শোৱন্ত সিনহা এটি পৰিচিত নাম। বাজপেয়ী চৰকাৰৰ এজন দায়িত্বশীল বিত্ত মন্ত্ৰী হিচাপে ৫ বছৰ কাৰ্য্যনিৰ্বাহ কৰা আৰু দুবছৰ বিদেশ মন্ত্ৰী হিচাপে দক্ষতাৰে কাম কৰা এসময়ৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াজনে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন অগণতান্ত্ৰিক নেতা বুলি যুক্তিসহকাৰে বিশ্লেষণ আগবঢ়াইছে। গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত আজি অনুষ্ঠিত নাগৰিক সমাজৰ এক বক্তৃতানুষ্ঠানত যশোৱন্ত সিনহাৰ আহ্বান- ৫৬ ইঞ্চিৰ বুকু থাকিলেই মানুহ দেশৰ প্ৰধান মন্ত্ৰী হ’ব নোৱাৰে। ৫৬ ইঞ্চিৰ বুকুৰ বহু পালোৱান দেশত আছে। সেইবোৰ প্ৰধান মন্ত্ৰীৰ যোগ্য নেকি?

দেশৰ সাংবিধানিক আৰু গণতান্ত্ৰিক ব্যৱস্থা নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দুই-তিনিজন ঘনিষ্ঠই ধূলিস্যাৎ কৰি দিয়া বুলি কৈ কয় যে প্ৰধানমন্ত্ৰী কাৰ্য্যালয়টোৱে এতিয়া দেশৰ সকলো কাম-কাজ নিয়ন্ত্ৰণ কৰে। কেবিনেট মন্ত্ৰীসকলৰ কোনো গুৰুত্ব নাই বুলি উল্লেখ কৰি তেওঁ কয়, গৃহমন্ত্ৰী হিচাপে বাজপেয়ী চৰকাৰৰ সময়ত লালকৃষ্ণ আদৱানিৰ স্থান দ্বিতীয় আছিল। বৰ্তমানৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰো মৰ্য্যাদা হিচাপে দ্বিতীয় যদিও গৃহ বিভাগৰ সিদ্ধান্তৰ কথা তেখেতে গমেই নাপায়। জম্মু-কাশ্মীৰৰ বিজেপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰি ৰাজ্যপালৰ শাসন জাৰি কৰাৰ কথা ৰাজনাথ সিঙে গম পাইছিল টেলিভিছনৰ বাতৰিৰ পৰা। বিমুদ্ৰাকৰণৰ খবৰ বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে পাইছিল সাংবাদিকৰ পৰা।

৫৬ ইঞ্চিৰ বুকু থাকিলেই মানুহ দেশৰ প্ৰধান মন্ত্ৰী হ’ব নোৱাৰে। ৫৬ ইঞ্চিৰ বুকুৰ বহু পালোৱান দেশত আছে। সেইবোৰ প্ৰধান মন্ত্ৰীৰ যোগ্য নেকি?[
প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰে ফ্ৰান্সত কৰা ৰাফেল চুক্তিৰ সংশোধনৰ কথা গম পাইছিল সংবাদ মাধ্যমৰ যোগেদি। যশোৱন্ত সিনহাৰ প্ৰশ্নঃ প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণলৈ যাওতে বিদেশ মন্ত্ৰী সুষমা স্বৰাজক আস্থাত নলয় কিয়? দেশৰ নিৰাপত্তা কেবিনেট গঠন হয় ৫জন মন্ত্ৰীক লৈ। প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিদেশ মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীক লৈ।কিন্তু ভাৰতত এতিয়া প্ৰধানমন্ত্ৰীজনেই বাকীকেইজন মন্ত্ৰীক গুৰুত্বই নিদিয়ে। আনটো বাদেই, দেশৰ সংসদীয় ব্যৱস্থাকো সম্পূৰ্ণৰূপে উপেক্ষা কৰিছে নৰেন্দ্ৰ মোদীয়ে। সিনহাৰ অভিযোগ-সংসদত বুজা-বুজি বিষয়টোক গুৰুত্ব নিদি একনায়কত্ববাদ খটুৱালে মোদীয়ে। সংসদৰ মজিয়াত কপাল লগাই আৱেগ সৃষ্টি কৰা মোদীয়ে কোনোদিনে বিৰোধী পক্ষৰ লগত কোনো বিষয় আলোচনা নকৰিলে। সিনহাৰ আহ্বান- বিজেপিক উৎখাত কৰি গণতন্ত্ৰক সুৰক্ষিত কৰক

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত বিদেশী সংশোধনী বিধেয়ক জাপি দি চৰকাৰে এক অসংসদীয় আৰু বে-আইনী কাম কৰিব খুজিছে। ৰাজ্যসভাত এই বিধয়েকখন উত্থাপন কৰাৰ সাহস বিজেপিয়ে নকৰে বুলি তেওঁ প্ৰকাশ কৰি কয় যে, বিধেয়কখন উত্থাপন কৰিলেও বিৰোধী পক্ষই ইয়াক প্ৰতিহত কৰিব পাৰিব। কিন্তু চৰকাৰৰ যি অপচেষ্টা তাৰ বিৰুদ্ধে ৰাইজ একত্ৰিত হৈ থাকিব লাগিব আৰু অগণতান্ত্ৰিক এই নেতাজনক ভাৰতীয় গণতান্ত্ৰিক পৰম্পৰা কি সেই কথা বুজাই দিব লাগিব। তেওঁ কয়, বৰ্তমানৰ চৰকাৰখনে তথ্য বিকৃত কৰি দেশৰ বিভিন্ন আঁচনিৰ কথা ৰাইজক অৱগত কৰে। বিকাশৰ হাৰ ৭.৭ বুলি কৌশলৰে হেৰ-ফেৰ কৰি ভুৱা তথ্যৰ দ্বাৰা অপ-প্ৰচাৰ চলোৱা বুলি উল্লেখ কৰে। তেওঁ কয়, তথ্য বিকৃত কৰাৰ কথা কোনো বিবেকৱান লোকে চিন্তাও কৰিব নোৱাৰে। এওঁলোকে ইমানেই তথ্য বিভ্ৰাট কৰিবলৈ বিষয়ৰ ওপৰত হেঁচা প্ৰদান কৰে যে, ভাৰতীয় ৰিজাৰ্ভ বেংক, চিবিআই, ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগ তথা এনএছএছঅ’ৰ বিষয়াই কৰ্মক্ষেত্ৰ ত্যাগ কৰিবলৈ বাধ্য হৈছে।

সংসদত বুজা-বুজি বিষয়টোক গুৰুত্ব নিদি একনায়কত্ববাদ খটুৱালে মোদীয়ে। সংসদৰ মজিয়াত কপাল লগাই আৱেগ সৃষ্টি কৰা মোদীয়ে কোনোদিনে বিৰোধী পক্ষৰ লগত কোনো বিষয় আলোচনা নকৰিলে। সিনহাৰ আহ্বান- বিজেপিক উৎখাত কৰি গণতন্ত্ৰক সুৰক্ষিত কৰক

প্ৰসংগক্ৰমে, এসময়ৰ বিজেপিৰ জ্যেষ্ঠ নেতাজনে এইবুলি উল্লেখ কৰে যে কেৱল ক্ষমতাৰ বাবেই এওঁলোকে দেশৰ সাংবিধানিক প্ৰতিষ্ঠানবিলাকক ধ্বংস কৰি পেলাইছে। বৰ্তমানৰ বিজেপি দেশৰ গণতন্ত্ৰৰ বাবে এক ভাবুকি বুলিও তেওঁ তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায়। এতিয়া কথা হ’ল, যশোৱন্ত সিনহা উলা-মূলা মানুহ নহয়। তেওঁ ২০১৭ চনত বিজেপিৰ পৰা পদত্যাগ কৰাৰ পূৰ্বে এই দলটোক ক্ষমতালৈ আনিবৰ বাবে নানা প্ৰকাৰে চেষ্টা কৰিছিল আৰু ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত তেওঁ নিৰ্বাচনী ইস্তাহাৰ সমিতিৰ অন্যতম সদস্য তথা দিগদৰ্শক আছিল। যশোৱন্ত সিনহা, অৰুণ শ্বোৰীৰ দৰে নেতাই বিজেপিৰ আভ্যন্তৰত চলি থকা অগণতান্ত্ৰিক ব্যৱস্থাক প্ৰত্যাহ্বান জনাই দল ত্যাগ কৰাৰ লগতে সম্প্ৰতি বিজেপিক ভোট নিদিবৰ বাবে দেশজুৰি এক জনমত গঠন কৰিছে। যশোৱন্ত সিনহাৰ দৰে সাহসী নেতাৰ এই পদক্ষেপ নিশ্চয় চিন্তনীয় আৰু সময় থাকোতেই অসমৰ ৰাইজে যশোৱন্ত সিনহাৰ আহ্বান বিবেচনালৈ আনিব লাগে। 

বে দ ব্ৰ ত ব ৰা

জ্যেষ্ঠ সাংবাদিক, ৰাজনৈতিক বিশ্লেষক আৰু 'বিৰিয়া'ৰ স্তম্ভ লেখক।

Previous মাজুলীৰ বিষাদ : মুখ্য মন্ত্ৰী সোণোৱালৰ সমষ্টিত সৰ্বসাধাৰণৰ দুৰ্দশা
Next অসম বন্ধই আমুৱাইছে!