জি বিশ্ব জল দিৱস।  ৰাষ্ট্ৰসংঘৰ উদ্যোগত বহনক্ষম জল ব্যৱহাৰৰ প্ৰতি সজাগতা আনিবলৈ আৰু জল সম্পৰ্কীয় সমস্যাবোৰৰ সমাধানৰ বাবে এক সংহত প্ৰচেষ্টাৰ বাবে প্ৰতি বছৰৰ ২২ মাৰ্চত পালন কৰা এই দিৱসৰ এইবাৰৰ মূল বিষয় হ’ল – ‘সকলোৰে বাবে পানী; কাকো বাদ নিদিওঁ আমি’।

এইখিনিতে মন কৰিবলগীয়া যে, বিশ্বৰ মুঠ ১৬ % জনসংখ্যাৰ দেশ ভাৰতত বিশ্বৰ অলৱণীয় জলৰ মাত্ৰ ৪%হে পোৱা যায় আৰু ইয়াৰে ৭০%ই প্ৰদূষিত বা বিভিন্ন ধৰণেৰে দূষিত। ভাৰতৰ পানীৰ সুলভতা-দূলৰ্ভতা সম্পৰ্কীয় কেইটামান তথ্য থোৰতে তলত দিয়া হ’ল –

বিশ্ব জল দিৱসৰ এইবাৰৰ মূল বিষয় হ’ল – ‘সকলোৰে বাবে পানী; কাকো বাদ নিদিওঁ আমি’। 
  • ভাৰতৰ ৬০ কোটি জনতাই অতি বেছিৰ পৰা চূড়ান্ত পৰ্য্যায়ৰ পানীৰ সমস্যাত ভুগি আছে
  • নীতি আয়োগৰ তথ্যানুসৰি দেশৰ প্ৰায় ২ লাখ লোক প্ৰতি বছৰে পানীৰ নিৰাপদ পানীৰ অভাৱত মৃত্যু বৰণ কৰে।
  • দেশৰ মুঠ ৰোগৰ ২১%ই জলজনিত।
  • ২০১৫ ত দেশৰ মুঠ ৩,২৯০০০ পাঁচ বছৰৰ তলৰ শিশু ডায়েৰীয়াৰ বাবে মৃত্যুৰ মুখত পৰে, যাৰ কাৰণ পানী।
  • দেশৰ ৭০% পানী নানাধৰণেৰে দূষিত
  • পানীৰ গুণাগুণৰ সূচকাংকৰ পিনৰ পৰা ১২২ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১২০।
  • দেশৰ ১০ কোটিতকৈও অধিক লোকে অতিমাত্ৰা ফ্লৰাইডযুক্ত পানী গ্ৰহণ কৰে।
  • সমগ্ৰ দেশতে, পানী অনা আৰু কঢ়িওৱা কামত মহিলাসকলে ব্যয় কৰে ১৫০ মিলিয়ন কৰ্ম দিন, যাৰ অৰ্থমূল্য ভাৰতীয় হিচাপত প্ৰতি বছৰে দহ বিলিয়ন টকা, অৰ্থাৎ কেৱল পানী কঢ়িওৱা কামৰ বাবে ইমান পৰিমাণৰ লোকচান ৰাষ্ট্ৰই বহন কৰিব লগা হয়। 
  • ২০১৮ চনৰ এক তথ্য অনুসৰি অসমৰ মুঠ ২৪ জিলাৰ ভূতল জল আৰ্চেনিক সংক্ৰমিত হোৱাৰ বিপৰীতে ১৩ খন জিলাৰ পানী ফ্ল’ৰাইড সংক্ৰমিত।
  • অসমৰ প্ৰায় ৩.৫ লাখ লোক ফ্লৰাইড যুক্ত পানীসেৱনৰ পৰা হ’ব পৰা বেমাৰৰ বিপদাক্ৰান্ত। 
কেৱল পানী সংগ্ৰহ আৰু কঢ়িওৱা কামৰ ভাৰতৰ মহিলাসকলে ব্যয় কৰিবলগা সময়ৰ অৰ্থমূল্য প্ৰতি বছৰে দহ বিলিয়ন টকা 

 

আশংকা কৰা অনুযায়ী, আগন্তুক ২০৩০ চনৰ ভিতৰত সমগ্ৰ দেশতে জলজনিত সমস্যা তথা পানীৰ চাহিদা আৰু সুলভতাৰ মাজৰ পাৰ্থক্য আৰু অধিক বৃদ্ধি পাব। অন্যহাতে পানীৰ অভাৱ বা সমস্যাই মহিলা আৰু শিশুৰ স্বাস্থ্যৰ লগতে বিশেষভাৱে কন্যাসন্তানৰ শিক্ষাৰ ক্ষেত্ৰখনতো অনেক প্ৰভাৱ বিস্তাৰ কৰে। পানী কঢ়িৱাবৰ বাবে কন্যা সন্তানক বিদ্যালয়লৈ যাবলৈ নিদিয়াটো ভাৰতৰ অনেক ঠাইতে এতিয়াও এক সাধাৰণ ঘটনা। অন্যহাতে দ্ৰুত গতিত কৃষিৰ চাহিদা পূৰাবৰ বাবে অনিয়ন্ত্ৰিত পৰিমানত ভূতল জলৰ আহৰনে অসমৰ দৰে ঠাইতো ভূতল জলৰ পৰিমাণ ক্ৰমে হ্ৰাস কৰি আনিছে বুলি তথ্যত প্ৰকাশ। এনে পৰিপ্ৰেক্ষিততে সমগ্ৰ দেশতে পানীৰ বহনক্ষম ব্যৱহাৰ, জলসংৰ‌ক্ষণ, জল প্ৰদূষণ নিয়ন্ত্ৰণ, নিৰাপদ পেয় জলৰ ব্যৱস্থা আদি সম্পৰ্কে কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰাটো অতীৱ প্ৰয়োজনীয় হৈ উঠিছে।

বিৰিয়াৰ সাঁউৰি
Previous কোৱা ফাঁকুৱা!   
Next ভুল হ'লেও যেন এপাহ ফুল!