বিশ্ব ফটোগ্ৰাফী দিৱস আৰু চেলফিৰ বুৰঞ্জী


জিৰ বিশ্বত ফটোগ্ৰাফী সম্পৰ্কে প্ৰায়ভাগ মানুহৰে সামান্যতম হলেও জ্ঞান নথকা নহয়৷ মোবাইল কেমেৰাৰ আবিষ্কাৰ হোৱাৰ পিছৰে পৰা প্ৰতিগৰাকী মোবাইল ব্যৱহাৰকাৰীৰ কাৰণে ফটোগ্ৰাফ হৈ পৰিছে দৈনন্দিন জীৱনৰ একোটা অংশ৷ এখন চেলফীয়েই হওক বা যিকোনো বিষয়ৰ এখন ফটোগ্ৰাফেই হওক-ব্যক্তিজীৱনক সামৰি লৈছে ফটো বা আলোকচিত্ৰই৷
বিশ্বত প্ৰতি বছৰৰ ১৯ আগষ্টৰ দিনটোক পালন কৰা হয় বিশ্ব ফটোগ্ৰাফী দিৱস হিছাপে৷ সমগ্ৰ বিশ্বৰ শিল্প কলা, বিজ্ঞান সমাজনীতি ইত্যাদিক সামৰি সম্বলিত হোৱা ফটোগ্ৰাফীৰ বুৰঞ্জীক স্মৰণ কৰি পালন কৰা হয় এই দিৱস৷ আজিৰ এই দিনটোত সমগ্ৰ বিশ্বৰ ফটোগ্ৰাফীৰ প্ৰতি নিচা আৰু পেছাৰ লগত জড়িত ব্যক্তিসকলে নিজৰ নিজৰ ফটোগ্ৰাফ আৰু ফটোগ্ৰাফী সম্পৰ্কে বিভিন্ন কলাকৌশল বিভিন্ন মাধ্যমৰ মাজেৰে প্ৰকাশ কৰে৷ ঘাইকৈ অনুজসকলক এই বৃত্তিটোৰ সৈতে পৰিচয় কৰাই ভৱিষ্যতৰ ফটোগ্ৰাফীক পৃথিৱীখনলৈ আগবঢ়াই লৈ আহি আৰু এই বৃত্তিয়ে দিব পৰা অৱদানৰ বিষয়ে সম্যক ধাৰণা দিয়াই এই বিশেষ দিনটোৰ উদ্দেশ্য৷ এখন ফটোগ্ৰাফে আনি দিব পৰা বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া আৰু সমাজত ইয়াৰ দ্বাৰা পৰা প্ৰভাৱ সম্পৰ্কে সজাগতা প্ৰদান কৰাৰো এই দিৱসৰ আন এটা উদ্দেশ্য৷
বিশ্ব ফটোগ্ৰাফী দিৱসৰ ইতিহাসৰ আৰম্ভণি হৈছিল ১৮৩৯ চনৰ ১৯ আগষ্ট পৰা৷ ইতিহাস খুচৰি চালে জানিব পৰা যায় যে ফৰাচী ব্যক্তি লুইচ ডেগুৱেৰ আৰু যোচেফ নাইচফৰ নাইপচে নামৰ ব্যক্তি দুজনৰ প্ৰচেষ্টাৰ ফলত ১৮৩৭ চনৰ পৰা ডেগুৱেৰোটাইপ ফটোগ্ৰাফ পদ্ধতিৰ যথেষ্ট উন্নতি হৈছিল৷ সেই সময়ত দুয়োগৰাকী ব্যক্তিয়ে কেমেৰাৰ দ্বাৰা ফটো গ্ৰহণ কৰি এই ফটোক বিভিন্ন পদ্ধতিৰ সহায়ত উন্নীত কৰিবলৈ সক্ষম হৈছিল৷ এই পদ্ধতিক তেওঁলোকে নাম দিছিল ডেগুৱেৰোটাইপ পদ্ধতি৷ ১৮৩৯ চনৰ ৯ জানুৱাৰীত ফ্ৰান্সৰ বিজ্ঞান একাডেমিয়ে এই ডেগুৱেৰোটাইপ পদ্ধতিক স্বীকৃতি প্ৰদান কৰে আৰু সেই বছৰৰে ১৯ আগষ্টত ফ্ৰান্স চৰকাৰে এই পেটেণ্টক গ্ৰহণ কৰি সকলোৰে বাবে মুকলি কৰি দিয়ে৷
ইয়াৰ পিছত ফটোগ্ৰাফী দুনিয়াখন বিভিন্ন সমস্যা আৰু উন্নয়নৰ মাজেৰে আহি আহি সমগ্ৰ বিশ্বত ২০১০ চনৰ ১৯ আগষ্ট পৰা পালিত হ’বলৈ আৰম্ভ কৰে এই দিৱস৷

১৮৩৯ চনৰ ৯ জানুৱাৰীত ফ্ৰান্সৰ বিজ্ঞান একাডেমিয়ে এই ডেগুৱেৰোটাইপ পদ্ধতিক স্বীকৃতি প্ৰদান কৰে আৰু সেই বছৰৰে ১৯ আগষ্টত ফ্ৰান্স চৰকাৰে এই পেটেণ্টক গ্ৰহণ কৰি সকলোৰে বাবে মুকলি কৰি দিয়ে৷

               বিশ্বৰ প্ৰথমখন চেলফি

বিশ্বৰ প্ৰথমখন চেলফি: “চেলফি’’ শব্দটোৰ ইতিহাস বৰ বেছি দীঘলীয়া নহয়৷ আজিৰ সময়ৰ কাৰণে এই শিল্প কলা সমৃদ্ধ চেলফি শব্দটো ইতিমধ্যে অক্সফৰ্ড অভিধানৰ অনলাইন সংস্কৰণতো উপলব্ধ হৈছে৷ সম্প্ৰতি সমগ্ৰ বিশ্ববাসীৰ মাজত জনপ্ৰিয় হৈ উঠা এই শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল অষ্ট্ৰেলিয়াৰ এগৰাকী সুৰাসক্ত যুবকে৷ তাৰ পৰৱৰ্তী সময়ৰ পৰা এই শব্দটোৰ ব্যাপক প্ৰচলন হবলৈ ধৰে আৰু ২০১৩ চনত অক্সফৰ্ড অভিধানেও এই শব্দটোক স্বীকৃতি প্ৰদান কৰে৷
নিজৰ কেমেৰাৰ সহায়ত নিজৰ আলোকচিত্ৰ তোলা প্ৰথমগৰাকী ব্যক্তি আছিল আমেৰিকাৰ ফিলাডেলফিয়াৰ ৰবাৰ্ট কৰৰ্নিলিয়াচ৷ ১৮৩৯ চনত তেওঁ বৰ বিশেষ একো নজনাকৈ নিজৰ কেমেৰাটো এঠাইত স্থাপন কৰি কেমেৰাৰ সন্মুখলৈ দৌৰি আহিছিল আৰু ইতিহাস সৃষ্টি কৰি প্ৰথমখন চেলফী তুলি পেলাইছিল৷ পিছত তেওঁ ফটোখনৰ তলত লিখিছিল- দ্যা ফাৰ্ষ্ট লাইট পিকচাৰ এভাৰ টেকেন ইন ১৮৩৯৷

বিভিন্ন সামাজিক মাধ্যমে দৈনন্দিন জীৱনক সামৰি লোৱা এই সময়ত ‘চেলফি’ ৰ সীমাহীন গ্ৰহণযোগ্যতাক আমি নুই কৰিব নোৱাৰো৷ এই চেলফিৰ মাদকতাৰ পৰা বাদ পৰি যোৱা নাই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও৷ নিজৰ ফটোগ্ৰাফৰ প্ৰতি দুৰ্বলতা প্ৰতিগৰাকী ব্যক্তিৰে আছে৷ এখন ফটোগ্ৰাফ কিম্বা এখন ‘চেলফি’য়ে যদি আমাৰ মনক আনি দিব পাৰে প্ৰশান্তি আৰু সীমাহীন মাদকতা তেন্তে ইয়াৰ গ্ৰহণযোগ্যতাক স্বীকাৰ কৰিবই লাগিব৷ শেষত সকলোকে বিশ্ব ফটোগ্ৰাফী দিৱসৰ শুভেচ্ছাৰে৷

Previous তাঁতশাল: এক বিপ্লৱৰ সূচনা হওক৷
Next লকডাউনৰ প্ৰভাৱত মহানগৰীৰ ৰাজপথ পদপথ উপপথত মহিলাৰ আধিপত্য