ভাৰতীয় নাৰীবাদৰ সূতাডাল পশ্চিমীয়া নাৰীবাদৰ সূতাডালৰ এক বর্ধিত ৰূপ। ভাৰতীয় নাৰীবাদৰ এটা নিজা চৰিত্ৰ আজিও গঢ় লৈ নুঠিল। ইউৰােপীয় আৰু আমেৰিকান নাৰীবাদৰে এক প্ৰসাৰিত ৰূপ হিচাপে ভাৰতীয় নাৰীবাদ মূল ভাৰতীয়  সুঁতিটোৰ পৰা নিলগতে ৰৈ গ’ল।  সেয়ে ‘মি টু’ৰ দৰে সম্ভ্রান্ত নাৰীবাদী আন্দোলন এটাই চচিয়েল মিডিয়া অথবা টেলিভিছনৰ পৰ্দাত এক ধুমুহাৰ সৃষ্টি কৰে আৰু একে সময়তে কোনােবা এখন ৰাজ্যৰ চৰকাৰে এতোলা সােণ’ বিয়াৰ বাবে উপহাৰ দি নাৰীশক্তিক শক্তিশালী কৰাৰ অদ্ভুত হিচাপ-নিকাচত ব্যস্ত হৈ পৰে। অসম চৰকাৰৰ দ্বাৰা শেহতীয়াকৈ ঘােষিত বাজেটত ঘােষণা কৰা হৈছে। যে আইন সংগত বিবাহৰ বয়স অর্থাৎ ১৮ বছৰৰ ঊৰ্ধৰ কন্যা সন্তানসকললৈ বিবাহৰ বাবে এতোলাকৈ সােণ আগবঢ়াব চৰকাৰে। তাৰােপৰি চৰকাৰখনে স্ত্রী-শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত থকা দায়বদ্ধতাৰ অংশস্বৰূপে উচ্চতৰ মাধ্যমিকত কৃতিত্ব সহকাৰে উত্তীর্ণ ছাত্রীলৈ একোখনকৈ ইলেকট্রনিক মটৰ বাইকৰ যােগান ধৰিব। 

স্ত্রী শিক্ষাৰ বিকাশৰ কথাবােৰ হ’ব লাগিছিল কিছু অন্য ধৰণৰ। যেনে বৰ্তমান সময়ৰ চিন্তা ধাৰাৰ লগত ফেৰ মাৰিব পৰা বিষয়সমূহৰ প্রচলন কৰা, সমাজত প্রচলিত নাৰীবিষয়ক ধ্যান-ধাৰণাসমূহৰ সলনিৰ বাবে সজাগতাৰ সৃষ্টিৰ প্রতি লক্ষ্য ৰাখি আঁচনি যুগুতােৱা। কিন্তু, বাস্তৱ ক্ষেত্ৰত আমি মূৰ ঘমাইছো ক’ত?

নাৰী সবলীকৰণ আৰু স্ত্রী-শিক্ষাৰ প্ৰসাৰৰ এনে অদ্ভুত ব্যৱস্থা এটাৰ উদ্ভাৱন আৰু একে সময়তে ‘মি টু’ৰ দৰে আন্দোলন এটাই লাভ কৰা জনপ্রিয়তাই ভাৰতীয় নাৰীবাদৰ সেই বিশেষ দুর্বল দিশটোকে প্রতিফলিত কৰে। ইয়াৰ পৰা উমান পাব পাৰি যে ভাৰতীয় নাৰী কেনেকৈ ৰাজনীতিৰ এক শক্তি নহৈ সময়ে সময়ে বৰঞ্চ ৰাজনীতিৰ হাঠিয়াৰ হিচাপেহে ব্যৱহাৰ হৈ আহিছে আৰু এই ক্ষেত্ৰত ভাৰতীয় নাৰীবাদ মৌন দর্শকৰ ভূমিকাত অৱতীৰ্ণ হৈছে। কিয়নাে চৰকাৰী এনে প্রহসনমূলক আঁচনিসমূহৰ লগত নাৰীবাদৰ ভাষণ আওৰােৱা আর্ম-চেয়াৰ স্কলাৰসকলৰ কোনাে সম্পর্ক নাই। চৰকাৰৰ এনে নির্বাচনমুখী নাৰী সবলীকৰণৰ ধ্যান-ধাৰণাৰ বিৰুদ্ধে সেয়ে  কেতিয়াও ‘মি টু’ সদৃশ আন্দোলন এটা গঢ় লৈ উঠা নাই আৰু অনাগত সময়তাে হৈ উঠাৰ কোনাে লক্ষণ নাই। যিহেতু ভাৰতীয় নাৰীবাদে গাঁৱৰ বােকা পানীৰ লগত সংপৃক্ত ইচ্যুসমূহ চিকুটি চোৱাৰ পৰা বহু দূৰত অৱস্থান কৰিছে। আইৰণিকেলি ভাৰতীয় মহিলাৰ জনসংখ্যাৰ প্রায় সত্তৰ শতাংশই গাঁও অঞ্চলত বাস কৰে আৰু এইসকল মহিলাই ‘মি টু’ কি বুজি নাপায় আৰু একে সময়তে চৰকাৰৰ এতোলা সােণৰ আঁৰৰ চালাকিখিনিও বুজি পােৱাৰ বাহিৰত এই মহিলাসকল। বাৰু যি কি নহওক, নাৰীবাদৰ তত্ত্বগত কথাখিনি পাছলৈ ৰাখি আজি আলােচনা কৰিব বিছাৰিছো অসমৰ দৰে এখন ৰাজ্যৰ নাৰী সমাজৰ বাবে প্রয়ােজনীয় বিষয় কোনবােৰ আৰু এটোলা সােণ আৰু ইলেকট্রনিক মটৰ বাইকে এই প্রয়ােজনখিনিক কেনেদৰে পুৰাবলৈ সক্ষম? 

২০১৯-২০বর্ষৰ বাজেটখনত এই কথা উল্লেখ আছে যে চৰকাৰখন স্ত্রী শিক্ষাৰ প্ৰসাৰৰ বাবে দায়বদ্ধ। স্ত্রী শিক্ষাৰ প্ৰসাৰৰ এটা গুৰুত্বপূর্ণ অংশ হৈছে উন্নত যাতায়াত ব্যৱস্থা। যাতায়াত সুবিধাৰ বাবে সেয়ে চৰকাৰে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীর্ণ ছাত্রীসকললৈ আগবঢ়াব এখনকৈ ইলেক্টনিক মটৰ চাইকেল। ইয়াৰ বাবে পৰিবহন বিভাগৰ অধীনত আবণ্টন দিয়া হ’ব ২৫ কোটি টকাৰ। অথাৎ, স্ত্রী শিক্ষাৰ প্ৰসাৰৰ অংশস্বৰূপে চৰকাৰে ব্যয় কৰিব খুজিছে ইলেক্ট্রনিক মটৰ চাইকেলৰ নামত ২৫ কোটি টকা, অথচ কেই মাহ মানৰ আগতে অসমৰ একমাত্র মহিলা বিশ্ববিদ্যালয়খন বন্ধ হৈ যােৱাৰ উপক্ৰম হৈছিল কেৱল চৰকাৰী পুঁজি নােহােৱাৰ অজু হাতত। ২০১৩ চনতে প্রতিষ্ঠিত বিশ্ববিদ্যলয়খনে উপাচার্যকে আদি কৰি কেইটামান পদ কেইমাহমানৰ আগতে ছাত্র সমাজৰ আন্দোলনৰ পাছতহে লাভ কৰিছিল। স্ত্রী-শিক্ষাৰ বিকাশৰ অর্থে যদি ছাত্ৰীয়ে বিনা আন্দোলনত মটৰ বাইক উপহাৰ হিচাপে লাভ কৰিব পাৰে, তেনেক্ষেত্ৰত মহিলা বিশ্ববিদ্যালয় এখন ৰক্ষাৰ বাবে আন্দোলন কৰিব লগা হােৱাটো এক চৰম পৰিতাপৰ কথা। 

ভাৰতীয় নাৰীবাদে গাঁৱৰ বােকা পানীৰ লগত সংপৃক্ত ইচ্যুসমূহ চিকুটি চোৱাৰ পৰা বহু দূৰত অৱস্থান কৰিছে। আইৰণিকেলি  ভাৰতীয় মহিলাৰ জনসংখ্যাৰ প্রায় সত্তৰ শতাংশই গাঁও অঞ্চলত বাস কৰে আৰু এইসকল মহিলাই ‘মি টু’ কি বুজি নাপায় আৰু একে সময়তে চৰকাৰৰ এতোলা সােণৰ আঁৰৰ চালাকিখিনিও বুজি পােৱাৰ বাহিৰত এই মহিলাসকল।

স্ত্রী শিক্ষাৰ বিকাশৰ কথাবােৰ হ’ব লাগিছিল কিছু অন্য ধৰণৰ। যেনে— অসমৰ বিদ্যালয়, মহাবিদ্যালয়সমূহত মহিলা অধ্যায়ন, সমাজশাস্ত্র, মনােবিজ্ঞান, সাংস্কৃতিক অধ্যয়ন, ফেশ্বন ডিজাইনিঙ আদিৰ দৰে বৰ্তমান সময়ৰ চিন্তা ধাৰাৰ লগত ফেৰ মাৰিব পৰা বিষয়সমূহৰ প্রচলন কৰা। তাৰােপৰি সমাজত প্রচলিত নাৰীবিষয়ক ধ্যান-ধাৰণাসমূহৰ সলনিৰ বাবে সজাগতাৰ সৃষ্টিৰ প্রতি লক্ষ্য ৰাখি আঁচনি যুগুতােৱা। ডাইনী হত্যা, প্রসূতিজনিত সমস্যা, মহিলাৰ মাহেকীয়া সম্পর্কীয় প্রচলিত ভ্রান্ত ধাৰণাসমূহৰ অন্ত পেলাবলৈ বিভিন্ন আঁচনি প্রস্তুত কৰা ইত্যাদি হ’ব লাগিছিল স্ত্রী শিক্ষাৰ বিকাশৰ আধাৰ। কিন্তু, বাস্তৱ ক্ষেত্ৰত আমি মূৰ ঘমাইছো ক’ত? চাইকেল, লেপটপ, মটৰ বাইক, সােণ ইতাদিৰে স্ত্রী শিক্ষাৰ প্রসাৰত ?এতোলা সােণ বহু নাৰীৰ বাবে হয়তাে সৌন্দৰ্য্যৰ আহিলা হ’ব পাৰে।  কিন্তু, সৌন্দর্যবর্ধনৰ বাবে সােণৰ প্রয়ােজনীয়তা নাই বুলি ভৱা নাৰীও আমাৰ সমাজত আছে। তাৰােপৰি, বিয়াৰ বাবে এতোলা সােণ উপহাৰৰ কথাষাৰে যৌতুক প্রথাৰ দৰে ব্যৱস্থা এটাক উৎসাহিত কৰিব বুলি ভৱাৰ থল আছে। স্ত্রী-শিক্ষাৰ প্ৰসাৰৰ এই জনপ্রিয় তথা সহজ উপায়(মটৰ বাইক উপহাৰ দিয়াৰ উপায়টো)ৰ ব্যতিৰেকে চৰকাৰে যদি উচ্চশিক্ষাৰ বাবে উপলব্ধ শিক্ষা ঋণৰ জটিলতাখিনি দুৰ কৰি এখন মটৰ বাইক অথবা এতোলা সােণ পােৱাৰ সমানেই সহজলভ্য কৰি তােলাহেঁতেন বহু কন্যা সন্তান উচ্চ-শিক্ষাৰ বাবে আকর্ষিত হ’লহেঁতেন। এই ক্ষেত্ৰত চৰকাৰে স্ত্রী-শিক্ষাৰ বিকাশৰ প্রকৃত কাৰকসমূহ চিনাক্ত কৰি চৰকাৰে স্ত্রী-শিক্ষাৰ অৰ্থৰ সৈতে সামঞ্জস্য থকা কার্যপন্থা গ্রহণ কৰিলে অসমীয়া নাৰী নিশ্চয়কৈ উপকৃত হব।  

পূ ৰ্ণা ন ন্দ নে ও গ

লেখক। অলিম্পিয়া নামৰ ক্ৰীড়া আলোচনীৰ বাৰ্তা সম্পাদক।

Previous চকীদাৰেৰে ভৰা এখন দেশ
Next কোৱা ফাঁকুৱা!