গুৰু দ্ৰোণাচাৰ্য্যই একলব্যৰ আঙুলিটো দক্ষিণাত লোৱাৰ দিনা হাইড্ৰ’জেন্‌ ছাল্‌ফাইড্‌ ৰ গোন্ধ এটা বতাহত ভাঁহি আছিল। পৰশুৰামৰ টোলত জাতি সংৰক্ষণ থকাৰ বাবে অসৎ প্ৰমাণপত্ৰৰে ব্ৰাহ্মণ হৈ পৰা কৰ্ণ আৰু প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আশাত এছ. টি. অৰ্থাৎ অনুসূচীত জনজাতিৰ প্ৰমাণ পত্ৰ উলিওৱা হাজৰিকাৰ ঘৰৰ সাধাৰণ শ্ৰেণীৰ ল’ৰাটোৰ দোদুল্যমান মানসিক অৱস্থা একেই। কুৰুক্ষেত্ৰৰ ৰণত কৰ্ণৰ ৰথৰ চকা ধৰাত সোমাই যোৱাৰ দৰে হাজৰিকাৰ ল’ৰাটোৱেও পৰীক্ষাতহে কথা পাহৰে। গদাযুদ্ধৰ দক্ষতাক ধূসৰ কৰি দুৰ্য্যোধনৰ অহংকাৰী চৰিত্ৰ মূৰ দাঙি উঠাৰ দৰে অথবা ৰাৱণৰ জ্ঞানৰ পাহাৰ অহংকাৰ আৰু কু-চৰিত্ৰই ধুলিস্যাৎ কৰি তোলাৰ দৰেই এ.টি.এম. হোৱাৰ বাসনাই স্তিমিত কৰিছে এটা প্ৰজন্মৰ সমস্ত সৃষ্টিশীলতা। ভৱিষ্যতৰ পৰা ধাৰে লোৱা পৃথিৱীখন সুস্থ কৰি ৰাখিবলৈ যাওঁতে উজুটি খুৱা শিক্ষা ব্যৱস্থা তাতে  ৰৈ গৈছে ৷

আত্মাৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যেৰে বেদক সাৰথি কৰি গুৰুকুলৰ বৈদিক শিক্ষাৰ পৰা একবিংশ শতিকাৰ ডিজিটেল স্কুললৈ বহুদূৰ বাট অতিক্ৰম কৰিছে সভ্যতাই৷ তাৰ পাছতো একেই আছে সমস্যাবোৰ৷ চৰিত্ৰ গঠন, নৈতিকতা, আত্মনিয়ন্ত্ৰণ, ৰিপু দমন আদিত গুৰুত্ব আৰোপ কৰা বৈদিক শিক্ষাৰে দিক্ষিত হৈয়ো স্বেচ্ছাচাৰী শাসক হৈ পৰা উদাহৰণ তেতিয়াও আছিল৷ দক্ষতাত গুৰুত্ব দিব খোজা একবিংশ শতিকাই দক্ষতাবিহীন শিক্ষাৰে কেৱল মাৰ্কশ্বিটত সীমাবদ্ধ কৰি গঢ়ি তোলা প্ৰজন্মৰো বহুজন আজি মানৱ সম্পদ হ’বলৈ অসমৰ্থ ৷ বৰ্তমান সময়ৰ উচ্চ শিক্ষাৰ সংকট হৈ পৰিব পাৰে মানৱজাতিৰ উত্তৰণৰ তেজী ঘোঁৰাটোৰ বাবে পংগুত্ব৷

দক্ষতাবিহীন হোৱাৰ বাবেই নিবনুৱা সমস্যাও তুংগত৷ সমুদ্ৰ মন্থনত অমৃতৰ সন্ধানত গৰল নিগৰাৰ দৰেই জ্ঞানৰ মন্থনত আৱৰ্জনা বহুত৷ এই আৱৰ্জনা আঁতৰাবলৈ কোনো দেৱপুৰুষৰ আৱিৰ্ভাৱ নহয়৷ সমাধানসূত্ৰ আমিয়ে বিচাৰি উলিয়াব লাগিব৷

সূৰ্য্যটো ঘূৰণীয়া৷ চন্দ্ৰটো ঘূৰণীয়া৷ পৃথিৱীখনো চুক-কোণ নোহোৱাকৈয়ে ধুনীয়া৷ ছাত্ৰৰ মনো চন্দ্ৰ-সূৰ্য্যৰ দৰেই৷ সকলো সমান বুলি ভাবি যাত্ৰা আৰম্ভ কৰা ছাত্ৰসমাজ উচ্চ শিক্ষা গ্ৰহণৰ বাবে গৈ এখন্তেক থমকি ৰ’বলগীয়া হয় দুৱাৰডলিত৷ ব্যৱস্থাবোৰ ঘুৰণীয়া নহয়৷ শিক্ষা ব্যৱস্থাটো বাকচৰ দৰে৷ ছাত্ৰ-ছাত্ৰীক বাকচটোৰ উপযোগী কৰিবলৈকে তেওঁলোকক নতুনকৈ গঢ়া হয়৷ নতুন জীৱনটোত প্ৰাণ থাকে, কিন্তু স্পন্দন হেৰাই যায়৷

প্ৰকৃতাৰ্থত একবিংশ শতিকাৰ শিক্ষা ব্যৱস্থা আজি এটা ব্যয়বহুল প্ৰক্ৰিয়া৷ চাকৰি এটাক সৰ্বোত্তম লক্ষ্য কৰি লোৱা শিক্ষা-ব্যৱস্থাটোৱে মানৱ সম্পদ কম আৰু কথাৰ ফুলজাৰিৰে জগত কঁপোৱা ব্যক্তি অধিক উৎপাদন কৰিছে ৷ দক্ষতাবিহীন হোৱাৰ বাবেই নিবনুৱা সমস্যাও তুংগত৷ সমুদ্ৰ মন্থনত অমৃতৰ সন্ধানত গৰল নিগৰাৰ দৰেই জ্ঞানৰ মন্থনত আৱৰ্জনা বহুত৷ এই আৱৰ্জনা আঁতৰাবলৈ কোনো দেৱপুৰুষৰ আৱিৰ্ভাৱ নহয়৷ সমাধানসূত্ৰ আমিয়ে বিচাৰি উলিয়াব লাগিব৷

উচ্চ শিক্ষাৰ প্ৰত্যাহ্বানসমূহ:

ক) নম্বৰকেন্দ্ৰিক শিক্ষা-ব্যৱস্থা: নম্বৰকেন্দ্ৰিক শিক্ষা-ব্যৱস্থাত বহু যান্ত্ৰিকভাৱে প্ৰস্তুতি কৰা হয়৷ বিষয়ৰ জ্ঞান সীমিত হয়৷ ষান্মাসিক পদ্ধতিত এতিয়া অধ্যয়নৰ সময় আৰু কম থাকে৷ সৃষ্টিশীল কামত মন দিবলৈ আহৰি ক’ত ?

খ)ধন যাৰ শিক্ষা তাৰ: শিক্ষাখণ্ড পুঁজিপতিৰ হাতলৈ যোৱাৰ লগে লগে টকাৰ গছৰ বিপৰীতে ডিগ্ৰী সূলভ হৈ পৰিল৷ ব্যক্তিগত খণ্ডৰ উচ্চ-শিক্ষাৰ প্ৰতিষ্ঠান, মেনেজমেণ্ট কোটা, কিতাপৰ উৰ্ধমূখী দাম আদিৰ হেঁচাত শিক্ষা ব্যৱস্থা প্ৰতিদিনে দুৰ্বল হৈ গৈ আছে৷

গ) দক্ষতাবিহীন শিক্ষা ব্যৱস্থা: নেতা সৃষ্টি কৰাতকৈ কৰ্মী সৃষ্টি কৰা অধিক আদৰণীয়৷ আড়ম্বৰপূৰ্ণ জীৱনৰ পাছত দৌৰা চকুবোৰত জ্ঞানৰ ভোক জ্বলিবলৈ ভেটি এটাৰ অভাৱ হৈছিল আৰু নেতা হোৱাৰ বাসনাত কৰ্মী হ’বলৈ সকলোৱে পাহৰি পেলোৱাৰ দৰে শিক্ষা ব্যৱস্থাৰো একেই গতি৷ কাম নকৰাকৈ ফল বিচৰা উচ্চ-শিক্ষাৰ ব্যৱস্থাটোত বহুত কেৰোণ আৰু দক্ষতা এটা ডাঙৰ প্ৰশ্নবোধক৷

ঘ) অসুস্থ প্ৰতিযোগিতা: দৌৰাটো ভাল৷ দৌৰৰ বাজি আৰু ভাল৷ বিজয়ৰ মোহত প্ৰতিদ্বন্দীক লেং মৰাটো কিন্তু অপৰাধ৷ অসুস্থ প্ৰতিযোগিতাই নষ্ট কৰা উচ্চ শিক্ষা ব্যৱস্থাত মেধাস্বত্ব ভংগ কৰা সহজ বিষয় হৈ পৰিছে৷ আন্তৰিকতা শূণ্যই ব্যক্তিকেন্দ্ৰিক সমাজৰ জন্ম দিছে৷ ফলত নিজৰ বিকাশৰ বাবে যিকোনো পৰ্যায়লৈ অৱনমিত হ’বলৈ কুন্ঠাবোধ নকৰা হৈছে ছাত্ৰসমাজ যাৰ কান্ধত ধৰাক সজোৱাৰ দ্বায়িত্ব আছিল৷

সমালোচনা সহজ৷ সমাধান কঠিন৷ তথাপি, পৰিৱৰ্তন সংসাৰৰ নিয়ম৷ সংকটৰ পৰা উদ্ধাৰৰ উপায় আমাৰ হাততে আছে৷ তাৰ বাবে ছাত্ৰ সমাজ প্ৰচাৰৰ পৰিৱৰ্তে কৰ্মত আৰু জ্ঞানত বিশ্বাসী হৈ আগবাঢ়িব লাগিব৷আনৰ সপোনবোৰৰ পৰিৱৰ্তে নিজৰ সপোনৰ বাবে জীয়াই থাকিব পৰাকৈ হ’ব লাগিব সাহসী৷ 

ক স্তু ৰী চু তী য়া

লেখক, তাৰ্কিক আৰু বিৰিয়াৰ নিয়মীয়া স্তম্ভলেখক।

 

Previous নিক্ষেপ!
Next ছ'চিয়েল মিডিয়াত ধৰ্ম প্ৰচাৰ