আজি আমাৰ বাৰিয়ে-পদুলিয়ে নৰসিংহৰ গছ এডালো নাই। সিহঁতেতো কৰিছেই, আমিনো আৰু কষ্ট কৰোঁ কিয়!  মানীবেগটোত খমখমীয়া কেইখন থকালৈ চিন্তা নাই। সিহঁতেও তাকেই বুজি অসমীয়া সেনানীলৈ বিধে বিধে ৰাসায়নিক সাৰ, কীটনাশক,  হৰমনৰ বেজি দি বস্তাই বস্তাই বতৰৰ অবতৰৰ সকলো পাচলি আমালৈ পঠাই আছে। কৈছোয়েইতো,  পথাৰখন সিহঁতৰ হাতত যোৱাৰ লগে লগেই সিহঁত যুঁজত বহুযোজন  আগবাঢ়ি গ’ল। সীমাহীন, বাধাহীন সাৰ-কীটনাশক দিয়া পাচলিৰ মছলাযুক্ত জুতি লগোৱা খাদ্য খাই খাই বহু খিলঞ্জীয়াই অকালতে ৰণক্ষেত্র এৰিলে। বহুতেই দেহত ভয়ানক বেমাৰ লৈ ককবকাইছে।

মাতৃভাষাৰ প্রতি অৱজ্ঞা কৰি ভবিষ্যতৰ খিলঞ্জীয়া সমাজখন কেনেকৈ বচাই ৰখা যাব,  তাক নাভাবি আমি মাথোঁ আন্দোলন কৰিছো। জাতিটোক আগুৱাই নিবলৈ, ভাষাটোক বিশ্বসাহিত্যত প্রতিষ্ঠা কৰাৰ বাবে সাহিত্যৰ যিবোৰ আন্দোলনৰ প্রয়োজন আছিল, সেইবোৰ স্থবিৰ হ’ল।

তাতোকৈ ভয়ানক ব্যাধিটো হৈছে শিক্ষাৰ জগতত। আমাৰ এতিয়া মাতৃভাষাৰ প্রতি চৰম অনীহা। চুবুৰীয়ে চুবুৰীয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয়। সক্ষম- অসক্ষম আমাৰ সকলোৰে মাজত এতিয়া ইংৰাজী মাধ্যমৰ স্কুলত লৰা ছোৱালী পঢ়োৱাৰ প্রতিযোগিতা। মাতৃভাষাৰ প্রতি চৰম অনীহা। চৰকাৰী স্কুলত কি দিয়া নাই চৰকাৰে। সকলো বিনামূলীয়া, দুপৰীয়াৰ খাদ্য পৰ্যন্ত। সুবিধাটো সিহঁতে নল’ব কিয় ? চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ত সিহঁতে পঢ়ে, বিদ্যালয়ৰ পৰা কলেজ হৈ বিশ্ববিদ্যালয়লৈ। অসমীয়াত পঢ়াই নহয়, অসমীয়াত মেজৰ লৈ পঢ়ে । অসমীয়া ভাষা সাহিত্যত দখল থকা মানুহ ভৱিষ্যতে সিহঁতৰ বেছি হ’ব, আমাৰ ঔষধত দিবলৈও বিচাৰি নাপাম। মাতটো থকালৈ মাথো চিঞৰিব পাৰিম -সংখ্যালঘু হ’লো বুলি। মাতৃভাষাৰ প্রতি অৱজ্ঞা কৰি ভবিষ্যতৰ খিলঞ্জীয়া সমাজখন কেনেকৈ বচাই ৰখা যাব,  তাক নাভাবি আমি মাথোঁ আন্দোলন কৰিছো; আন্দোলন কৰি কৰি আমি এনে এক অৱস্থা পালো য’ত  আজি আমাৰ মনতেই নাই- ১৯৭৯ ৰ পৰা চলা বা চলাই ৰখা যুঁজখন আচলতে কাৰ বিপক্ষে আছিল?

আমি ভাবি চাবলৈ ইচ্ছা নকৰোঁ, আমাৰ পঢ়ি চাবলৈ সময় নাই।  অধ্যয়নহীনতাই আমাক শেষ কৰিলে। ভাষা-সাহিত্যৰ জগতত আমি বহু পিচপৰি গ’লো।  লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোঁহাঞিবৰুৱা, নৱকান্ত বৰুৱা, বাণীকান্ত কাকতিকে ধৰি হোমেন বৰগোহাঞি, নীলমণি ফুকনলৈ চিৰনমস্য অসমীয়াৰ যি উচ্চমানৰ জগতসভাত অসমক চিনাই দিয়া সৃষ্টি, সেয়া নতুনচামে যেন পৰা নাই।  জাতিটোক আগুৱাই নিবলৈ, ভাষাটোক বিশ্বসাহিত্যত প্রতিষ্ঠা কৰাৰ বাবে সাহিত্যৰ যিবোৰ আন্দোলনৰ প্রয়োজন আছিল সেইবোৰ স্থবিৰ হ’ল। জাতিটোৰ আচল আশাবোৰ নাইকিয়া হ’ল, সেয়াহে দুৰ্ভাগ্যজনক।

বাস্তৱত অসমীয়া সমাজৰ আচল শত্ৰুবোৰ কি কি? কোনোবাই চিন্তা চৰ্চা কৰিছেনে?

বিতৰ্কৰ বাবে কথাখিনি লিখা নাই। মনৰ দুখত লিখিছো, পাঠকে বিচাৰিলে ভবিষ্যতলৈ আৰু লিখিম। কৰ্মৰ বিনে গতি নাই, কৰ্মবিমুখ জাতিটোক বচাবলৈ পেশাগত আন্দোলনকাৰী সকলে আচলতে কাৰ হৈ কাম কৰে তাক গাওঁৰ ভঙা পঁজাৰ প্রকৃত খিলঞ্জীয়াজনে বুজি উঠাত যিমানেই পলম হ’ব জাতিটোৰ অমাৱস্যাও সিমান সোনকালেই আহিব। 

আ ভি জিৎ শ ৰ্মা

আসাম পাব্লিক ৱৰ্কছৰ সভাপতি।

Previous অসমীয়াৰ কফিন কোনে সাজিছে?
Next বিশ্বৰ সৰ্ববৃহৎ মৌমাখিৰ পুনৰাৱিস্কাৰ