ভাৰতবৰ্ষৰ ভিতৰত অসমেই এখন এনেকুৱা ৰাজ্য য’ত নাৰীক নাৰী হিচাপে সম্মান প্ৰদৰ্শন কৰা হয়। যিখন অসমত বিয়া পাতোতে কইনাক আ-অলংকাৰৰ পৰা পেটিকোটৰ ফিটাডালো দৰাই যোগান ধৰি স-সন্মানে সমাজক সাক্ষী কৰি হোমৰ পৱিত্ৰ জুইৰ কাষত বহি বেদ বাক্য উচ্চাৰণ কৰি বিয়া পাতি অনা হয়, তেনে এখন ৰাজ্যত আজি দাখিল কৰা অৰুন্ধতী নামৰ আঁ‌চনি খনে নাৰীক চৰম অপমানিত কৰা দেখা গৈছে।

যি সময়ত নাৰী পূৰুষৰ সমানেই প্ৰতিটো দিশত আগবাঢ়ি গৈছে, কিছু ক্ষেত্ৰত পুৰুষতকৈও আহবঢ়া তেনে সমাজত নাৰীক কেৱল বিয়াত সামগ্ৰি হিচাপে ব্যৱহাৰ কৰা যেন অনুমান হৈছে। এনেধৰণৰ আঁ‌চনিয়ে নাৰী এতিয়াও অবলা বুলি বিবেচিত কৰিছে। যি সময়ত অভিভাৱকে নাৰীৰ উচ্চ শিক্ষাৰ কথা চিন্তা কৰিছে তেনে সয়ত নাৰীক বিয়া দি দায়িত্ব সম্পন্ন কৰিবলৈ উচটনি দিয়া দেখা গৈছে। এতোলা সোণেৰে বিয়া সম্পন্ন নহয়। বিয়া কোনো চৰকাৰৰ পঞ্চবাৰ্ষীক পৰিকল্পনা বা আঁ‌চনি নহয়, যে এতোলা সোণ উপহাৰ দিয়ে সমাজ সংস্কাৰ কৰিব। বিবাহ সামাজিক বান্ধোন, আমাৰ পৰম্পৰা। এই আঁ‌চনিৰ দ্বাৰা আওঁ‌পকীয়াকৈ পুৰুষ সকলোকো অপমান কৰা হৈছে। যুৱক সকল এতোলা সোণ বা যৌতিকৰ আশাত বিয়া কৰাবলৈ উঠিপৰি লাগিব বুলি চৰকাৰে ভাৱিছে। যৌতুক বিৰোধী আইন থকাৰ সয়ত চৰকাৰে বাজেতত এই ধৰণৰ অশুভ আঁ‌চনিৰে যৌতুক প্ৰথাক উচটনি দিয়া যেন অনুমান হৈছে। বিয়াও যে নিৰ্বাচনৰ আওটালৈ আহিব সেয়া চিন্তাৰ অগোচৰ। কিন্ত আজি সেয়াও কৰি দেখুৱালে চৰকাৰে। যুগ্ম জীৱনত ব্যস্ত ৰাখি নিজৰ গণতান্ত্ৰিক বিষয় বস্তুৰ পৰা যুৱ প্ৰজন্মক আঁ‌তৰাই ৰখাৰ এক নতুক কৌশল এয়া। আশা কৰোঁ এনেবোৰ আঁ‌চনিৰ পৰিৱৰ্তে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক। স্বাৱলম্বী হ’লে বিয়া এনেও পাতিব হৰ্ষমনে। 

ৰথীন্দ্ৰ কুমাৰ নাথ

যুৱ লেখক

Previous বাজেট নহয় নিৰ্বাচনী ভাষণ হিমন্তৰ, ভোট কিনাৰ টোপ, যৌতুক প্ৰথাক চৰকাৰীকৰণ
Next লিটল ন'লেজ ইজ এ দেঞ্জাৰাচ থিং!

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে